ওড়িশাৰ ৰাজধানী চহৰ ভুবনেশ্বৰৰ ‘ভুবনেশ্বৰ ইনষ্টিটিউট অব মেডিকেল ছায়েন্স ছুম হাস্পতাল’ হাস্পতালখনৰ আই চি ইউত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত অতি কমেও ২৪ জন লোক জীৱন্তে অগ্নিদগ্ধ হয়। আই চি ইউতি অগ্নিকাণ্ড সংঘটিত হােৱাৰ লগে লগে ৰোগী, আত্মীয় আৰু চিকিৎসা কর্মীসকলৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয়।কালি বিয়লি ৬.৩০ বজাত এক শ্ব'ৰ্ট চার্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্রপাত ঘটে বুলি অনুমান কৰা হৈছে। অগ্নিনির্বাপণৰ বাবে অতি কমেও ১০০ খন অগ্নিনির্বাপক বাহিনীৰ গাড়ী নিয়োজিত কৰা হয়। ভুবনেশ্বৰৰ আটাইতকৈ বৃহৎ হাস্পতালখনত সংঘটিত কেইবাটাও মহলাত অগ্নিৰ লেলিহান শিখাই আগুৰি লোৱাত উদ্ধাৰকার্য সম্পূৰ্ণৰূপে বাধাগ্রস্ত হয়। জানিব পৰামতে দ্বিতীয় মহলাত থকা ডায়েলেছিছ ৱাৰ্ডত প্রথমে জুই লাগে আৰু খন্তেক পিচতে জুই আই চি ইউ বিভাগলৈ সম্প্রসাৰিত হয়।
Home / ভয়াৱহ অগ্নিকাণ্ড
/ ভুবনেশ্বৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড::২৪ জনৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment