১০০০ গ্রহাণু পৃথিৱী অভিমুখে আহি আছে !::মহাপ্ৰলয় আসন্ন, মানৱ সভ্যতা ধ্বংসৰ পূৰ্বানুমান




মায়া কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি প্ৰচাৰ চলিছিল ২০১২ চনত পৃথিৱীত আৰম্ভ হ’ব মহাপ্ৰলয়।সঁচাকৈয়ে ধ্বংস হ’ব নেকি পৃথিৱী ? এনে প্রাকৃতিক তাণ্ডৱৰ অস্তিম পৰিণতি হ’ব মানৱ সভ্যতাৰ ধ্বংস। সময়ে সময়ে বিশ্ব সভ্যতা ধ্বংসৰ আনুমানিক বাতৰি প্ৰচাৰ হৈ অহাৰ দৰে এইবাৰাে আসন্ন মহাপ্ৰলয়ৰ গ্ৰাসত পৃথিৱী পৰিব বুলি পূর্বানুমান কৰিছে একাংশ তত্ত্ববিদে। ‘নেচাৰ ৱাৰ্ডনিউজত প্রকাশিত এক প্রতিবেদন অনুসৰি পৃথিৱী অভিমুখে তীব্র গতিবেগত আহি আছে প্রায় ১০০০ গ্রহাণু।প্রতি ঘণ্টাত ৬০,০০০ মাইল গতিবেগেৰে অহা এই গ্রহাণুৱে যদিহে পৃথিৱীত ভূ-পৃষ্ঠত আঘাত সানে, তেন্তে বিশ্ব সভ্যতা ধ্বংস হােৱাটাে খাটাং। ইফালে, এনে পূর্বানুমানৰ পাছত গ্রহাণুৰ বিষয়ে তথ্য আহৰণৰ অভিযান আৰম্ভ কৰিছে নাছাই। মার্কিন মহাকাশ গৱেষণা সংস্থাটােৱে এনে উদ্দেশ্যেৰে অৰিচিছ— আৰ এক শীর্ষক এক মিছন অলপতে আৰম্ভ কৰিছে। এই মিছনৰ দ্বাৰা গ্রহাণুৰ নমুনা সংগ্ৰহ কৰা হ’ব, যিয়ে মহাকাশৰ বৃহৎ শিলাখণ্ড'ৰ বিষয়ে তথ্য আহৰণ কৰিব পাৰিব বিজ্ঞানীসকলে। নাছাৰ সূত্ৰৰ মতে, পৃথিৱী অভিমুখে তীব্র গতিৰে আহি থকা গ্রহাণুৰ বিষয়ে অধ্যয়নৰ পাছত সেইবোৰৰ গতিপথ সলনিৰ চেষ্টা চলোৱা হ’ব। নেচাৰ ৱাৰ্ডনিউজত প্রকাশ হৈছে আৰু আন এক তথ্য। সেই অনুসৰি পৃথিবীত এটা গ্রহাণুৱে অতি কম সময়ৰ ভিতৰত খুন্দা মাৰিব বুলি আশংকা প্রকাশ কৰিছে চীনৰ এগৰাকী জ্যোতির্বিজ্ঞানীয়ে। চীনা বিজ্ঞানীগৰাকীৰ মতে ২০০৯ এফ এছ নামৰ এই গ্রহাণুটাে ১০ মাইল দূৰত্বৰ পৰিসৰৰ আৰু ইয়াৰ শক্তি তিনি বিলিয়ন নিউক্লিয়েৰ বােমাতকৈও বেছি বুলি অনুমান কৰা হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment