ম্যাদ উকলি যোৱা চেলাইন দিয়াৰ ফলত দুটি শিশুৰ অৱস্থা সংকটজনক ::উত্তপ্ত হাইলাকান্দি



ম্যাদ উকলি যোৱা চেলাইন দিয়াৰ ফলত দুটি শিশুৰ অৱস্থা সংকটজনক হােৱাক কেন্দ্ৰ কৰি কালি নিশা হাইলাকান্দিত তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ পাছত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে এছ কে ৰয় অসামৰিক চিকিৎসালয়ৰ চাৰি কৰ্মচাৰীক। নিলম্বিত চাৰি কৰ্মচাৰী হ’ল চিকিৎসালয়খনৰ প্ৰশাসনিক বিষয়া ভাস্কৰ দাস, জি এন এম সাস্তুনা শৰ্মা ৰয়, ফার্মাচিষ্ট ফকৰুদ্দিন লস্কৰ আৰু ষ্ট'ৰ ইনচার্জ কমলা পুৰাকায়স্থ। উল্লেখ্য যে শ্বাস-প্রশ্বাসজনিত অসুবিধাৰ বাবে পৰহি দুপৰীয়া প্রায় ২.৩০ বজাত চিকিৎসালয়খনত চিকিৎসাধীন কৰা হৈছিল বাউৱাৰঘাট অঞ্চলৰ আবু ছুফিয়ান (১২) নামৰ শিশুটিক। চিকিৎসালয়ত ভর্তি কৰােৱাৰ পাছতে শিশুটিক এটা চেলাইন দিয়া হয়। কিন্তু চেলাইন দিয়াৰ ফলত শিশুটি সুস্থ হােৱাৰ পৰিৱৰ্তে ক্রমশঃ স্বাস্থ্যৰ অৱস্থা অতি জটিল হৈ পৰে। লগে লগে পৰিয়ালে উন্নত চিকিৎসাৰ বাবে ছুফিয়ানক লৈ যায় শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ। এই ঘটনাক কেন্দ্ৰ কৰি ভিতৰি ভিতৰি পৰিৱেশ উত্তপ্ত হৈ থকাৰ মাজতে সন্ধিয়া প্রায় ছয় বজাত চিকিৎসালয়খনত ভর্তি কৰােৱা হয় সোমায়া খানম বড়লস্কৰ (৮) নামৰ আন এটি শিশুক। এই শিশুটিৰ দেহটাে সংযোগ কৰে অনুৰূপ আন এটা চেলাইনৰ বটল। চেলাইন দিয়াৰ কিছুসময় অতিবাহিত হােৱাৰ লগে লগে ছুফিয়ানৰ দৰে সোমায়ায়ো অসুস্থ হৈ পৰে। এই দুয়োটা ঘটনাৰ খবৰ চিকিৎসালয়খন সংলগ্ন অঞ্চলত বিয়পি পৰাৰ লগে লগে ভিৰ কৰে বহুসংখ্যক স্থানীয় লোকে। এটা সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰে। এই খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় জিলাৰ উপায়ুক্ত মলয় বৰাই। তেওঁ সমগ্র ঘটনাৰ তদন্তৰ দায়িত্ব দিয়ে ৰাজহ চক্ৰ বিষয়া তথা কার্যবাহী দণ্ডাধীশ ছৰফৰাজ হকক। তদুপৰি কি কাৰণত চিকিৎসালয়খনৰ ভঁৰালত ম্যাদ উকলি যোৱা ঔষধ জমা ৰখা হ’ল, সেই বিষয়ে পুংখানুপুংখভাৱে তদন্তৰ বাবে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তক তদন্তৰ দায়িত্ব দিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment