ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। খহনীয়াত ভূমিহীন পৰিয়ালক ৩ বিঘাকৈ মাটি দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ আৰু ৰাজ্যৰ ৩০ হাজাৰ পৰিয়ালক মাটি দিব ৰাজ্য চৰকাৰে। আনহাতে, খিলঞ্জীয়াক সুৰক্ষিত কৰিব পৰা নতুন ভূমি আইন আৰু ভূমি জৰীপ চলাবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে। লগতে, চাহ বাগিচাৰ অব্যৱহৃত ভূমি জৰীপৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, মাজুলীৰ ৮ হাজাৰ পৰিয়ালকো ৩ বিঘাকৈ মাটি দিয়াৰ প্ৰস্তাৱ লৈছে আৰু উপযুক্ত মাটিৰ সন্ধান কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনক। সমান্তৰলালভাৱে, গৃহ নিৰ্মাণ, খোৱাপানী, ৰন্ধন গেছৰো ব্যৱস্থা কৰিব চৰকাৰে। আনহাতে, ব্যৱসায়ীক সূচলতাৰ বাবে লেণ্ড বেংক গঠনৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে।
Home / খহনীয়াত সৰ্বস্বান্ত হোৱা ৩০ হেজাৰ পৰিয়ালে পাব ৩ বিঘাকৈ মাটি:
/ খহনীয়াত সৰ্বস্বান্ত হোৱা ৩০ হেজাৰ পৰিয়ালে পাব ৩ বিঘাকৈ মাটি:: খিলঞ্জীয়াৰ স্বাৰ্থত নতুন ভূমি আইন প্ৰস্তুতিৰ যোজা
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment