চৰত আৰক্ষী প্রধান::দৈনিক জনমভূমিৰ সম্পাদকীয়


    অলপতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আৰক্ষী প্রশাসনক ৰাজ্যৰ চৰ অঞ্চল ভ্রমণ কৰিবলৈ দিয়া নির্দেশ তাৎপর্যপূর্ণ। ৰাজ্যত জেহাদীসকল চৰ অঞ্চলত আশ্রয় লোৱাৰ অভিযোগ আছে। এই অভিযোগৰ ভিত্তিতেই পুলিচ প্রশাসনেও চৰ অঞ্চলত সজাগতাৰ সৃষ্টি কৰিব পাৰিব। সন্ত্রাসবাদী কার্যকলাপ কোনোপধ্যেই সহ্য কৰা নহয় বুলি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। যি কি নহওক ৰাজ্যৰ চৰ অঞ্চলৰ অৱস্থা সকলো দিশৰ পৰাই এতিয়াও চৰ অঞ্চলক ভালদৰে ঢুকি পোৱা নাই। মধ্য আৰু নামনি অসমৰ সমগ্ৰ চৰ অঞ্চলতে সংখ্যালঘু সম্প্রদায়ৰ লোকৰ বাস। এওঁলোকৰ বুজন পৰিমাণেই পূর্ববংগীয় মূলৰ। এওঁলোকৰ মাজত এতিয়াও মাতব্বৰী প্রথা চলি আছে। সামন্তবাদী ধ্যান-ধাৰণাৰ বাবে স্ত্রী শিক্ষা আদিতো গুৰুত্ব দিয়া নহয়। মাটি-বাৰীক লৈ কাজিয়াৰ অন্ত নাই। সবাতোকৈ ডাঙৰ কথাটো হ’ল, প্রশাসনৰ কোনো ধৰণৰ উপস্থিতিয়েই ইয়াত নাই বুলিব পাৰি। ফলত অপৰাধ বা সন্ত্রাসবাদীৰ বাবে এনে ঠাই উপযুক্ত হােৱাত আচৰিত হ’ব লগীয়া একো নাই।
      চৰকাৰী বিভাগৰ কোনো বিষয়া আদিক এনে অঞ্চলত দেখা নাযায়। তাত থকা বিদ্যালয়সমূহতো চৰকাৰী শিক্ষকৰ উপস্থিতি তেনেই সেৰেঙা বা প্রকৃত শিক্ষকজনে তাত ভুৱা শিক্ষক এজন থৈ কাম চলায়। অর্থাৎ আচল শিক্ষকজনে চৰকাৰৰ পৰা দৰমহা ঠিকেই লয়। সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত তেওঁৰ ঠাইত এজন ভুৱা শিক্ষকক স্কুলৰ দায়িত্ব দিয়ে। মুঠতে চৰকাৰ বা প্রশাসন বুলিবলৈ এনে অঞ্চলত একো নাই। সেয়ে চৰ অঞ্চলৰ লোকে যিকোনো চৰকাৰী আমোলা বা বিষয়াৰ উপস্থিতিত আনন্দিত হ’ব। অর্থাৎ আৰক্ষী প্রশাসনৰ লোক চৰ অঞ্চললৈ যোৱাটোক তাৰ ৰাইজে ইতিবাচকভাৱে গ্ৰহণ কৰিব। ইতিমধ্যে আৰক্ষী প্রধান নিজেই গৈ নলবাৰী জিলাৰ এখন চৰত উপস্থিত হোৱাটো শুভ লক্ষণ। স্বাভাৱিকতে ৰাইজৰ লগত ভাব-বিনিময়ৰ পিছত আৰক্ষী বিভাগ উপকৃত হ'ব। চৰ অঞ্চলৰ ৰাইজৰ যে এখন চৰকাৰ আছে, প্রশাসন আছে তাক জনাৰ পাছত বেয়া কামক স্বাভাৱিকতে তাৰ ৰাইজে উৎসাহিত নকৰিব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment