পাকিস্তানী শিল্পী, কলা-কুশলী ভাৰতীয় চলচ্চিত্ৰত নিষিদ্ধ কৰিলে ইম্পাই


কাশ্মীৰত ছাৰ্জিকেল ষ্ট্রাইকেৰে সন্ত্রাসবাদী হত্যা কৰা ভাৰতীয় সেনাৰ সাহসিকতাক লৈ দেশবাসীয়ে গর্ববােধ কৰি থকাৰ সময়তে ভাৰতীয় চলচ্চিত্ৰ জগতত পাকিস্তানী শিল্পী-কলা-কুশলীক কাম কৰাত নিষেধাজ্ঞা আৰােপ কৰা হৈছে। চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰা নাই যদিও ভাৰতত পাকিস্তানী শিল্পী-কলা-কুশলীক কাম কৰাত নিষেধাজ্ঞা আৰােপ কৰিছে ইণ্ডিয়ান মোচন পিকচাৰ্ছ প্ৰডিউচাৰ্ছ এছ’চিয়েচনে (ইম্পা)। দুই দেশৰ মাজত চলি থকা যুদ্ধংদেহি পৰিস্থিতিৰ কোনাে সমাধান নােলোৱালৈকে পাকিস্তানৰ শিল্পী-কলা-কুশলীক চলচ্চিত্ৰ জগতত কাম কৰাটােত নিষেধাজ্ঞাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি ইম্পই এক বিবৃতিযোগে সদৰী কৰিছে। ইম্পাৰ সভাপতি টি পি আগৰৱাল আৰু উপ-সভাপতি অশোক পণ্ডিতে স্বাক্ষৰিত বিবৃতিত প্রকাশ কৰা মতে, ইম্পাৰ ৭৭সংখ্যক বার্ষিক সাধাৰণ সভাত গ্রহণ কৰা প্রস্তাৱ অনুসৰি পাকিস্তানৰ পৰা কোনো শিল্পী, গায়ক, কলা-কুশলীৰ সৈতে ভৱিষ্যতে কোনো কাম নকৰাৰ সিদ্ধান্ত লয় ইস্পাৰ সকলো সদস্যই। দুই দেশৰ মাজত চলি থকা উত্তেজনাময় পৰিস্থিতিৰ শাম নকটালৈকে আৰু যেতিয়ালৈকে ভাৰত চৰকাৰে দুই দেশৰ মাজত সকলো ঠিকেই আছে বুলি ঘোষণা নকৰে, তেতিয়ালৈকে পাকিস্তানৰ শিল্পী, কলাকুশলীক চলচ্চিত্ৰত কাম কৰাৰ সুযোগ নিদিয়ে বুলি সকলো সদস্যই একমুখে সর্বসন্মতিক্রমে সিদ্ধান্তত উপনীত হয়। ইস্পাই পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ নকৰালৈকে এই নির্দেশনা বাহাল থাকিব বুলি বিবৃতিত উল্লেখ কৰি ইতিমধ্যে চিত্রগ্রহণ হৈ মুক্তিৰ ক্ষণ গণি থকা চলচ্চিত্ৰৰ ক্ষেত্ৰত প্রয়োগ নহয় বুলি বিবৃতিত প্রকাশ কৰা হৈছে। ইম্পাৰ উপ-সভাপতি পণ্ডিতে কয় যে ইয়াত ৰাজনীতিৰ কোনো সম্পর্ক নাই। পাকিস্তানী শিল্পীৰ সৈতে কাম কৰা চিত্র নির্মাতাই যাতে কোনাে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। প্ৰসংগক্ৰমে উনুকিয়াব পাৰি যে যোৱা ১৮ ছেপ্টেম্বৰত উৰিত পাক সন্ত্রাসবাদীয়ে আক্রমণ চলাই ১৮জন ভাৰতীয় জোৱানৰ প্ৰাণ কাঢ়ি লোৱাৰ পাছতেই পাকিস্তানী শিল্পীসকলক মুম্বাই তথা দেশ ত্যাগ কৰাৰ সকীয়নি দিছিল মহাৰাষ্ট্র নির্মাণ সেনাই৷ ৪৮ ঘণ্টাৰ ভিতৰত পাকিস্তানী শিল্পীক দেশ ত্যাগৰ ভাবুকি দিয়া মহাৰাষ্ট্র নির্মাণ সেনাই আনকি পাকিস্তানী শিল্পীয়ে অভিনয় কৰা চলচ্চিত্ৰৰ মুক্তিতো নিষেধাজ্ঞা জাৰি কৰিছিল। উল্লেখ্য যে এম এন এছৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে পাকিস্তানী অভিনেতা ফাৱাদ খান, মহিৰা খান আৰু আলী জাফৰে ভাৰত ত্যাগ কৰিছে বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে। মন কৰিবলগীয়া যে ভাৰতৰ চলচ্চিত্ৰত পাকিস্তানী শিল্পীক নিষেধাজ্ঞা কৰিলে সবাতোকৈ বেছি ক্ষতিৰ সন্মুখীন হ’ব অভিনেতা ফাৱাদ খান, অভিনেত্রী মহিৰা খান, অভিনেতা-গায়ক আলী জাফৰা। ঠিক তেনেদৰে বিগ বাজেটৰ চলচ্চিত্ৰৰ সংগীতত জড়িত ৰাহাত ফটেহ আলী খান, আলী জাফৰ আৰু আটিফ আছলামো নিষেধাজ্ঞাৰ ফলত ক্ষতিৰ সমুখীন হ’ব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment