আজিৰ আবেলিৰ মুখ্য বাতৰি সমূহ ::


১) ৰাজ্যজুৰি আবতৰীয়া বানৰ সংহাৰ। লখিমপুৰ, মাজুলী, বৰপেটাত বানে বুৰালে বিস্তৃত অঞ্চলৰ কৃষিভূমি। ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াত মানাহ ৰাষ্ট্ৰীয় উদ্যানত হাহাকাৰ।
২) দীৰ্ঘ কূটনৈতিক যুঁজৰ অন্তত বাংলাদেশলৈ অনুপ্ৰৱেশকাৰী প্ৰত্যৰ্পণ আৰম্ভ। আজি কৰিমগঞ্জৰ কালিবাৰী ঘাট সীমান্তত বাংলাদেশ কৰ্তৃপক্ষক হস্তান্তৰ কৰা হয় ২ শিশুসহ ১০ অনুপ্ৰৱেশকাৰীক।
৩) দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি। আমন্ত্ৰণ নাপালে আছু, যুৱ-ছাত্ৰ, কৃষক মুক্তিকে ধৰি কেইবাটাও জাতীয় সংগঠনে।
৪) ৰাজ্যজুৰি হাতী-মানুহৰ সংঘাত তুংগত। গোলাঘাট, মাৰ্ঘেৰিটাত বন্যহস্তীয়ে তহিলং কৰিলে বিস্তৰ কৃষিভূমি। চামগুৰিত ৬ দিনে বোকাত আবদ্ধ হাতী পোৱালিৰ মৰণ-কাতৰ আৰ্তনাদ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment