মুম্বাই চলচ্চিত্ৰ মহােৎসৱ::পাকিস্তানত নির্মিত ছবি প্রদর্শন নকৰাৰ সিদ্ধান্ত গ্রহণ




পাকিস্তানী শিল্পী আৰু কলা-কুশলীক বলীউড চলচ্চিত্র উদ্যোগৰ পৰা বর্জন কৰাৰ বিতর্ক চলি থকাৰ সময়তে মুম্বাই চলচ্চিত্ৰ মহােৎসৱত পাকিস্তানত নির্মিত ছবি প্রদর্শন নকৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। আয়োজকে প্ৰথমাৱস্থাত চলিত বছৰৰ চলচ্চিত্র মহােৎসৱখনত পাকিস্তানত নির্মিত ছবি প্রদর্শন কৰাৰ লগতে পাকিস্তানী শিল্পীকে আমন্ত্ৰণৰ সিদ্ধান্ত লৈছিল। স্থানীয় এটা সংগঠনৰ দুৰ্ঘোৰ বিৰােধিতাৰ ফলত মুম্বাই অকাডেমী অৱ মুভিং ইমেজ’ অর্থাৎ “মামি'য়ে পাকিস্তানী চলচ্চিত্ৰ বৰ্জনৰ সিদ্ধান্ত গ্রহণ কৰে। "সংঘর্ষ’ নামৰ স্থানীয় সংগঠনটোৰ অভিযোগ— মামি'য়ে চলচ্চিত্র মহােৎসৱখনত পাকিস্তানী চলচ্চিত্র প্রদর্শন কৰাৰ পৰিকল্পনা কৰাৰ লগতে পাক শিল্পীকে আমন্ত্রণ জনাইছিল। এইক্ষেত্ৰত প্রতিবাদ হ’লে আৰক্ষীৰ সাহায্য গ্ৰহণৰো সিদ্ধান্ত হৈছিল। সংঘর্ষ’ৰ অভিযোগ্— আয়োজক সংগঠনটোেৱ জাতীয় ভাবাৱেগৰ বিৰুদ্ধে পদক্ষেপ লৈছে। অৱশ্যে পিছত মামি’য়ে পাকিস্তানী ছবি বৰ্জনৰ সিদ্ধান্তত সহমত প্ৰকাশ কৰে।  উল্লেখ্য যে অষ্টাদশসংখ্যক মুম্বাই চলচ্চিত্ৰ মহােৎসৱত (২০-২৭ অক্টোবৰ) ৫৪খন দেশৰ ১৮০খন ছবি প্রদর্শন হােৱাৰ কথা।
Share on Google Plus

About Unknown

0 comments:

Post a Comment