হাই এলার্ট জাৰি পাক সীমান্তৱতী ৰাজ্যত ::গৃহমন্ত্রীৰ নির্দেশ



পঞ্জাব আৰু জম্মু-কাশ্মীৰৰ পৰিস্থিতিক অধিক গুৰুত্ব আৰােপ কৰি গৃহমন্ত্রী ৰাজ নাথ সিঙে দুয়ােখন ৰাজ্যত কেন্দ্রীয় নিৰাপত্তা সংস্থাসমূহক হাই এলার্ট হৈ থকাৰ নির্দেশ দিয়ে। যোৱা ২৮ ছেপ্টেম্বৰৰ নিশাৰ পৰা ২৯ ছেপ্টেম্বৰৰ পুৱালৈকে পাক অধিকৃত কাশ্মীৰত সেনাৰ দ্বাৰা ছাৰ্জিকেল ষ্ট্রাইক’ৰ পাছত পাক সীমান্তৱতী পঞ্জাব আৰু জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিক লৈ পর্যালোচনা কৰাৰ পাছতে হাই এলািৰ্টৰ নির্দেশ দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানে গ্রহণ কৰিব পৰা সকলো পৰিকল্পনা প্রতিহত কৰাৰ বাবে দেশে কি পদক্ষেপ গ্রহণ কৰিব পাৰে, সেই সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীক বিতংকৈ ব্যাখ্যা আগবঢ়ায় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাকে ধৰি শীর্ষ বিষয়াসকলে। চৰকাৰী সূত্রই প্রকাশ কৰা মতে, বি এছ এফকে ধৰি আন কেন্দ্রীয় আৰক্ষী বাহিনীক ভাৰত-পাকিস্তান সীমান্তত হাই এলার্ট হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে। বিমানবন্দৰকে ধৰি যি যি গুৰুত্বপূর্ণ স্থানত চি আই এছ এফক মােতায়েন কৰা হৈছে, তাতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ নির্দেশ দিয়া হৈছে। জম্মু, পঞ্জাব, ৰাজস্থান আৰু গুজৰাটৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত মোতায়েন হৈ থকা বি এছ এফক সজাগ হৈ থাকিবলৈ নির্দেশ দিছে গৃহ মন্ত্র্যালয়ে। আনহাতে সীমান্তৰ স্পর্শকাতৰ ত জোৱানৰ সংখ্যা বৃদ্ধি কৰিবলৈও নির্দেশ দিয়া হৈছে। গৃহমন্ত্ৰী গৰাকীয়ে কেন্দ্রীয় নিৰাপত্তা বাহিনীৰ, বিশেষকৈ এন এছ জি, এন ডি আৰ এফ আৰু চি আই এছ এফৰ মুৰব্বীৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয়। চৰকাৰী সূত্রই প্রকাশ কৰা মতে, কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীৰ এই বৈঠক নিয়মমাফিক যদিও এল অ' চি অতিক্রমী ভাৰতীয় সেনাই চলোৱা 'ছাৰ্জিকেল স্ট্রাইক’ৰ পাছত এই বৈঠককেইখনে বিশেষ গুৰুত্ব লাভ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment