"বহল নীলা চকু, জোঙা নাক, সোণালী চুলি আৰু জোঙা থুঁতৰিৰে আচৰিত ধুনীয়া সেই ছোৱালীবোৰ দেখি মই ৰ' লাগি চাইছিলো। স্বৰ্গ যেন লগা লাডাখৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বুকুত সিহঁত যেন একো একোজনী আকাশী পৰী..."...খুড়াদেউৰ মুখৰ উপন্যাসোপম কাহিনীবোৰ শুনি হৰ্ঠাৎ যেন মনটোৱে উৰা মাৰিছিল ক'ৰবালৈ..! ইতিহাসৰ কাহিনীৰে বনোৱা হলিউডৰ চিনেমাহে চাই আছো যেন..! সঁচায়ে এইয়া ভাৰতৰ ঠাই এখনৰ জাতি এটাৰে বৰ্ণনা নে..! শুনিছিলো কৰ'বাত....আলেকজেণ্ডাৰে সকলোকে জয় কৰি আহি আহি থমকি ৰ'ব লগা হৈছিলহি ইণ্ডাচ নৈৰ পাৰৰ কোনোবা এখন ঠাইত। ৬-৭ ফুট ওখ গৌড় বৰ্ণৰ কিছুমান সুন্দৰ পুৰুষেৰে গঠিত সৈন্য বাহিনীয় হেনো আলেকজেণ্ডাৰকৰ জয়ৰ ৰথ স্তব্ধ কৰিছিল। ইণ্ডাচ উপত্যকতাত বাস কৰা এইসকলেই আছিল হেনো আৰ্য, যি জাতিৰ নামেৰে ভাৰতৰ নামকৰণ হৈছিল "আৰ্যাৱৰ্ত" নামেৰে। আৰ্য শব্দটো সংস্কৃতৰ পৰা অহা। আৰ্য মানে উত্তম, উন্নত।
মোৰ খুড়াদেউ ভাৰতীয় সৈন্যবাহিনীৰ বিষয়া। কৰ্ম সূত্ৰে বহুদিন ধৰি লাডাখত আছিল। তেওঁ মুখত পুন-প্ৰথমৰ বাবে শুনিছিলো পৃথিৱীৰ একমাত্ৰ বিশুদ্ধ তেজৰ জাতিটোৰ কথা। লাডাখৰ হন্নু, দাহ, গাৰক'ন, দাৰ্চিক আৰু বিয়ামা নামৰ সৰু সৰু ৫ খনমান গাওঁত বাস কৰা সংখ্যাত মাত্ৰ ৫০০০ মানৰ এই আৰ্য সকলেই হ'ল ইণ্ডো-ইউৰোপীয়ান বংশৰ বিশুদ্ধ তেজৰ বংশধৰ। নানান মংগোলীয় জনগোষ্ঠীয় লোকৰ বাসস্থান লাডাখত এই ভিন্ অৱয়বৰ লোক সকল সঁচাই এক আচাৰ্য। লাডাখৰ অন্য বাসিন্দাৰ পৰা সম্পূৰ্ণ পৃথক এই লোকসকলৰ পুৰুষসকলৰ উচ্চতা ৬ ফুটৰ পৰা ৬'.৬" লৈকে হোৱা দেখা যায়। এওঁলোকৰ চকুৰ মণিৰ উজ্জল নীলা ৰঙে একক বৈশিষ্ট বহণ কৰে। বিখ্যাত পৰ্বতাৰোহী তথা হিমালয় অঞ্চলৰ বিশেষজ্ঞ মেজৰ এইচ. পি. এচ. আহ্লুৱালিয়াৰ কিতাপ "হাৰমিট কিংডম- লাডাখ"ত উল্লেখ আছে যে বহুবাৰ বহু জাৰ্মান ভ্ৰমণকাৰীয়ে বিশুদ্ধ তেজৰ এই আৰ্য সকলৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি এক নতুন প্ৰজন্মৰ জন্ম দিবলৈ চেষ্টা কৰিছিল। জাৰ্মানীৰ পৰা অহা মহিলাৰ এটি দলে এই বিশুদ্ধ তেজৰ আৰ্য সকলৰ পুৰুষসকলৰ লগত সহবাস কৰিব বিচাৰিছিল যাতে তেওঁলোকে লগত বিশুদ্ধ আৰ্যৰ বীজ লৈ যাব পাৰে। আকাশী পৰীহেন অতীৱ সুন্দৰ মহিলা সকল আৰু ৬ ফুটৰ পৰা ৬'.৬" লৈকে উচ্চতাৰ পুৰুষৰে গঠিত নীলা চকুৰ এই আচাৰ্যকৰ বৌদ্ধ ধৰ্মীয় লোকসকল "ড্ৰক-পা" বুলি জনাজাত। এওঁলোকৰ সংস্কৃতিও ৰংচঙীয়া। নিজৰ জাতিৰ ভিতৰতে বিবাহ পাশত আবদ্ধ হোৱাৰ নিয়মেৰে বন্ধা এই লোক সকলৰ পুৰুষ সকলে ফুলাম টুপী আৰু ঢিলা সাজ পৰিধান কৰা দেখা যায়। সাঁজ-পাৰত বিভিন্ন ধাতুৰ মুদ্ৰা লগোৱা থাকে। নাৰীসকলেও সৰ্ব শৰীৰ ধকা ঢিলা পোচাক পিন্ধে আৰু কাণত গধুৰ কাণ-ফুলি পিন্ধে। ডিঙিত ধাতুৰ নেকলেচ ব্যৱহাৰ কৰে। গৰু পালনৰ পৰা আঁতৰত থকা, মুৰ্গীৰ মাংস আৰু কণী নোখোৱা এই লোকসকলৰ প্ৰিয় খাদ্য হ'ল ছাগলীৰ গাখীৰ আৰু এই গাখীৰৰে তৈয়াৰী বিভিন্ন খাদ্য। ছাগলী আৰু ভেড়া পালক এই লোকসকলৰ বস্ত্ৰসমূহ ছাগলী আৰু ভেড়াৰ নোমেৰে তৈয়াৰ কৰে। মহিলাসকলে খেতি কৰে আৰু পুৰুষ সকলে সাধাৰণতে হাবিলৈ খৰি লুৰুকিবলৈ যায়। "লচাৰ" এওঁলোকৰ মূল উৎসৱ। এই উৎসৱ নক্ষত্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি পতা হয় যদিও প্ৰায়ে ডিচেম্বৰ-জানুৱাৰীতে হয়। উত্তৰ ভাৰতৰ বেছিভাগ মানুহৰে পূৰ্বপুৰুষ এই বিশুদ্ধ তেজৰ আৰ্য সকল জাৰ্মানীৰ এড্লফ হিটলাৰৰো পূৰ্বপুৰুষ। ইউৰোপীয় মূলৰ বেছিভাগ মানুহৰে মূল হ'ল এই আৰ্যসকল। [যুগুতালে ::জীতেন্দ্র জীতু শইকীয়া ]
0 comments:
Post a Comment