পাঁচ মাহতে পাভলুটি ::বিজেপিৰ দুমুখীয়া নীতিয়ে উলংঘা কৰিছে অসম চুক্তিক


জাতি, মাটি আৰু ভেটিৰ কথা বিজেপি-নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰিবলৈ কেন্দ্রই গ্রহণ কৰা তৎপৰতাক সমর্থন জনাই অসমৰ ৰাইজক চৰমভাৱে প্রতাৰণা কৰিছে৷ নির্বাচনৰ পূর্বে অসমক লৈ গেৰুৱা দল বিজেপিয়ে প্রকাশ কৰা ভিজন ডকুমেণ্টত অসম চুক্তি ৰূপায়ণ কৰিব বুলি অসমৰ ৰাইজক প্রতিশ্রুতি দিছিল৷ ইয়াৰ লগতে অসম চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি ৰাজ্যখনৰ খিলঞ্জীয়া লোকক সাংবিধানিক, বিধায়িনী, সামাজিক আৰু সাংস্ৃকতিকভাৱে সুৰক্ষা প্রদান কৰিব বুলি ভিজন ডকুমেণ্টত উল্লেখ কৰিছিল বিজেপিয়ে৷ জাতি, মাটি আৰু ভেটিৰ সুৰক্ষা দিয়াৰ প্রতিশ্রুতি দি অসমৰ ৰাইজৰ আকুণ্ঠ সহানুভূতি আদায় কৰি চৰকাৰ গঠন কৰাৰ পাঁচ মাহৰ ভিতৰতে পূর্বৰ প্রতিশ্রুতিক পিঠি দি ৰাজ্যবাসীক চৰমভাৱে প্রতাৰণা কৰিছে বিজেপি দল-চৰকাৰে৷ কেন্দ্রৰ বিজেপি-নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব আইন সংশোধনেৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰিবলৈ যি তৎপৰতা আৰম্ভ কৰিছে, ইয়ে প্রকৃততে অসম চুক্তিক সম্পূর্ণৰূপে উলংঘা কৰিছে৷ অসম চুক্তি অনুসৰি 1971 চনৰ 24 মার্চৰ পাছত অসমলৈ অহা সকলো মুছলমান, হিন্দুয়েই বিদেশী৷ অসম চুক্তি অনুসৰি 1971 চনৰ 24 মার্চৰ পাছত অসমলৈ অহা সকলো বিদেশী বিতাড়িত হ’ব লাগে৷ কিন্তু বিদেশীক বিতাড়িত কৰাৰ পৰিৱর্তে এতিয়া বিজেপিয়ে বিদেশীক অসমত সংস্থাপিত কৰিবলৈহে অধিক তৎপৰ হৈ পৰিছে৷ অসম চুক্তি ৰূপায়ণ কৰাৰ কথা কৈ এতিয়া অসম চুক্তিক অংগুষ্ঠ প্রদর্শন কৰি 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ অধিক তৎপৰ হৈ পৰিছে গেৰুৱা দলটোৰ নেতৃত্বত থকা চৰকাৰ৷ নির্বাচনৰ পূর্বে অসম চুক্তি ৰূপায়ণ, ৰাজ্যৰ খিলঞ্জীয়া লোকক সাংবিধানিক, বিধায়িনী, সামাজিক, সাংস্ৃকতিকভাৱে সুৰক্ষা প্রদান কৰা, অসমক বিদেশীমুক্ত কৰাৰ প্রতিশ্রুতি দি বিশেষভাৱে ভিজন ডকুমেণ্ট প্রকাশ কৰা গেৰুৱা দলটোৱে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰিবলৈ লোৱা তৎপৰতাই গেৰুৱা দলটোৰ দুমুখীয়া স্থিতিক স্পষ্ট কৰি তুলিছে৷ খোদ বিজেপিৰ একাংশ মন্ত্রী, বিধায়ক, নেতাই এতিয়া হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ পক্ষত মন্তব্য কৰিছে৷ মন কৰিব লগীয়া যে নির্বাচনৰ পূর্বে বিজেপিয়ে প্রকাশ কৰা ভিজন ডকুমেণ্টৰ প্রতিটো দফা কার্যকৰী কৰিব বুলি বিজেপি-নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মন্ত্রীসকলে বিভিন্ন সময়ত ৰাজহুৱাভাৱে মন্তব্য কৰি অহাৰ লগতে সোণোৱাল চৰকাৰৰ প্রথমখন বাজেটত বিত্তমন্ত্রী ড0 হিমন্ত বিশ্ব শর্মাই ভিজন ডকুমেণ্টৰ সকলো বিষয় কার্যকৰী কৰা হ’ব বুলি প্রকাশ কৰিছে৷ যদি ভিজন ডকুমেণ্টৰ সকলো বিষয় কার্যকৰী কৰে তেনেহ’লে সেইখন ভিজন ডকুমেণ্টতে সন্নিৱিষ্ট থকা অসম চুক্তি ৰূপায়ণ কৰা, ৰাজ্যৰ খিলঞ্জীয়া লোকক সাংবিধানিক সুৰক্ষা দিয়াৰ প্রতিশ্রুতিক ৰক্ষা কৰাৰ পৰিৱর্তে গেৰুৱা দলটোৱে কিয় অসম চুক্তিত উলংঘা কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰিবলৈ অধিক উদ৲গ্রীৱ হৈ পৰিছে৷ কৰাৰ লগতে অসমৰ ৰাইজক চূড়ান্তভাৱে প্রতাৰণা কৰিছে সেয়া অধিক স্পষ্ট হৈ পৰিছে৷[উৎস :: দৈনিক জনমভূমি  ]

Share on Google Plus

About Unknown

0 comments:

Post a Comment