সাংবাদিক অৰ্ণৱ গোস্বামীক ৱাই পর্যায়ৰ নিৰাপত্তা প্রদান ::সন্ত্রাসবাদী সংগঠনৰ ভাবুকি



টাইমছ নাও সংবাদ চেনেলৰ মুখ্য  সম্পাদক তথা অসম সন্তান অৰ্ণৱ গোস্বামীক প্রদান কৰা হৈছে ৱাই পর্যায়ৰ নিৰাপত্তা । পাকিস্তান আশ্রিত সন্ত্রাসবাদী সংগঠনৰ পৰা অৰ্ণৱ গোস্বামীলৈ জীৱনৰ প্রতি ভীতি থকাৰ তথ্য কেন্দ্রীয় চোৰাংচোৱা সংস্থাই লাভ কৰাৰ পিছতে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে তেওঁক "ৱাই পর্যায়ৰ নিৰাপত্তা প্রদানৰ সিদ্ধান্ত লয়। সেই অনুসৰি অৰ্ণৱ গোস্বামীক এতিয়াৰ পৰা ২০জন নিৰাপত্তাৰক্ষীয়ে অহৰ্নিশে ঘেৰি থাকিব। তদুপৰি দুজন সশস্ত্ৰ দেহৰক্ষীয়ে দেশৰ শীৰ্ষস্থানীয় সাংবাদিকজনক নিচেই কাষতে থাকি পহৰা দিব। “কেন্দ্রীয় চোৰাংচোৱা সংস্থাই অৰ্ণৱ গোস্বামীৰ প্রতি পাকিস্তান আশ্রিত সন্ত্রাসবাদীৰ দ্বাৰা ক্ষতি হােৱাৰ আশংকাৰ তথ্য লাভ কৰাৰ পিছতে কেন্দ্রীয় চৰকাৰে "ৱাই’ পর্যায়ৰ নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত লয়। পাকিস্তানস্থিত সন্ত্রাসবাদীৰ বিৰুদ্ধে তেওঁ সন্ত্রাসবাদীয়ে প্রতিশোধৰ পৰিকল্পনা কৰাৰ নিশ্চিত তথ্য লাভ কৰা হৈছে।”— কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এজন আগশাৰীৰ বিষয়াই এনেদৰে কয়। উল্লেখ্য, পাকিস্তানস্থিত সন্ত্রাসবাদীৰ বিৰুদ্ধে সততে সৰৱ অৰ্ণৱ গোস্বামীয়ে উৰিৰ সন্ত্রাসবাদী আক্ৰমণৰ পিছত “টাইমছ নাও’ সংবাদ চেনেলৰ তেওঁৰ ৯ বজাৰ বিতর্ক অনুষ্ঠানত পাক সন্ত্রাসবাদীৰ বিৰুদ্ধে আক্রমণাত্মক মন্তব্য কৰিছিল। ইয়াৰ ফলতে পাকিস্তানী সন্ত্রাসবাদী তেওঁৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে। ইপিনে, জী নিউজৰ সুধীৰ চৌধুৰীক 'এক্স’ পর্যায়ৰ, সমাচাৰ প্লাছৰ উমেশ কুমাৰক ‘ৱাই’ পর্যায়ৰ আৰু অশ্বিনী কুমাৰ চােপ্ৰাক ‘জেড পর্যায়ৰ নিৰাপত্তা ব্যৱস্থা প্রদান কৰি আহিছে কেন্দ্রীয় চৰকাৰে।





Share on Google Plus

About Unknown

0 comments:

Post a Comment