ষ্ট্রোক। মানুহৰ জীৱনত আচম্বিতে অহা এক মাৰাত্মক ৰোগ৷ সাধাৰণ শ্রমজীৱীৰ পৰা ৰাষ্ট্রপ্রধান, শিল্পপতিৰ জীৱন ঘুণীয়া কৰিও থৈ যায়। ভাৰতৰ প্ৰথমগৰাকী প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰু, মাদ্রাজৰ এজন মুখ্যমন্ত্রী এম জি ৰামচন্দ্রন, বিশিষ্ট শিল্পপতি ধীৰুভাই আম্বানি, আমেৰিকাৰ ৰাষ্ট্রপতি ক্ৰমে এণ্ডিউ জনছন, মিলার্ড ফ্রিৰমোৰ, চাৰিবাৰকৈ ইংলেণ্ডৰ প্ৰধানমন্ত্রী হােৱা মাৰ্গাৰেট থেচাৰ, ইজৰাইলৰ প্ৰতাপী প্রধানমন্ত্রী এৰিয়েল ছাৰনৰ মৃত্যু হৈছে ষ্ট্রোকত আক্রান্ত হৈয়েই। চিকিৎসা শাস্ত্ৰৰ নিতৌ ন ন আবিষ্কাৰৰ পিচতো আমি চিনাকি-অচিনাকি বহুজনক অকালতে হেৰুৱাই আহিছাে। কাৰণ মৃত্যু জীৱ জগতৰ এক স্বাভাৱিক প্রক্রিয়া। যি বস্তুৰ সৃষ্টি সম্ভৱ, তাৰ ধ্বংসও স্বাভাৱিক অথবা যাৰ আৰম্ভণি আছে তাৰ সমাপ্তিও আছে। জীৱনৰ এই নিষ্ঠুৰ সত্য মৃত্যু সকলো সময়তে বেদনাদায়ক, কিন্তু ই আৰু বেছি বেদনাদায়ক হৈ উঠে, যেতিয়া মৃত্যু আহে। অকস্মাতে। বৃদ্ধ অৱস্থাত অহা মৃত্যুতকৈ অকালতে কোনাে দুর্ঘটনা বা ৰােগ আদিৰ দ্বাৰা সংঘটিত মৃত্যুৱে মানুহক গভীৰভাৱে মর্মাহত কৰে। আত্মীয়জনৰ বুকু শুদা কৰি হঠাতে অকস্মাতে আঁকোৱালি লয় মৃত্যুক। জীয়াই থাকিবলৈ তীব্র বাসনা থকাৰ পিচতো , জীৱনৰ প্ৰেমত পৰিও মানুহে মানি ল’বলগীয়া হয় মৃত্যুৰ এই আহ্বান। মৃত্যু তেতিয়া আৰু বেছি বেদনাদায়ক হৈ উঠে, যেতিয়া যন্ত্ৰণাত ছটফটাই থকা ৰােগী এজনে নিৰলে অপেক্ষা কৰে মৃত্যুৰ বাবে। অকালতে মৃত্যু কঢ়িয়াই অনা এনে এবিধ কাৰক বা মৃত্যুদূতৰ নামেই হ’ল ‘ষ্ট্ৰেক’ বা ‘ব্রেইন এটেক’। পৃথিৱীত প্রতিদিনেই যিমান মানুহৰ মৃত্যু হয়, তাৰ দুই তৃতীয়াংশৰে মৃত্যু হয় সেই ৰােগটােত আক্রান্ত হােৱাৰ ফলত। ভাৰতবৰ্ষত প্রতিদিনে হেজাৰ হেজাৰ মানুহৰ জীৱনেই সলনি কৰি দিয়ে এই ‘ষ্ট্রোক’ বা ‘ব্রেইন এটেক’ নামৰ ৰােগবিধে। আমাৰ দেশৰ প্রতি লাখ জনসংখ্যাৰ প্ৰায় দুশজন লোক প্রতি বছৰে ‘ব্রেইন এটেক’ বা ‘ষ্ট্রোকৰ কবলত পৰে। ভাবিবলৈও ভয় লাগে যে প্রতি তিনি মিনিটত ভাৰতবৰ্ষৰ কোনোবা প্রান্তত বাৰজনকৈ মানুহ এই ৰােগটােৰ কবলত পৰে। ইয়াৰে চাৰিজনহে সুস্থ হৈ পুনৰ এটা সক্ষম জীৱনলৈ উভতি যাব পাৰে। এতিয়া প্রশ্ন হ’ল— এই ‘ষ্ট্রোক’ বা ‘ব্রেইন এটেকনো কি? তাৰ আগতে জনা যাওক ব্রেইন বা মগজুনো কি ? মগজু সম্পর্কে ২৫ শতিকাৰ আগত ঔষধৰ পৌৰাণিক পিতৃস্বৰূপ হিপোক্রেটছে আগবঢ়োৱা ব্যাখ্যাটােকে সর্বজন গৃহীত ব্যাখ্যা বুলি ক’ব পাৰি। তেওঁৰ মতে— ‘আমাৰ অকল তৃপ্তি, আনন্দ, হাঁহিয়ে নহয়, আমাৰ দুখ, চকুলো আদিও মগজুৰ পৰাই সৃষ্টি হয়। মগজু হ’ল সেই অংগ, যাৰ সহায়েৰে আমি তৃপ্তি-অতৃপ্তি, ভাল-বেয়াৰ মাজত প্রভেদ ধৰিব পাৰাে।” তদুপৰি প্রথাগতভাৱে আমি আৱেগ-অনুভূতি-ভালপোৱা আদি হাৰ্টৰ লগত জড়িত বুলি ভাবাে যদিও প্রকৃততে এইবােৰ মগজুৰ লগতহে জড়িত। মগজুৰ একক হ’ল নিউৰন। প্রায় এক বিলিয়ন নিউৰনেৰে গঠন হয় আমাৰ মগজুটাে। ইয়াৰ ওজন প্রায় ১,২০০ গ্রাম। ইয়েই নিয়ন্ত্রণ কৰে আমাৰ সুখ-দুখ, ভালপোৱা-বেয়াপোৱা আদি অনুভূতিবােৰ। মগজুৰ বাবে কোনােবা বিজ্ঞানী হয়, কোনােবা সাহিত্যিক হয়, কোনােবাই ফুটবল খেলি ভাল পায় নতুবা কোনোবাই গান ভাল পায়। আমি ভাল-বেয়া বুলি বৰ্ণনা কৰা মানুহজন আচলতে ‘হাটীৰ কাৰণে নহয়, বৰং তেওঁ মগজুটােৰ বাবেহে ভাল বা বেয়া গুণৰ অধিকাৰী হয়। এই মগজুটাে আমাৰ জন্মৰ আগৰে পৰা (মাতৃৰ গৰ্ভত থকা অৱস্থাৰ পৰা) মৃত্যুৰ ক্ষণলৈকে কার্যক্ষম হৈ থাকে। মগজুৰ মৃত্যু হােৱা মানেই আমাৰ জীৱনৰাে অন্ত পৰিল বুলি চিকিৎসা বিজ্ঞানত মানি লোৱা হয়। উল্লেখ্য, এই মগজুটােৱে অহৰ্নিশে কাম কৰিবৰ বাবে প্রতি মিনিটত দৰকাৰ হয়। প্রায় ৬৬০ মিলিলিটাৰ তেজৰ। এতিয়া আহাে ‘ষ্ট্রোক’ বা ‘ব্রেইন এটেকৰ কথালৈ। মই ইতিমধ্যে উল্লেখ কৰিছে যে মগজু কার্যক্ষম হৈ থাকিবলৈ তেজৰ প্রয়ােজন। ‘ব্রেইন এটেক’ এনেধৰণৰ এটা ৰােগ, যাৰফলত মগজুলৈ ৰক্ত সঞ্চালন বন্ধ হৈ মগজুৰ কোনাে এটা অংশ বিকল হৈ পৰে। ই দুই ধৰণেৰে হ’ব পাৰে, যেনে— মগজুলৈ তেজ কঢ়িয়াই নিয়া ৰক্তনলিকাবােৰ কেতিয়াবা বন্ধ হৈ পৰাত ৰক্তনলিকাডাল সংলগ্ন হৈ থকা অংশলৈ খাদ্য আৰু অক্সিজেনৰ চলাচল বন্ধ হৈ পৰে। দ্বিতীয়তে, কেতিয়াবা মগজুত ৰক্ত পৰিবাহী সিৰা ফাটি গৈ হােৱা ৰক্তক্ষৰণৰ ফলতো মগজুৰ কোনো অংশ বিকল হৈ পৰিব পাৰে। এই দুয়ােটা প্রক্রিয়াকে ‘ষ্ট্রোক’ বা ‘ব্রেইন এটেক’ বুলি কোৱা হয়। মগজুলৈ তেজ চলাচল ব্যাহত হৈ পৰাৰ লগে লগে সেই নির্দিষ্ট অংশটােৱে খাদ্য আৰু অক্সিজেন নাপালে মগজুৰ কোষবােৰ মৰহি যাবলৈ ধৰে। এবাৰ এই প্রক্রিয়া আৰম্ভ হ’লে মগজুৰ মৰহি যাবলৈ ধৰা অংশই শৰীৰৰ যি অংশ নিয়ন্ত্রণ কৰে, সেই অংগটাে পংগু অর্থাৎ ‘পেৰালাইছিছ হৈ পৰে। ‘ষ্ট্রোক’ বা ‘ব্রেইন এটেক’ হােৱাৰ লগে লগে মানুহজনক চিটি স্কেন আৰু নিউৰাে ইনটেনছিভ কেয়াৰ ইউনিটৰ সুবিধা থকা এখন চিকিৎসালয়লৈ নিব লাগে। অন্যথা অক্সিজেন আৰু খাদ্যৰ অভাৱত মগজুৰ কোষবোৰ স্থায়ীভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে বামৰহি যাব পাৰে। ফলত মানুহজনে হয়তো অকালতে জীৱন হেৰুৱাব পাৰে। বা আজীৱন পংগু জীৱন কটাবলগীয়া হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি ভাৰতবৰ্ষত হার্ট এটেক’ আৰু ‘কেন্সাৰ’ৰ পিচতে সর্বাধিক মানুহৰ ‘ষ্ট্রোক’ বা ‘ব্রেইন এটেকৰ ফলত মৃত্যু হয়। পৃথিৱীত বিশেষকৈ উন্নয়নশীল দেশবােৰত মৃত্যু বা পংগুত্বৰ এটা অন্যতম কাৰণ হ’ল “ব্রেইন এটেক’ বা ‘ষ্ট্রোক’। ভাৰতৰ দৰে দেশবোৰত এই সংখ্যা আৰু বেছি। অৱশ্যে অকল ভাৰততে নহয়, গোটেই পৃথিৱীতে 'হার্ট এটেকৰ তুলনাত ‘ষ্ট্ৰেক’ বা ‘ব্রেইন এটেক'ৰ বিষয়ে সজাগতা খুব সীমিত। এতিয়াও বহুত মানুহে নাজানে ‘ষ্ট্রোক’ প্রকৃততে ক’ত হয়? এই ৰােগটােৰ ফলত কি কি হ’ব পাৰে? বা এই ৰোগটাে হােৱাৰ কাৰণবোৰনো কি? গোটেই বিশ্বত আজি ‘ব্রেইন এটেকৰ সংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ হ’ল তুৰিৎ গতিৰে সলনি হােৱা জীৱন নির্বাহ প্রণালী আৰু অপৰিমিত খাদ্যাভ্যাস। সভ্যতাৰ আধুনিকীকৰণৰ লগে লগে আমাৰ জীৱনবােৰেও লাহে লাহে যান্ত্রিকতা লাভ কৰিছে। যন্ত্রৰ বিকাশৰ বাবে কমি আহিছে শাৰীৰিক শ্ৰম আৰু তাৰ বিপৰীতে মাত্ৰাধিক হাৰত বৃদ্ধি পাইছে মানসিক চাপৰ পৰিমাণ। মানৱ জীৱনত হঠাতে ঘটা এনেধৰণৰ পৰিবর্তনেই হ’ল ‘ব্রেইন এটেকৰ মূল কাৰণ। ‘ব্রেইন এটেক’ বা ‘ষ্ট্রোকৰ ফলত এজন মানুহ হঠাৎ পংগু হ’ব পাৰে, বাকশক্তি ‘ষ্ট্রোক’ হােৱাৰ প্রথম তিনি ঘণ্টা চিকিৎসাৰ বাবে সোণালী মুহুর্ত বুলি কোৱা হয়। এই সময়ছােৱাৰ ভিতৰত ৰােগীজনক এজন ষ্ট্রোক বিশেষজ্ঞৰ সহায়ত জৰুৰীকালীন চিকিৎসা দিব পাৰিলে তেওঁ আজীৱন পংগুত্বৰ পৰা বা অকাল মৃত্যুৰ পৰা হাত সাৰি থাকিব পাৰি। অৱশ্যে ইয়াৰ পিচৰ সময়ছােৱাতো উপযুক্ত চিকিৎসা সেৱাত উচৰ্গিত৷ ‘ষ্ট্রোক টীমৰ দ্বাৰা অত্যাধুনিক চিকিৎসাৰে ৰােগীৰ মৃত্যু আৰু পংগুত্বৰ হাৰ বহু পৰিমাণে কমাব পাৰি। ‘ব্রেইন এটেক’ বা ‘ষ্ট্ৰেক’ হােৱা ৰােগীক বিজ্ঞানসন্মত আধুনিক চিকিৎসা দিবৰ বাবে প্রয়ােজন এটা ‘ষ্ট্রেক ইউনিট’ আৰু ‘ষ্ট্রোক টীম’। এই ষ্ট্রেক টীমটাে গঠন হয় স্নায়ুৰােগ সংস্থাপন বিশেষজ্ঞ আৰু ‘ষ্ট্রোক কেয়াৰ’’ৰ নাৰ্ছৰ দ্বাৰা। চিকিৎসাতকৈ প্রতিৰােধেই উত্তম। প্রতিৰােধ বা প্ৰতিৰক্ষণ সদায় কম ব্যয়বহুল, কিন্তু তাৰ বাবে প্রয়োজন ‘ষ্ট্রোক’ বা ‘ব্রেইন এটেকৰ কাৰণবোৰৰ বিষয়ে জনসাধাৰণক অৱগত কৰা। 'ষ্ট্রোক’ বা ‘ব্রেইন এটেক'ৰ কাৰণবোৰ জনসাধাৰণক অৱগত কৰি চিকিৎসা প্রদান কৰাৰ উদ্দেশ্যে জি এন আৰ চি হাস্পতালৰ দিছপুৰ চৌহদত প্রতি দেওবাৰে জীৱন শৈলীৰ ৰােগ নিৰাময় চিকিৎসা কেন্দ্ৰৰ আয়োজন কৰি অহা হৈছে। স্নায়ুৰােগ আৰু হৃদৰােগত আক্রান্ত ৰােগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা আৰু চিকিৎসা পৰামর্শ আগবঢ়োৱাৰ লগতে ৰােগীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ৰক্তচাপৰ পৰা হ’বলগীয়া আন আন আনুষংগিক ৰােগসমূহৰ চিনাক্তকৰণ তথা ইয়াৰ মাত্ৰাৰ বিষয়ে জানিবলৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰত এই কেন্দ্ৰত ৭৫% ৰেহাইত এটা বিশেষ পেকেজৰ সুবিধাও প্রদান কৰা হৈছে। এই পেকেজত লিপিড প্ৰফাইল, ব্লাড ছুগাৰ, গ্লাইক’চাইলেটেড হিমগ্লবিন, ইউৰিয়া, ক্রেটিনাইন আৰু ই চি জি কৰা হয়। পেকেজৰ উপৰি টি এম টি, থায়ৰয়ড প্ৰফাইল আৰু ইক’ কৰালে ৫০% ৰেহাই প্রদান কৰা হয়। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ ৰােগীসকলে নিতৌ ঔষধ খাব লাগে। এই ঔষধসমূহ যথেষ্ট খৰচী৷ সেয়েহে ৰােগীসকলৰ সুবিধার্থে এই কেন্দ্ৰত প্রদান কৰা হয় উচ্চ গুণগত মানৰ জেনেৰিক মেডিচিন। এই জেনেৰিক মেডিচিনৰ ক্ষেত্ৰতো বিশেষ ৰেহাইৰ ব্যৱস্থা আছে। মই নিজেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে সদায় জেনেৰিক মেডিচিনহে ব্যৱহাৰ কৰি আহিছাে। ৰােগীৰ সুবিধার্থে জি এন আৰ চিয়ে আৰম্ভ কৰিছে অনলাইন মেডিচিন বিক্ৰীৰ। এই অনলাইন মেডিচিনৰ যোগেদি ৰােগীয়ে ঘৰৰ পৰাই ঔষধৰ অৰ্ডাৰ দি অকণো সময়ৰ অপচয় নোহােৱাকৈ ঘৰতে ঔষধ লাভ কৰিব পাৰে। ষ্ট্রোক আৰু হার্ট এটেকত আক্রান্ত ব্যক্তিৰ খৰচৰ মাত্রা অত্যধিক। ইয়াৰ পৰীক্ষা-নিৰীক্ষাৰ লগতে ঔষধসমূহাে যথেষ্ট পৰিমাণে খৰচী৷ তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জি এন আৰ চিয়ে মুকলি কৰিছে ৯৯৯ টকাৰ সদস্য অন্তর্ভুক্তিকৰণ ‘ফ্ৰেইণ্ডছ অব জি এন আৰ চি কার্ড’। এই সদস্য অন্তর্ভুক্ত ব্যক্তি যদিহে ষ্ট্রোক বা হার্ট এটেকত আক্রান্ত হয়, তেন্তে এক লাখ টকালৈকে ৰেহাই পাব। জি এন আৰ চি সদস্য অন্তর্ভুক্তকৰণৰ সময়সীমা এবছৰ। নিতীে অতি কমেও এঘণ্টাকৈ খোজকঢ়া, ধূমপান বর্জন, চর্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থকাৰ লগতে খাদ্য-তালিকাত থলুৱা শাক-পাচলি অন্তর্ভুক্ত কৰিব পাৰিলে ষ্ট্রোক বা হার্ট এটেকৰ পৰা আমি নিজকে বহুখিনি ৰক্ষা কৰিব পাৰিম। (লেখক ঃ অধ্যক্ষ তথা পৰিচালন সঞ্চালক, জি এন আৰ চি)
Home / বিশ্ব ষ্ট্রোক দিৱস
/ আজি বিশ্ব ষ্ট্রোক দিৱস ::প্ৰতিৰোধেই ষ্ট্রোক ৰোধৰ উত্তম উপায়:: ডাঃ নোমল চন্দ্ৰ বৰা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment