পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা ভাৰতৰ ৰাফেল যুঁজাৰু বিমানক লৈ উদ্বিগ্ন চীন



ভাৰতে ফ্রান্সৰ পৰা ভাৰতে ক্রয় কৰা ৰাফেল যুঁজাৰু বিমানক লৈ উদ্বিগ্নতা প্রকাশ কৰিছে চীনে। বিশ্বস্ত সহযোগী পাকিস্তানৰ ভূমিত ভাৰতীয় সেনাই মােক্ষম আঘাত হনাক লৈ চীনে আনুষ্ঠানিকভাৱে এতিয়াও কোনো প্রতিক্রিয়া ব্যক্ত কৰা নাই যদিও পাৰমাণবিক অস্ত্ৰ কঢ়িয়াব পৰা ৰাফেল যুঁজাৰু বিমান ভাৰতে ক্রয় কৰাক লৈ দেশখনে অসন্তুষ্টি ব্যক্ত কৰিছে। চিৰবৈৰী চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ লগতে চীনৰ সৈতে বিবদমান অঞ্চলত ভাৰতে এই যুঁজাৰু বিমান মোতায়েন কৰিব পাৰে বুলি উদ্বিগ্নতাও প্রকাশ কৰিছে চীনৰ সংবাদ মাধ্যমে। যোৱা বুধবাৰৰ মাজনিশাৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈকে পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই ছাৰ্জিকেল ষ্ট্রইক কৰাৰ পাছত দেশৰ পাকিস্তান সীমাস্তৱতী ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতিক লৈ আজি কেন্দ্রীয় য় উচ্চস্তৰীয় বৈঠকত মিলিত হৈ সীমান্তৱৰ্তী ৰাজ্যসমূহত কেন্দ্রীয় নিৰাপত্তা বাহিনীক হাই এলার্ট হৈ থাকিবলৈ নির্দেশ দিছে।ইপিনে চীনৰ চৰকাৰী পত্রিকা গ্ল’বেল টাইমছত প্রকাশিত এক নিবন্ধত ভাৰতে ৰাফেল যুঁজাৰু বিমান ক্রয় কৰি পাকিস্তান আৰু চীনক উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিয়া বুলি উল্লেখ কৰি পাক অধিকৃত কাশ্মীৰাখন নতুন দিল্লীয়ে ভাৰতৰ অভিন্ন অংগ বুলি দাবী কৰা বিষয়টােক লৈ অসন্তুষ্টি ব্যক্ত কৰে।চীনৰ সৈতে লগ লাগি থকা পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতে নিজৰ বুলি দাবী কৰি থকাৰ সমান্তৰালকৈ পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা ৰাফেল বিমান ক্রয় কৰি ভাৰতে চীন আৰু পাকিস্তানৰ বিবদমান ভূমিত সেয়া স্থাপন কৰিব বুলি শংকা ব্যক্ত কৰিছে। উল্লেখ্য যে নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছতে ২০১৪ চনৰ পৰা এতিয়ালৈকে ১০০ বিলিয়ন মার্কিন ডলাৰ ব্যয়েৰে সামৰিক শক্তি বৃদ্ধি কৰিছে। ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্রতিষ্ঠানৰ (এছ আই পি আৰ আই) মতে ভাৰত হৈছে বিশ্বৰ সৰ্বাধিক অস্ত্ৰ আমদানিকাৰী দেশ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment