কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীৰ অতিৰিক্ত বোজা অসমৰ ওপৰত জাপি দিবলৈ লোৱা কার্যৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে অসমৰ সকলো দল-সংগঠন আৰু জনতা৷ আজি আছুৱে অনুষ্ঠিত কৰা এক ৰাইজমেলত ৰাজ্যবাসীয়ে হিন্দু বাংলাদেশীৰ বোজা গ্রহণ নকৰে বুলি স্পষ্ট কৰাৰ লগতে আছুৰ নেতৃত্বত ঐক্যবদ্ধ আৰু নিৰৱচিছন্ন আন্দোলনৰ সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে, অহা 25 অক্টোবৰত সংসদৰ যুটীয়া সমিতিৰ শুনানিত অংশ ল’বলৈ যাবলগীয়া আছুক অসমৰ ৰাইজৰ হৈ সকলো তথ্যসহ যুক্তি প্রদর্শন আৰু সকলো বিষয় দাঙি ধৰিবলৈ আগবঢ়াই দিয়ে৷ কেন্দ্রই ধর্মৰ ভিত্তিত বিদেশীক বিভাজন কৰি অসমৰ ওপৰত অতিৰিক্ত বোজা জাপি দি অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্ব বিপদৰ মাজলৈ ঠেলি দিয়া বিষয়ত আজি সদৌ অসম ছাত্র সন্থাই ৰাজ্যৰ সকলো খিলঞ্জীয়া, জাতীয়, জনগোষ্ঠীয় দল-সংগঠনৰ প্রতিনিধি, বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজ্যৰ বিভিন্ন ঠাইৰ বিশিষ্ট নাগৰিকসহ সকলো পক্ষৰ প্রতিনিধিক লৈ আজি গুৱাহাটীৰ ৰবীন্দ্র ভৱনত এখন ৰাইজমেলৰ আয়োজন কৰে৷ এই ৰাইজমেলতে ৰাজ্যৰ সকলো পক্ষৰ জনতাই আছুক পুনৰ এক বৃহৎ আন্দোলন কৰিবলৈ কর্তৃত্ব প্রদান কৰি তেওঁলোকৰ সৈতে সকলোৱে সহযোগ কৰাৰ প্রতিশ্রুতি দিয়ে৷ দিনজোৰা ৰাইজমেলৰ অন্তত কেন্দ্রই অসমৰ মাটিত খিলঞ্জীয়াৰ পৰিচয়, প্রভুত্ব, ভাষা-সংস্কৃতি, সভ্যতা নিঃশেষ কৰিবলৈ প্রস্তুত কৰা বিধেয়কখন সর্বসন্মতিক্রমে অগ্রাহ্য কৰাৰ লগতে বিধেয়কখনৰ দৃঢ়তাৰে বিৰোধিতা কৰে৷ আনহাতে, নাগৰিকত্ব আইনৰ 6 [ক] দফাই অসম চুক্তিক আইনগতভাৱে স্বীকৃতি দিয়া বুলি স্পষ্ট কৰি ঐতিহাসিক অসম চুক্তিৰ ফলত সম্পাদিত অসম চুক্তিৰ আধাৰত ৰাজ্যৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান হ’ব লাগিব বুলি ৰাইজমেলে স্পষ্ট কৰে৷ অসমে সমগ্র ভাৰতৰ হৈ 1971 চনলৈ বিদেশীৰ বোজা গ্রহণ কৰিলে৷ কিন্তু তাৰ পাছত অসমলৈ অহা হিন্দু-মুছলমান কোনো অবৈধ বাংলাদেশীৰে বোজা অসমে গ্রহণ কৰিব নোৱাৰে আৰু কেতিয়াও নলয় বুলি সিদ্ধান্ত গ্রহণ কৰা হয়৷ ইয়াৰ উপৰি, অসমত খিলঞ্জীয়া মানুহৰ প্রভুত্ব নিশ্চিত কৰাৰ লগতে খিলঞ্জীয়াৰ ভৱিষ্যৎ নিশ্চিত কৰিবলৈ অসম চুক্তিৰ আধাৰত খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ দাবী কৰে৷ লক্ষণীয়ভাৱে সংসদৰ যুটীয়া সমিতিৰ ওচৰত ৰাজ্যৰ সকলো আগ্রহী দল-সংগঠনক নিজৰ মতামত দাঙি ধৰাৰ সুযোগ দিয়াৰ দাবীও কৰে ৰাইজমেলে৷ কেন্দ্রই অসমৰ খিলঞ্জীয়াৰ প্রভুত্ব আৰু পৰিচয় নিঃশেষ কৰিবলৈ প্রস্তুত কৰা সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আলোচনা আৰু আন্দোলন সমানে চলাই নিবলৈও ৰাইজমেলত সিদ্ধান্ত গ্রহণ কৰা হয়৷ ৰাইজমেলত বিধেয়কখনৰ প্রতিবাদত গুৱাহাটীত কেন্দ্রীয়ভাৱে এখন বৃহৎ গণ সমাৱেশ অনুষ্ঠিত কৰিবৰ বাবেও সিদ্ধান্ত গ্রহণ কৰি ইয়াৰ প্রয়োজনীয় পদক্ষেপ ল’বলৈ আছুক দায়িত্ব অর্পণ কৰে৷ ইয়াৰ উপৰি, বিগত নির্বাচনত অসমবাসীয়ে হিলদল ভাঙি খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ভোট দি নতুন চৰকাৰক দায়িত্ব দিলে৷ এতিয়া এই চৰকাৰে কেন্দ্রৰ সৈতে আলোচনা কৰি অসম চুক্তি ৰূপায়ণৰ ব্যৱস্থা কৰাৰ লগতে ’71-ৰ পাছত কোনো বিদেশীৰ অধিক বোজা অসমৰ ওপৰত জাপি নিদিয়াৰ ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিবলৈ আহবান জনায়৷ ৰাইজমেলত আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কোনো কাৰণ আৰু কোনো পৰিস্থিতিতে অসম চুক্তিৰ পুনৰ বিবেচনা কৰা নহ’ব বুলিও স্পষ্ট কৰে৷ ৰাইজমেলৰ উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড0 লক্ষ্মীনন্দন বৰাই হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিলে ৰাজ্যখনৰ ভৱিষ্যৎ সলনি হৈ পৰিব বুলি প্রকাশ কৰে৷ তেওঁ ধর্মৰ ভিত্তিত বিদেশী অনা কার্যই অসমবাসীৰ বাবে বিপজ্জনক বুলি কয়৷ আনহাতে, বহিঃৰাজ্যত জাতীয় সংকটৰ সময়ত সকলো দল-সংগঠন একত্রিত হয় যদিও অসমত এই সংকটৰ সময়ত একত্রিত নোহোৱাটো দুর্ভাগ্যজনক আখ্যা দিয়ে৷ অসমীয়া জাতিৰ সংগ্রামী সত্তা থকা বুলিও প্রকাশ কৰি তেওঁ বিধেয়কখনৰ বিৰুদ্ধে একত্রিত আৰু প্রবল প্রতিবাদ হ’ব লাগিব বুলিও কয়৷ জাতি এটা ভাষা, সাহিত্য আৰু সংস্কৃতিক লৈ জন্ম হয় বুলি প্রকাশ কৰি তেওঁ বিধেয়কখন আইনত পৰিণত হ’লে অসমীয়া জাতিয়ে সকলো হেৰুৱাব লাগিব বুলিও কয়৷ ইফালে, প্রাগজ্যোতিষ কলেজৰ প্রাক্তন অধ্যক্ষ দয়ানন্দ পাঠকে অসমৰ ৰাইজে চর্তবিহীনভাৱে বিৰোধ কৰা বাবে বিধেয়কখনৰ বিৰুদ্ধে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও বিৰোধ কৰা উচিত বুলি কয়৷ ইফালে, অসম সাহিত্য সভাৰ হৈ সহকাৰী সাধাৰণ সম্পাদক অৱনী মোহন চহৰীয়াই ধর্মৰ ভিত্তিত বাংলাদেশীক বিভাজন কৰি সংকীর্ণ ৰাজনীতি নকৰিবলৈ সকলোকে সকীয়াই দিয়ে৷ সভাই জাতিৰ স্বার্থত কেতিয়াও আপোচ নকৰে আৰু জাতীয় চিন্তাৰ পৰিপন্থী কামৰো সমর্থন নকৰে বুলি স্পষ্ট কৰে৷ অসম আন্দোলনৰ ভিত্তিত গঠন হোৱা সদৌ অসম কর্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই হিন্দু বাংলাদেশীক ভাৰতে ভগাই লোৱাৰ কথা কৈছে যদিও জলবায়ু, পৰিৱেশ, পৰিস্থিতিৰ সৈতে মিল থকা বাংলাদেশীয়ে পাছত অসমতে থিতাপি ল’ব বুলি কয়৷ গতিকে, এই কাম কেতিয়াও সমর্থন কৰিব নোৱাৰে বুলি স্পষ্ট কৰি প্রয়োজনত পৰিষদে পুনৰ আন্দোলন কৰিবলৈ ওলাই আহিব বুলি কয়৷ ইয়াৰ বাবে অসমবাসীক পথ নির্দেশনা দিবলৈও তেওঁ আহবান জনায়৷ এবছুৰ সভাপতি প্রমোদ বড়োৱে সংশোধিত নাগৰিকত্ব আইন অসমত কার্যকৰী কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি কেন্দ্রৰ স্থিতিৰ বিৰুদ্ধে সকলো ধৰণৰ আৰু সীমাহীন সংগ্রাম কৰাৰ পোষকতা কৰে৷ ৰাজ্যৰ প্রাক্তন শীর্ষ আৰক্ষী বিষয়া তথা অসম আন্দোলনৰ ভুক্তভোগী হিৰণ্য কুমাৰ ভট্টাচার্যই অসম চুক্তি সম্পূর্ণ কার্যকৰী নকৰাকৈ বেলেগ চুক্তি কৰাৰ প্রশ্নই আহিব নোৱাৰে বুলি স্পষ্ট কৰে৷ বিধেয়কখনৰ মতে, সমগ্র ভাৰতে বিদেশীক ভগাই লোৱাৰ কথা কৈছে যদিও নাগৰিকত্ব পোৱাৰ পাছত তেওঁলোকক অসমলৈ অহাত কোনে বাধা দিব বুলি প্রশ্ন কৰে৷ তেওঁ অসম চুক্তি সম্পূর্ণ কার্যকৰী কৰি সাংবিধানিক ৰক্ষাকৱচ দি অসমবাসীৰ ৰাজনৈতিক আৰু অর্থনৈতিক সুৰক্ষা দিয়াৰ পাছত চৰকাৰে যি কৰে কৰি থাকক বুলিও তেওঁ প্রকাশ কৰে৷ আনহাতে, অসমৰ খিলঞ্জীয়া জনসাধাৰণক তেওঁ নিৰাশ হ’বলৈ মানা কৰি কয় যে মোৱামৰীয়া বিদ্রোহ, মানৰ আক্রমণ, ব্রিটিছৰ ৰাজত্বৰ সময়তো অসমীয়া জাতি অস্তিত্বৰ সংকটত পৰিছিল যদিও সম্পূর্ণ নিশ্চিহু নহ’ল আৰু পুনৰ মূৰ দাঙি উঠিল বুলি কয়৷ তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ যদি অলপো ভালপোৱা আছে তেন্তে জাতিৰ আহবানৰ প্রতি সঁহাৰি দিয়ক বুলিও কয়৷ সন্দিকৈ কলেজৰ প্রাক্তন অধ্যাপক বসন্ত ডেকাই অসমত কাম কৰা আৰ এছ এছ আৰু বিজেপিৰ মানুহবোৰ অসমীয়া বুলি উল্লেখ কৰি তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰাহেঁতেন কেতিয়াও সেইখন আহিব নোৱাৰিলেহেঁতেন বুলি কয়৷ আনহাতে, কেন্দ্রক অসমবাসীয়ে ভালকৈ ইয়াৰ বিৰোধ কৰাৰ পাছতো নুশুনিলে টানকৈ ক’ব লাগিব আৰু তেতিয়াও নুশুনিলে যিকোনো ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলি কয়৷ আনহাতে, অসমীয়াৰ শত্রু অসমীয়াই বুলি আক্ষেপ কৰি তেওঁ সেই অনুসৰিহে সমধান-সূত্র উলিয়াব লাগিব বুলিও কয়৷ বিশিষ্ট সাংবাদিক অদীপ ফুকনে তথ্য আৰু পৰিসংখ্যাৰ ভিত্তিত অসমত অসমীয়াভাষী হ্রাস পাই অহা আৰু বাঙালীভাষী বৃদ্ধি পাই অহাৰ কথা প্রকাশ কৰি অসমৰ মাটিত থাকি অসমৰ বায়ু, পানী খাই জীয়াই থকা সকলো দল-সংগঠনে অসমৰ ৰাইজৰ পক্ষত থিয় হ’বই লাগিব বুলি স্পষ্ট কৰে৷ আনহাতে, অসমৰ শ্বহীদসকলৰ কথা দিছপুৰে পাহৰিলেও গণ সংগঠনসমূহে পাহৰি যোৱা উচিত নহয় বুলি কয়৷ লক্ষণীয়ভাৱে ৰাইজমেলত বিশিষ্ট অধিবক্তা নেকিবুৰ জামান, সদৌ অসম ট্রাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ সভাপতি বিৰাজ তালুকদাৰ, জনগোষ্ঠীয় সাহিত্য সভাৰ হৈ ৰাভা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ ৰাভা, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত, সদৌ অসম উকীল সন্থাৰ দীপক দাস, আক্রাছুৰ সাধাৰণ সম্পাদক ত্রৈলোক্য ৰায়, শোণিপুৰ জিলাৰ প্রাক্তন আছুনেতা শান্তনু মহন্ত, এন চি হিল৲ছ ইণ্ডিজেনিয়াছ ষ্টুডেণ্টছ ফ’ৰাম, প্রাক্তন সাংসদ তথা অসম আন্দোলনকাৰী কুমাৰ দীপক দাস, শিৱসাগৰৰ অসম আন্দোলনকাৰী সোমেশ বৰাকে ধৰি ৰাজ্যৰ প্রায় সকলো জিলাৰ প্রতিনিধিৰ উপৰি আছুৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা 28 জনগোষ্ঠীয় সংগঠন, খিলঞ্জীয়া সাহিত্য সভা, উত্তৰ কাছাৰৰ জনগোষ্ঠীয় ছাত্র সংগঠন আদিৰ প্রতিনিধিয়ে আজিৰ ৰাইজমেলত অংশগ্রহণ কৰি কেন্দ্রৰ ষড়যন্ত্রৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে বিৰোধ কৰি আন্দোলন কৰিবলৈ সাজু থকা বুলি নিজা স্থিতি স্পষ্ট কৰে৷[উৎস :: দৈনিক জনমভূমি ]
Home / আন্দোলনৰ উকমুকনি
/ পুনৰ এটা বৃহৎ আন্দোলনৰ উকমুকনি::আছুৰ নেতৃত্বত ঐক্যবদ্ধ আৰু নিৰৱচিছন্ন আন্দোলনৰ সিদ্ধান্ত গ্রহণ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment