ছাউথ এছিয়ান সাঁতোৰত অসমৰ বাস্তৱ তপন বৰদলৈৰ স্বর্ণ পদক অর্জন


অসমৰ প্রতিভাৱান সন্তৰণবিদ বাস্তৱ তপন বৰদলৈয়ে শ্রীলংকাৰ কলম্বোত অনুষ্ঠিত হৈ থকা ছাউথ এছিয়ান এইজ গ্রুপ সাঁতোৰ প্রতিযোগিতাৰ 50 মিটাৰ বাটাৰ ফ্লাইত স্বর্ণপদক অর্জন কৰিছে৷ লক্ষণীয় যে প্রতিযোগিতাখনত অংশগ্রহণ কৰা ভাৰতীয় দলটোৰ অন্যতম সদস্য বাস্তৱৰ ঘৰ যোৰহাটত৷ যোৰহাট ছুইমিং ছ'চাইটিৰ পৰা ওলাই অহা বাস্তৱ সম্প্রতি দিল্লীস্হিত ৰাষ্ট্রীয় ছুইমিং একাডেমীৰ ছাত্র৷ উল্লেখযোগ্য যে ইয়াৰ পূর্বে ছ'চাইটিৰ আনএগৰাকী সন্তৰণবিদ নিপন বৰাই কলম্বোত অনুষ্ঠিত এছিয়া পেচিফিক এইজ গ্রুপ প্রতিযোগিতাত এটা স্বর্ণ আৰু এটা ৰূপৰ পদক অর্জন কৰিছিল৷ বাস্তৱৰ সাফল্যত ছ'চাইটিৰ সভাপতি ৰত্তিুম শইকীয়া আৰু সম্পাদক প্রণৱ বৰঠাকুৰে অভিনন্দন জনাইছে৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment