স্বাস্থ্যক লৈ হেতালি খেলিবলৈ নিদিব :::ডাঃ দিগন্ত বুঢ়াগোহাঞি


পুৱা শুই উঠি আপুনি সদায় এগিলাচ পানী খায়। ভাল কথা। ময়াে খাওঁ। সপ্তাহত এদিন মছন্দৰীৰ পাত খালে মোৰো পেটটাে ভালে থকা যেন লাগে। বাৰীৰ বনশাক দুডালমান দাইলত দিলে দাইলকণ খায়েই ভাল লাগে। ২-৩ দিনৰ পানীলগা জ্বৰ-কাহত ময়ো ঔষধ ব্যৱহাৰ কৰাৰ সলনি সাধাৰণ স্বাস্থ্য বিধিবোৰ মানি চলোঁ। সেইবুলি কাইলৈ মোৰ শক্ৰৰাে কৰ্কট ৰােগ হ’লে চুণ খাবলৈ দিয়াৰ কথা বা কিড়নী ফেইল হ’লে কোনোবা গছৰ শিপাৰ ৰস খাবলৈ দিয়াৰ কথা সপোনতো ভাবিব নোৱাৰোঁ। আয়ুৰ্বেদ এক বিজ্ঞান। অইন বিজ্ঞানৰ দৰে আয়ুর্বেদো যুক্তি-পৰীক্ষা-প্রমাণৰ ভেটিত প্রতিষ্ঠিত। সাধাৰণতে আমি পশ্চিমীয়া বুলি ভবা আধুনিক চিকিৎসা শাস্ত্ৰতো সুশ্রুতিক শল্য চিকিৎসাৰ জনক হিচাপে স্বীকৃতি দিয়া হৈছে। চীনদেশত পৰম্পৰাগতভাৱে ব্যৱহাৰ হােৱা এবিধ ঔষধৰ ওপৰতেই উচ্চস্তৰত গৱেষণা হােৱাৰ পিছত সেই ঔষধবিধৰ পৰিশোধিত ৰূপটো মেলেৰীয়াৰ মহৌষধ হিচাপে পৰিগণিত হৈছে আৰু যোৱা বছৰ সেই গৱেষককেইজনেই চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত হৈছে। আমি দৈনিক ব্যৱহাৰ কৰি থকা পেৰাচিটামল, পেনিচিলিনৰ পৰা আৰম্ভ কৰি কৰ্কট, মধুমেহ আদি ৰোগৰ ঔষধসমূহাে নানা পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে প্রাকৃতিক উৎসৰ পৰা অথবা প্রাকৃতিক অণুবােৰৰ সামান্য সাল-সলনি ঘটাই প্রস্তুত কৰা হৈছে। প্রস্তুতিৰ একোটা ঔষধ হয় ব্যৱহাৰৰ বাবে অনুমোদিত হৈছে, নহয় অগ্রাহ্য হৈছে। ঔষধ একোটাৰ ওপৰত এনে অধ্যয়নে বিভিন্ন অংগত তাৰ প্ৰভাৱ, বয়স অনুসাৰে ড'জ, শৰীৰৰ পৰা নিষ্কাশনৰ সময় আৰু পদ্ধতি, পাশ্বক্রিয়াপর্যন্ত চিকিৎসকে জানিব পৰাৰ ব্যৱস্থা হয়। যিহেতু মানুহৰ গোটেই শৰীৰটােৰ নানা কোষ, কোষৰ ভিতৰৰ অংশ, আনকি জীৱাণুবোৰাে হাইড্র’জেন, অক্সিজেন, কার্বন, নাইট্র’জেন নামৰ চাৰিটা মুখ্য মৌলৰ নানা combinationত গঠিত যৌগৰেই সুশৃংখলিত সমষ্টি, গতিকে কোনো জীৱাণু বা কোনো বিশেষ অংগক লক্ষ্য কৰি ব্যৱহাৰ কৰা ঔষধ এটাৰ ইতিবাচক বা নেতিবাচক পার্শ্ব-প্ৰভাৱ শৰীৰৰ অইন এটা অংগত পৰাটো অস্বাভাৱিক নহয়। আয়ুর্বেদিক বা অইন ঔষধৰ ক্ষেত্ৰতো এয়া সমানে প্রযোজ্য। সেয়েহে, শৰীৰৰ কোনো অংশত অস্বাভাৱিক কোষৰ বৃদ্ধি (কর্কট ৰােগ) ৰুধিবলৈ ব্যৱহাৰ কৰা কিছুমান ঔষধে চুলিসৰা বা তেজৰ কোষবােৰৰ পৰিমাণ হ্রাস কৰাৰ দৰে পাশ্বক্রিয়াৰ সৃষ্টি কৰিব পাৰে। পাশ্বক্রিয়া সম্পর্কে অৱগত হােৱাৰ পিছতো এবিধ ঔষধৰ ৰোগ নিৰাময় ক্ষমতা, সম্ভাব্য পাশ্বক্রিয়া আৰু সেই ৰােগবিধৰ বাবে অন্য ঔষধৰ উপলব্ধতাৰ যোগ-বিয়োগৰ অংকটাে কৰাৰ পিছতহে ঔষধবিধ ব্যৱহাৰ কৰা-নকৰাৰ সিদ্ধান্ত লোৱা হয়। আমাৰ চৌপাশৰ গছ-বনবোৰতো নানা ঔষধৰ সম্ভাৱনা লুকাই আছে। এখিলা পাত বা এডাল শিপাৰ পৰা উলিওৱা অকণমান ৰসত অসংখ্য ৰাসায়নিক পদার্থ নানা অনুপাতত মিশ্রিত হৈ থাকে। তাৰে কোনোবা এটা পদার্থ হয়তো পৰিশোধিত ৰূপত ইতিমধ্যে আধুনিক বিজ্ঞানে ঔষধ হিচাপে ব্যৱহাৰ কৰি আছে। অথবা তাৰে কোনোবা পদার্থৰ ঔষধ হিচাপে ব্যৱহাৰ হােৱাৰ সম্ভাৱনা আছে। কিন্তু, সেই পদার্থবিধৰ লগতে সেই ৰসকণত অনেক অপ্রয়োজনীয় আৰু সম্ভাব্য ভয়ংকৰ পদার্থ মিহলি হৈ আছে— যিবিলাকৰ পৰা হ’ব পৰা ক্ষতি সম্পর্কে জ্ঞাত হ’ব পৰাৰ কোনো ব্যৱস্থা নাই। কাইলৈ পণনৌৱাৰ পাতৰ পৰাই গৱেষণা কৰি হয়তো দুই-এক দৰকাৰী ঔষধ উলিয়াব (বা ইতিমধ্যে উলিয়াইছেই), কিন্তু কিড়নী ফেইল হােৱাৰ পথ্য হিচাপে অপৰিশোধিত পণনৌৱাৰ পাতৰ ৰস খাবলৈ দিয়াৰ ফলত এক স্পর্শকাতৰ ৰােগত ভুগি থকা শৰীৰটােৰ বিভিন্ন অংগত ভয়ংকৰ চাপ দিয়া হ’ব। এজন চিকিৎসা বিজ্ঞানৰ সাধাৰণ স্নাতকে (এল'পেথীয়েই হওক বা আয়ুৰ্বেদ)। মানুহৰ শৰীৰৰ গঠন, শৰীৰৰ ভিতৰত হৈ থকা নানা প্রক্রিয়া, বিভিন্ন অণুজীৱসমূহৰ বৈশিষ্ট্য, ঔষধসমূহৰ বৈশিষ্ট্য, ৰােগসমূহৰ উৎপত্তিৰ প্রক্রিয়া, ৰোগৰ লক্ষণ, ৰোগ ধৰা পেলোৱাৰ উপায়, ৰোগৰ পথ্য, নানা অস্ত্ৰোপচাৰৰ কৌশল আদিৰ ওপৰত ভয়ংকৰভাৱে’ অধ্যয়ন কৰিব লাগে। গোটেই জীৱন বিষয়টােৰ চৰ্চা কৰি থাকিব লাগে। তাৰ পিছতো ৰোগৰ ডায়'গ্ল'ছিছত, চিকিৎসাত কেতিয়াবা ভুল হয়। কাৰণ, সামগ্রিকভাৱে চিকিৎসা বিজ্ঞান অত্যন্ত জটিল। পৃথিৱীৰ আটাইতকৈ ভাল ডাক্তৰজনেও কেৱল দুটা লক্ষণ শুনি মানুহজনক নেদেখাকৈ চিকিৎসা বিধান দিয়াটাে অসম্ভৱ। চিকিৎসা বিজ্ঞানক কেৱল লক্ষণ আৰু পথ্যৰ সমষ্টি বুলি অতিসৰলীকৃত কৰাটাে আৰু তাক কিছুমান সংবাদ মাধ্যমে টি আৰ পিৰ বাবে ব্যৱহাৰ কৰাটাে অসমবাসীৰ বাবে ভয়ংকৰ কথা। যোৱা কিছুদিন ধৰি অসমৰ দুই-এক চেনেলত তেনে এজন ব্যক্তিকেই দেখি আহিছোঁ। চিকিৎসা বিজ্ঞানক লৈ কৰা এনে বহুৱালিত প্রথমে খং উঠিছিল। পিছলৈ ignore কৰিছিলোঁ। কিন্তু, শেহতীয়াকৈ দুই-এক চিকিৎসালয়ত তেওঁৰ ঔষধ খোৱাৰ পিছত জটিল হােৱা ৰোগীৰ আগমনৰ খবৰ শুনি শংকিত হৈছো। আমি জানো যে তেওঁ থাকিলেও বা নাথাকিলেও আমাৰ চিকিৎসালয়ত ৰােগী থাকিব। পেছাগতভাৱেও তেনেকুৱা মানুহে আমাক ক্ষতি কৰাৰ কোনো অৱকাশ নাই। মুনাফাৰ ধান্দা থকা হ’লে ক’লোহেঁতেন যে তেওঁ যিমানে পপুলাৰ হয় সিমানে ভাল; তেওঁ দিয়া বস্তু খাই জটিল হােৱা ৰোগীৰ পৰা বেছি টকা ঘটিব পাৰিম। কিন্তু, তেনেদৰে ভাবিব পৰা নাই বাবেই বৰ চিন্তিত হৈছে। ‘আমাৰ অসম’ কাকতত ২ অক্টোবৰৰ দিনা এজন আয়ুর্বেদিক চিকিৎসকৰ এটা লেখা পঢ়িলোঁ। বিজ্ঞানমনস্ক মানুহবোৰৰ পৰা এই বিষয়টােক লৈ ইতিবাচক কথা আৰু ওলাব বুলি আশা কৰিলোঁ। অসমৰ মানুহৰ আত্মপৰিচয়ক লৈ কোনোবাই হেতালি খেলিলে আমি গৰজি উঠো। অসমৰ মানুহৰ স্বাস্থ্যক লৈ কিছুমান মানুহে হেতালি খেলা দেখিও সহ্য কৰি থকাটাে উচিত হােৱা নাই। সংযোজন ঃ এই সম্পৰ্কত এমাহমান আগতে স্বাস্থ্যমন্ত্রীলৈ এটা মেইল কৰিছিলো। সিদিনা দেখিছো— তেওঁৰ পত্নীৰ মালিকানাধীন চেনেলটোতো বেজজনে “বিধান’ দি আছে।[মোঃ ৯৯৫৪৫-৩১৩৬০]
Share on Google Plus

About Unknown

0 comments:

Post a Comment