উত্তৰ প্রদেশৰ বিধান সভা নিৰ্বাচন সমাগত। ২০১৭ চনৰ প্রথম ভাগতে উত্তৰ প্রদেশৰ নিৰ্বাচন। নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি কংগ্ৰেছ উপাধ্যক্ষ ৰাহল গান্ধীৰ ব্যাপক তৎপৰতা। শুকুৰবাৰে ৰাহুলৰ কিষাণ যাত্ৰা উপস্থিত হ'লগৈ অযোধ্যাত। ৰাহুল গান্ধীৰ এই যাত্ৰাই গঢ়িলে আন এক ইতিহাস। কাৰণ বাবৰি মছজিদ ধংসৰ পিছৰে পৰা গান্ধী পৰিয়ালৰ কোনো সদস্যই ভ্ৰমণ কৰা নাছিল অযোধ্যা। অন্তিম বাৰৰ বাৰে ১৯৯০ চনতে অযোধ্যা ভ্রমণ কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে। বাবৰি মছজিদ থকা স্থানৰ পৰা মাত্র ১ কিলোমিটাৰ নিলগতে ৰাহুল গান্ধীয়ে জনসভাৰ আয়োজন কৰে। সভাত প্রধানমন্ত্রী মোডী তথা বিজেপি চৰকাৰক চোকা সমালোচনা কৰে কংগ্ৰেছৰ উপাধ্যক্ষগৰাকীয়ে।
Home / অযোধ্যাত ২৫ বছৰ পিছত গান্ধী পৰিয়াল::: বাবৰি মছজিদৰ কাষত ৰাহুলৰ সভা
/ অযোধ্যাত ২৫ বছৰ পিছত গান্ধী পৰিয়াল::: বাবৰি মছজিদৰ কাষত ৰাহুলৰ সভা
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment