--------------গুৰু জয়ন্তীৰ প্ৰাকক্ষণত
" শ্ৰীমন্ত শঙ্কৰদেৱৰ ইতিবৃত্ত"
সময় আদিসত্য যুগ।তেতিয়া কেৱল মাত্ৰ হৰি নামহে আছিল।তাতে অন্যান্য দেৱতাসকলৰ মনত বৰ দুখ।তেওঁলোকৰ বোলে জীৱিকা নাইকীয়া হ'ল।সেয়েহে ব্ৰহ্মাকে আদিকৰি ত্ৰিদশে সৰ্বনিয়ন্তা ভগৱন্তক কাতৰ প্ৰাৰ্থনা কৰিলে এইবুলি
"ৰহোক আমাৰ ভিক্ষা মনুষ্য লোকত।
দিয়োক জীৱিকা প্ৰভু ভৈলোহো ভকত ।।
যজ্ঞভাগ ভুঞ্জিবাক নপাওঁ আমি কেৱ।
ৰাখিয়ো জীৱিকা তযু পাৱে কৰো সেৱ।।"
ভকত দেৱতাগণৰ মনোবাঞ্চা পূৰ্ণ কৰাৰ কাৰণে ভগৱন্তই হৰিনামৰ ওপৰত ঢাকোন দিবলৈ দেৱাদিদেৱ শিৱক আদেশ দিলে।কাৰণ হৰি নাম ঢাকিব পাৰিলেহে মনুষ্যলোকে অন্য দেৱতা সকলৰ পূজাসেৱাত মনোনিৱেশ কৰিব।এই কথাত সকলো দেৱতা আনন্দিত হ'ল। কিন্তু যি হৰি নামে সহস্ৰ পাতক মোচন কৰিব পাৰে সেই হৰিনাম গুপ্ত কৰি অমোচন পাপ হ'ব বুলি ভয় খাই শিৱই ভগৱন্তৰ চৰণত পৰি কান্দিবলৈ ধৰিলে।ভগৱানে তেতিয়া শিৱক ক'লে যে যি নাম হৰই আগমেৰে ঢাকিব সেই নামৰ অমোচন পাপ প্ৰভুৰ সহস্ৰ নাম জপ কৰি খণ্ডন কৰিব পাৰিব।লগতে ক'লে যে কলিত ভগৱন্তই তেওঁৰ নামেৰে অৰ্থাত শিৱৰ নামেৰে অৱতাৰ লৈ গুপ্ত হৈ থকা হৰি নাম পূণৰ প্ৰচাৰ কৰিব।
গতিকে মহাপুৰুষ গুৰু জনা ভগৱন্তৰ পুৰ্ণ অৱতাৰ ।সেই কথা বহু কেইখ্ন হিন্দু শাস্ত্ৰই প্ৰমাণ কৰিছে।ইয়াৰ ভিতৰত দেৱৰ্ষি নাৰদে প্ৰণয়ন কৰা "পঞ্চৰাত্ৰ তন্ত্ৰ"ত কৈছে এনেদৰে------
"শ্ৰীমন্তমীশ্বৰ্ং দেৱ পূৰ্ব্বদেশে বিৰাজতে।
ধৰ্মসনাতনং যস্য প্ৰকাশ্যে ক্ষিতিমণ্ডলে।।
অকৃত কৰ্ম্ম নাশায় সৎসঙ্গো লভতে নৰাঃ।
ভৱবন্ধ বিনিৰ্মুক্তৌ কলৌ মলঞ্চ নাশনম।।"
ইয়াৰ অৰ্থ এই যে শ্ৰীমন্ত ঈশ্বৰপুৰুষে পূৱ দিশে এটি অৱতাৰ গ্ৰহণ কৰি ধৰণী মণ্ডলত সনাতন ধৰ্ম প্ৰচাৰ কৰি নৰসমাজৰ মুক্তিৰ পথ সুগম কৰিব।
আকৌ কুৰুক্ষেত্ৰ পুৰাণত কৈছে
"গুপ্তাং হৰি যশঞ্চৈৱ বিপুলাং কীৰ্ত্তি দেৱতা।
হৰিঃ শঙ্কৰৰূপেন নিজ ভক্তি প্ৰচাৰয়েৎ।।"
অৰ্থাত দেৱতাসকলৰ কপটতাত আদি সত্য যুগত গুপ্ত হৈ থকা হৰি নাম ভগৱানে শঙ্কৰৰূপেৰে আহি নিজেই প্ৰচাৰ কৰিব। সেয়েহে মাধৱ পুৰুষেও তেৰাৰ নামঘোষাত লিখিছে-------
"হৰিনাম গুপ্ত ভৈল
মনুষ্যত পূজা ৰৈল
বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব।
হেন হৰি নাম ধৰ্ম
শঙ্কৰে বিদিত কৰি
চুৰ কৈলা দেৱতাৰ গৰ্ব্ব।।"
গুৰু জনাক সাধাৰণ মনুষ্য বুলি হীন দৃষ্টিৰে নাচাবলৈ আমাক বৃহৎ যামল গ্ৰন্থই প্ৰতি প্ৰতি নিষেধ বাণী শুনাইছে।
" শঙ্কৰ্ং মনুষ্য বুদ্ধি যে কুৰ্ব্বন্তি নৰাধমাঃ।
তে সৰ্ব্বে নৰকং যান্তি যাবৎচন্দ্ৰদিবাকৰৌ।।
ভৱ তাৰয় তাৰয় ভগৱান ভূতভাৱন।
অৱতাৰ নিজাংশেন অস্ত্ৰংশ্ৰৱন কীৰ্ত্তনাৎ।। "
অৰ্থাত ভৱ সংসাৰ তৰণৰ একমাত্ৰ উপায় শ্ৰৱন কীৰ্ত্ত্ন ৰূপ অমোঘ অস্ত্ৰ লৈ ভগৱানে কলিত নিজেই অৱতাৰ ল'ব।সেই অৱতাৰী পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক যি সকলে সাধাৰণ মানুহ বুলি অৱজ্ঞা কৰিব চন্দ্ৰ-সূৰ্য থাকে মানে সেই নৰাধম সকলে নৰকত বাস কৰিব লাগিব।
আকৌ পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত ভগৱানে ব্ৰহ্মাৰ আগত নিজেই ব্যক্ত কৰিছে এনেদৰে-----
"ছদ্ম ৰূপ ধৰি শুদ্ৰ কুলে হৈবো জাত।
লৈবোহো শঙ্কৰ নাম জগতে প্ৰখ্যাত।।
দ্ৰোণেসে কুসুম্বৰ ধীৰা সত্যসন্ধ্যা হয়।
তাহান গৃহত মই জন্মিবো নিশ্চয়।। "
গকুল ত্যাগ কৰি কৃষ্ণই যেতিয়া নিজ পিতৃ-মাতৃৰ ওচৰলৈ যাবলৈ ওলালে তেতিয়া পালক পিতৃ-মাতৃ নন্দ-যশোদাই খেদ প্ৰকাশ কৰি কৈছিল যে বসুদেৱ-দৈৱকীহে পৰম ভাগ্যৱান।পুৰ্ণব্ৰহ্ম ভগৱন্তক গৰ্ভত ধাৰণ কৰি পুত্ৰ ৰূপে পালে।তেওঁলোকে মাথো কেইদিনমানৰ কাৰণেহে কৃষ্ণক পুত্ৰ হিছাপে পালে। তেতিয়া ভগৱান কৃষ্ণই পালক পিতৃ-মাতৃক সান্ত্বনা দি কৈছিলে---হে পিতৃ নন্দ আৰু মাতৃ তোমালোকে দুখ নকৰিবা ।কলি যুগত কামৰূপ নামে ঠাইত তোমালোক কুসুম্বৰ আৰু সত্যসন্ধ্যা নামে জন্ম ল'বা আৰু মই তোমালোকৰ পুত্ৰ হিছাপে জন্ম ল'ম। কুৰুক্ষেত্ৰ পুৰাণৰ এঠাইত সেই কথা কৈছে এনেদৰে----------
"নন্দস্য কুসুমো সাক্ষাত যশোদা সত্যসন্ধ্যাকা।
শুদ্ৰ কুলে দ্বয়োৰ্জাত কামৰূপে ভৱিষ্যন্তি।।
তব বীৰ্য্যে মমজাত শঙ্কৰ খ্যাতিমন্তকঃ।
জগদ্দুদ্ধাৰ হেতুনাং অৱতৰ্য্য সমাধিকম।।
তথাৱৰ্
তীৰ্ণ সাক্ষাৎতু লোকনাং হিতকাময়া।
নানা গীত কৱিত্বেন সুকৃত সততং বিভূ।।
পৰম ব্ৰহ্মৰূপেন তস্য শঙ্কৰ নামতঃ।
বটদ্ৰৱা নাম গ্ৰামে নিজ ভক্তি প্ৰচাৰয়েৎ।।"
এনেদৰেই শঙ্কৰদেৱক শাস্ত্ৰ সমূহত ভগৱানৰ অৱতাৰ বুলি বৰ্ণনা কৰিছে ।তাৰ উপৰিও ব্ৰাহ্মণ পণ্ডিত সাৰ্বভৌম ভট্টাচাৰ্যই শঙ্কৰদেৱক অৱতাৰী পুৰুষ বুলি নমনা সকলক তেওঁৰ পদ্ম পুৰাণৰ এটি পদত তলত দিয়া গ্ৰন্থ সমুহতো বিচাৰি চাবলৈ কৈছে।
"স্বৰ্গখণ্ড ৰহস্যত সঞ্জাত নোযোৱা।
বশিষ্ঠ স্ংহিতা সূত স্ংহিতাত চোৱা।।
অগস্ত্য স্ংহিতা পঞ্চৰূদ্ৰ যামলত।
বিষ্ণোধৰ্মোত্তৰ কৃতযুগ বিচাৰত।।
যোগিনীতন্ত্ৰত ইতিহাস ভৱিষ্যৎ।
হৰগৌৰী সম্বাদত শিৱে নাৰদত।।
ইসৱত বিচাৰিয়া যদ্যপি নাপায়।
পণ্ডিতে নিন্দিবে তেবে বুজো মনিষাই।।
গতিকে ইমানখিনি তথ্য থকাৰ পিছতো যদি আমি গুৰুজনাক চিনি নাপাওঁ তেন্তে সেয়া আমাৰ মূঢ়তাৰ বাহিৰে একো নহব।

0 comments:
Post a Comment