ফেচবুকৰ পৃথিৱীত আমি:::


অৰূপ বৰগোহাঁই :::
    কোৱাচোন এই ফেচবুকৰ জগত খনে তোমাক কি দিছে !!! হেৰাই যোৱা শৈশৱ বন্ধু , ভাল বন্ধু , সময়ৰ সোঁতত আতৰি যোৱা আত্মীয় জন নে , ভালপোৱা প্ৰেম , নে আন কিবা!!!
মই , তুমি বা আন বহুজনে আজিৰ সময়ত ফেচবুকত ভূমুকি মাৰো, আজিৰ দিনত মই ভাবো প্ৰায় ভাগ মানুহেই ফেচবুক কৰে । কেতিয়াবা ভাব হয় আজিকালি যেন ফেচবুক একাউণ্ট থকাটো বাধ্যতামূলক হৈ পৰিছে ।হাঁহি উঠে ভাবিলে..........ভোটাৰ তালিকাত মোৰ বা তোমাৰ নাম থাকক বা নাথাকক কিন্তু ফেচবুকত মোৰ বা তোমাৰ নামটো চাৰ্ছ কৰিলে নিশ্চয় পোৱা যায়।এই ফেচবুকৰ জগত খনৰ জৰিয়তে বহু অচিনাকি লগত চিনাকি হওঁ , কিছুমান লগত হায় হেল্ল গুড মৰণিং গুড নাইট এইবোৰতে সীমাবদ্ধ হৈ থাকি যায় আৰু তাৰ মাজতে কিছুমান লগত তেজৰ সম্পৰ্ক নহলেও মৰম চেনেহৰ এনে এটা সম্পৰ্ক গঢ় লৈ উঠে যে তেখেতৰ যদি কিবা এটা বেয়া হোৱা বুলি শুনা যায় চকুলো নামি আহে তেতিয়া ।
     ফেচবুকৰ জৰিয়তে চিনাকি হোৱা বন্ধু বান্ধৱী , ভাইটি - ভণ্টি, দাদা- বাইদেউক কেতিয়াবা সন্মুখত লগ পাই গলেও খুব ভাল লাগে । মই নিজেই তেনেদৰে বহু বাৰ লগ পাইছো মোৰ ভাইটিৰ দৰে মৰমৰ ৰিকি , ৰন্জীত, প্ৰনৱ, পাৰ্থ, বিশ্নু , যোগা ,বাৰ দৰে স্মৃতিৰেখা আৰু মৰমৰ ভণ্টি শ্মিতা ,( নামৰ বানান বোৰ ভুল হলে শুধৰাই দিবা )বহুত ভাল লাগিল তেওঁলোকৰ লগত চিনাকি হৈ আৰু দুই এজনৰ লগত ফোনত কথাও পাতো , ভাল লাগে তেতিয়া তাৰ মাজতে কিন্তু এই ফেচবুকৰ জগত খনে কিন্তু কেতিয়াবা তিতা কেহাও দিয়ে দেই কাৰণ মই নিজেই ইয়াৰ সন্মুখীন হৈছো । ছদ্ম নাম দি একাউণ্ট খুলি কি যে মিঠা মিঠা কথা কৈ পিছত তিতা দিয়ে বাহ কবই নালাগে । ৰাতি যদি দেৰিলৈকে অন লাইন দেখে আৰু Hi darling ,Hi dear বুলিহে inbox অত মেছেজ দিয়াটো তেওঁলোকৰ অভ্যাস ।আকৌ ওলোটাই প্ৰশ্ন কৰে ইমান দেৰি অন লাইন যে টোপনি নাই নেকি নে আজি ঘৰত কোনো নাই ...... ইত্যাদি কিন্তু নিজে ইমান দেৰিলৈকে কি কৰি আছে সেইটো নাভাবে যেনিবা তেওঁ আহি মোক টোপনি যোৱা গীত গাই শুৱাবলৈ চেষ্টা হে কৰিব , বাহ কি যে এই ফেচবুকৰ জগত খন , কিন্তু তাৰ মাজতো ফেচবুকৰ জৰিয়তে চিনাকি হোৱা বন্ধু-বান্ধৱী তোমাৰ বা মোৰ আপোন হবও পাৰে , হয়টো তোমাৰো ফেচবুকৰ জৰিয়তে চিনাকি হোৱা কোনোবা এজন ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব পাৰে তুমিও কাৰোবাৰ আপোন হব পাৰা। তুমি বাৰু কেতিয়াবা ভাবিছা নে যদি তুমি হঠাৎ এই পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱাগৈ তেতিয়া তোমাৰ এই ফেচবুকৰ একাউণ্টটোৰ কি অৱস্থা হব !!!! ভাবি চোৱাচোন এবাৰ এতিয়াই ..... কি পালা বাৰু ??? এটা শিলৰ দৰেই পৰি ৰব তোমাৰ এই বন্ধুত্বৰ তালিকা খন , বহুতেই তোমালৈ ফ্ৰেন্দৰিকুৱেষ্ট পথাব ,বহুতে টেগ কৰিব অনলাইনত দেখা পালে মেছেজ কৰা বন্ধু বান্ধৱী বোৰে মেছেজ কৰিব , ঐ কি খবৰ হে বহু দিন একো খবৰ নাই যে ....??? নে মোক বেয়া পালা তাৰ মাজতে আকৌ দুই এজনে অভিমান সুৰত মেছেজ কৰি কব আজিকালি অন লাইন থাকিলেও কোনোবাই একো ৰিপ্লাই নিদিয়ে দেই .... কিন্তু সেইকেইজনে নাজানে যে তোমাৰ একাউণ্টটো আৰু কোনো দিনেই অনলাইন আৰু পোৱা নাযাব তেওঁলোকে গমেই নাপাব তুমি যে জীয়াই থকা নাই । ফ্ৰেন্দৰিকুৱেষ্ট , মেছেজ , নটিফেকেশ্যন এইবোৰ পৰি ৰব তোমাৰ একাউণ্টত অথচ ফেচবুকৰ বন্ধু বান্ধৱী বিলাকে গমেই নাপাব তুমি যে এই পৃথিৱীত নাই । সচাকৈয়ে কি আচৰিত এই সম্পৰ্ক ......... !!!
এইখনেই সেই জগত যত আমি আজৰি সময়ত তুমি বা মই এবাৰ হলেও দিনটোত ভুমুকি মাৰো নহয়নে ☺☺☺☺☺
Share on Google Plus

About Unknown

0 comments:

Post a Comment