‘মানুহৰ ভাৱ প্রকাশৰ অন্যতম মাধ্যম বর্ণ৷ ই এক শক্তিশালী মাধ্যম৷ ইয়াৰ যোগেদি পোৱা সাহিত্যই আমাক ৰস, জ্ঞান, বিচাৰ দিয়ে৷ আমাৰ সমাজ জীৱনত সাহিত্য অপৰিহার্য অংগ৷ আমি উপন্যাস, প্রবন্ধ, গল্প আদি সকলো পাওঁ৷ কিন্তু শিশুসকলক লৈ ৰচনা কৰা সাহিত্য কমকৈহে পাওঁ৷ শিশু সাহিত্য ৰচনা কৰাটো টান বিষয়৷ আজি যিগৰাকী সাহিত্যিকক শিশু সাহিত্যৰ বঁটা প্রদান কৰিছে সেইগৰাকীয়ে কেইবা দশকজুৰি শিশু সাহিত্য ৰচনাত সাধনা কৰি আহিছে৷ সঁচা অর্থত এগৰাকী প্রকৃত সাহিত্যিকক এই বঁটাৰ বাবে নির্বাচন কৰিছে৷’ যোৰহাটৰ বর্ণমালা প্রকাশনে প্রথমবাৰৰ বাবে আগবঢ়োৱা ভাবিৰাম হাজৰিকা সোঁৱৰণী শিশু সাহিত্য বঁটা আজি শিশু সাহিত্যিক, জ্যেষ্ঠ অধিবক্তা প্রসেনজিৎ কুমাৰ গোস্বামীক প্রদান কৰি শ্রীশ্রী আউনীআটী সত্রৰ অধিকাৰ ড0 পীতাম্বৰ দেৱগোস্বামীয়ে এইদৰে কয়৷ ভাষণত সত্রাধিকাৰগৰাকীয়ে কয় যে মানুহে জীৱনত প্রকৃত দাযিত্ব পালন কৰিলে জীৱনটো সার্থক হয় বুলি ভাবোঁ৷ উপকাৰ সাধন কৰাটোৱেই মানুহৰ জীৱনৰ প্রধান কর্তব্য আৰু দায়িত্ব৷ শিশু সাহিত্যৰ জৰিয়তে গোস্বামীয়ে যি কাম কৰিছে সেয়াও শিশুসকলৰ বাবে পৰোপকাৰ কৰিছে৷ আধ্যাত্মিক দৈন্যতাৰ সম্পর্কত সত্রাধিকাৰগৰাকীয়ে কয় যে আমাৰ বিজ্ঞান-প্রযুক্তিবিদ্যাৰ অভাৱ নাই যদিও আধ্যাত্মিক দৈন্যতাৰ অভাৱ হৈছে৷ ইয়াৰ অভাৱৰ ফলতেই বিভীষিকাময় পৰিৱেশ সমাজৰ পৰা শেষ কৰিব পৰা নাই৷ আধ্যাত্মিকতাৰ যোগেদিহে আমাৰ সমাজখন সুন্দৰ কৰিব পাৰিম৷ সত্রাধিকাৰগৰাকীয়ে ইয়াকো কয় যে অকল ধর্মীয় গ্রন্থতে নহয়, সাহিত্যৰ মাজতো আধ্যাত্মিক চেতনাযুক্ত সাহিত্য সৃষ্টি কৰিব পাৰি৷ লেখক যোগেন দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত 70 দশকতে সাংবাদিকতাৰ মাধ্যমেৰে ‘সাপ্তাহিক জনমভূমি’ৰ মইনামেল, ‘দৈনিক জনমভূমি’ৰ ভাইটি ভনীটিৰ চ’ৰা পৰিচালনা কৰা শিশু সাহিত্যিক প্রসেনজিৎ কুমাৰ গোস্বামীক ভাবিৰাম হাজৰিকা সোঁৱৰণী শিশু সাহিত্য বঁটা প্রদান কৰা হয়৷ বঁটাত আছে মানপত্র, গামোচা, চেলেং, কিতাপৰ টোপোলা, স্মাৰক আৰু নগদ 10 হাজাৰ টকা৷ বঁটা গ্রহণ কৰি গোস্বামীয়ে কয় যে এই বঁটাটোৱে মোক অধিক কাম কৰিবলৈ অনুপ্রেৰণা দিলে৷ কর্মযোগী কনক চন্দ্র শর্মাৰ সান্নিধ্যৰ কথা সদৰী কৰি কয় ঃ তেখেতে মোৰ বহু লেখা প্রকাশ কৰি অনুপ্রাণিত কৰিছিল৷ মইনামেলৰ বিভিন্ন শিতান সম্পাদনাৰো সুযোগ পাইছিলোঁ৷ ই মোক যথেষ্ট উৎসাহিত কৰিছিল৷ বর্ণমালা প্রকাশনৰ প্রকাশন উপদেষ্টা ভৱেন হাজৰিকাই আঁত ধৰা সভাত পাঁচখন গ্রন্থ উন্মোচন কৰে৷ অনুবাদিকা লোকেশ্বৰী দেৱীৰ ‘ঋকবেদ সংহিতা (নৱম আৰু দশম মণ্ডল)’ উন্মোচন কৰে টীয়ক চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 বিজয়কৃষ্ণ পাচনীয়ে৷ নয়নজ্যোতি ভূঞাৰ প্রবন্ধ সংকলন ‘সাহিত্যৰ মৌ বিচাৰি’ চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শর্মাই, অজিত দত্তৰ ‘গজলীয়া বৰষুণ জাকৰ পাছত’ সত্রাধিকাৰ ড0 পীতাম্বৰ দেৱগোস্বামীয়ে, ৰেণু বৰা দত্তৰ উপন্যাস ‘ৰ’দ মুকুতা’ যোৰহাট বিজ্ঞান প্রযুক্তি বিদ্যা প্রতিষ্ঠানৰ মুৰববী অধ্যাপক ড0 বিকাশ কুমাৰ বৰাই আৰু অজিত দত্তৰ কাব্য সংকলন ‘বৰশী’ উন্মোচন কৰে আবৃত্তিকাৰ যোগানন্দ বৰাই৷ যোৰহাট প্রেছ ক্লাবত অনুষ্ঠিত সভাখনত জুমন বৰাৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হয়৷ অজিত দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্রকাশিকা প্রতিভা বৰাই সহযোগিতা আগবঢ়ায়৷[উৎস ::দৈনিক জনমভূমি ]
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment