চীন দেশ পৃথিৱীৰ আটাইতকৈ অধিক জনসংখ্যা বিশিষ্ট ৰাষ্ট্ৰ । চীনদেশৰ নাগৰিক সকলক চৰকাৰে উৎপাদনমুলক কাম কাজত জন সম্পদ হিচাপে নিয়োজিত কৰিছে । ফলস্বৰূপে চীনদেশত উৎপাদিতসামগ্ৰীয়ে আজি গোটেই বিশ্বৰ বজাৰ দখল কৰি লৈছে । স্বয়ং আমেৰিকা যুক্তৰাজ্যই আজি বিশ্ব বাণিজ্যত চীনৰ লগত ফেৰ মাৰিবলৈ অপাৰগ হৈ পৰিছে । দোপত দোপে আগবাঢ়ি গৈছে চীনদেশৰ ৰাষ্ট্ৰীয় অৰ্থনীতি আৰু জনমুৰি আয় । চীনৰ পিছতেই পৃথিৱীৰ ভিতৰত দ্বিতীয় জনবহুল দেশ হ’ল ভাৰত । ভাৰতৰ জনসাধাৰণক চৰকাৰে সাম্প্ৰদায়িক সংঘাত¸ পৰধৰ্মৰ নিন্দা¸ অসহিষ্ণুতা¸ সামাজিক অস্থিৰতা¸ ভুৱা অপপ্ৰচাৰ¸ হিংসা বিদ্বেষ সৃষ্টি কৰি বিশেষ ৰাজনৈতিক দলৰ ভোটবেংক সৃষ্টি কৰা কামত ব্যৱহাৰ কৰিছে । গতিকে ভাৰতবৰ্ষ সাম্প্ৰদায়িক ভেদভাৱ আৰু অসহিষ্ণুতাৰ উদ্যোগ সৃষ্টিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে । একো নোপোৱাকৈ আজন্ম দৰিদ্ৰতাৰ কবলিত ভাৰতবাসীয়ে যি আবেগ আৰু উৎসাহেৰে নিজৰ পছন্দৰ ৰাজনৈতিক দলক ভোট দিয়ে বিশ্বৰ কোনো দেশত ইয়াৰ নজিৰ নাই ।এই ক্ষেত্ৰত চীন দেশ ভাৰততকৈ বহুত পিছপৰি আছে । পৰধৰ্মৰ প্ৰতি হিংসা ¸ অপপ্ৰচাৰ আৰু অশান্তি সৃষ্টি কৰাৰ দৰে গুৰুত্বপুৰ্ণ পৰিবেশ আৰু জ্ঞানৰ অভাৱৰ কাৰণেই চীনদেশৰ নাগৰিকসকলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উৎকৰ্ষ সাধন কৰি নিজৰ উদ্ভাৱনী শক্তিৰ পৰিচয় বিশ্ববাসীৰ আগত দাঙি ধৰি নিজৰ অজ্ঞানতা আৰু অকৰ্মণ্যতা প্ৰদৰ্শণ কৰিছে । ভাৰতবাসীয়ে কিন্তু হিংসা¸ অবিশ্বাস আৰু অশান্তি সৃষ্টিৰ ক্ষেত্ৰত নিজৰ যোগ্যতা আৰু পাৰদৰ্শিতা প্ৰদৰ্শণ কৰি বিশ্ব দৰবাৰত ভাৰতৰ গৌৰৱ অক্ষুন্ন ৰাখিছে । [Aminul Islam, MLA - Dhing]
চীন-ভাৰত:: উৎপাদনমুলক কাম,অজ্ঞানতা আৰু অকৰ্মণ্যতা

0 comments:
Post a Comment