আজিৰ আবেলিৰ মুখ্য বাতৰি সমূহ ::




১) কাজিৰঙাত পুনৰ গঁড় নিধন কৰি খৰ্গ কাটি লৈ গ’ল চোৰাংচিকাৰীয়ে। গুলীৰ শব্দ শুনাৰ এদিনৰ পিছতে অগৰাতলী বনাঞ্চলৰ বালিপুখুৰীত খৰ্গবিহীন মতা গঁড় উদ্ধাৰ।
২) ধাৰাবাহিক বন্ধত স্তব্ধ ৰাজ্যৰ জনজীৱন। ৬ জনগোষ্ঠীয় ঐক্যমঞ্চৰ ৩৬ ঘণ্টীয়া অসম বন্ধৰ পিছত আজি দক্ষিণ কামৰূপ আৰু নাৰায়ণপুৰ বন্ধ। জিলা বাতিলৰ বিৰোধিতাৰে দক্ষিণ কামৰূপ বন্ধৰ বিপৰীতে মহকুমাৰ দাবীত বন্ধ নাৰায়ণপুৰ।
৩) জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা। হীৰানগৰ ববিয়া পোষ্টত যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তানী ৰেঞ্জাৰ্ছে চলোৱা গুলীত আহত বি এছ এফ জোৱান।
৪) আজি আৰক্ষী স্মৃতি দিৱস। দেশজুৰি ছহিদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি। কাহিলিপাৰাৰ চতুৰ্থ বেটেলিয়নত অসম আৰক্ষীৰ কেন্দ্ৰীয় ছহিদ স্মৃতি দিৱস।
৫) ভাইৰাছৰ কবলত দেশৰ ৩২ লাখ ATM ডেবিট কাৰ্ড। ষ্টেট বেংক অব ইণ্ডিয়া, HDFC, ICICI, এক্সিছ, য়েছ বেংকৰ ভিছা, মাষ্টাৰকাৰ্ড ব্যৱহাৰকাৰীও ক্ষতিগ্ৰস্ত।
Share on Google Plus

About Unknown

0 comments:

Post a Comment