টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত:: টাংচা যুগলিৰ দেখিলো মনৰ সেউজ দিগন্ত



ভূপেনদাই অৰুণাচলৰ টিৰাপৰ চাংলাং নামৰ ঠাইখনৰ , বাহৰ ওলোমা সাঁকোৰে এবাৰ পাৰ হৈ গৈ থাকোঁতে পাহাৰৰ ওপৰৰ পৰা এজন টাংচা লোকে গাত কাপোৰ মেৰিয়াই লৈ কিবা এটা বুকুত সাৱটি ধৰি দৌৰি নামি আহি পোনে পোনে ভূপেনদাৰ ওচৰ পালে । তেতিয়া ভূপেনদাই তেওঁক "কলৈ যোৱা ককাই ? কৰ পৰা আহিলা ? সেয়া কি আনিছা ? " বুলি সুধিলে , তেতিয়া মানুহজনে গাৰ কাপোৰখন আঁতৰাই বুকুত সাবটি অনা সৰু ৰেডিঅ এটা উলিয়াই কলে -- "তোকেই কিনি আনিলোঁ দে " । সেই সময়ত ৰেডিঅটোত ভূপেনদাৰেই গীত এটি বাজি আছিল । মানুহজনৰ মুখলৈ চাই ভূপেনদা ৰ চকু সেমেকি উঠিছিল । স্ৰোতাজনতাই এনেকৈয়ে সাবটি লৈছে মৰমৰ ভূপেনদাক । তাৰ পিছত সেই কথাকেই সুঁৱৰি লিখিছিল এই গীতটি ------
* * * * * * * * * *
টিৰাপ সীমান্ত
ৰূপৰ নাই অন্ত
টাংচা যুগলিৰ
 
দেখিলো মনৰ সেউজ দিগন্ত
সৌৱা টিৰাপৰ কিশোৰ ৱাঞ্চু
তাৰ মুঠিতে যাঠি পাক্ মু
ডিঙিত লিকমণি
মূৰত কাশ্বান
সৰু ফানাট্ মাৰি নাচিছে শ্বোৱান
চুটিকে মিঠাৰে আৱৰা কঁকাল
ভাঙি ভাঙি গাভৰুৱে দিয়ে কিনো তাল ?
ভয়াবহ পাহাৰক সাৱটি ধৰি
চুমা খাই থকা ডাৱৰ আঁৰত
সূৰুযটি অস্পষ্ট ?
সৌৱা ৰিণিকি ৰিণিকি
দেখিলো খুন্ চা বস্তি
সৌৱা সুঠাম নক্তেই ডেকাটি
গাত পিন্ধি জেংচেম চোলাটি
মূৰত বেতৰে খপক শোভে
আৰু কঁকালত ৰঙীন খাপৰি
সি লোণৰ পুঙত ব্যস্ত ।
টিৰাপৰে বস্তি চাংলাং
তাতে সৰল জনজাতি লুংচাং
সৌৱা টিৰাপ নৈৰে বুকুৰে
বাঁহৰ ওলোমা সাঁকোৰে
টাংচা খেতিয়ক পাৰ হৈ
সৌৱা দেখোঁ দলে দলে নামিছে
পিঠিত হোৰা লৈ নামিছে ।
বোলো , ককাই ক'লৈনো যোৱা ?
ক'লে মাৰ্ঘেৰিটাৰ হাটলৈ
ন'হলে শ্ৰম হ'ব নস্ট ,
আহোম সৰ্গদেউৰ দিনতে
লোণ বান্ধি নামিছিল নক্তে
তাহানিৰ শ্ৰী শ্ৰী ৰাম আতাই
নক্তে নৃপতিক দিছিলে শৰণ
কৰি নক্তেই শিষ্যৰ নামকৰণ
নৰৰো উত্তম ' নৰোত্তম '
কৈছিল মানুহ মানুহ হ'লে
ইজনে সিজনক সাৱটিলে
নহয় জাতিকুল ভ্ৰষ্ট ----[যুগুতালে ::বিজয় বর্মন ] 
Share on Google Plus

About Unknown

0 comments:

Post a Comment