গুৱাহাটীৰ কাঠগৰাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী :: ৫০ হাজাৰ টকাৰ জামিনত মুকলি




কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) বিৰুদ্ধে বিতর্কিত মন্তব্য আগবঢ়োৱা কংগ্ৰেছ উপ- ; সভাপতি ৰাহুল গান্ধীয়ে কালি সোঁশৰীৰে হাজিৰ হয় । ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০নং ধাৰাৰ অধীনত ৰুজু হােৱা ৫৫৯ নম্বৰৰ অপৰাধমূলক মানহানি গোচৰটাে সন্দৰ্ভত কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ সঞ্জয় হাজৰিকাই শুনানিৰ সময়ত প্রায় ২০ মিনিট আদালতৰ মজিয়াত কটাবলগীয়া হয় কংগ্ৰেছৰ যুৱৰাজজনে। অৱশ্যে শুনানিৰ অন্তত আদালতে ৫০ হাজাৰ টকাৰ ব্যক্তিগত জামিনত (পাৰ্ছনেল ৰিক’ গনাইজেন্স) তেওঁক মুকলি কৰি দিয়ে। তদুপৰি অহা ৫ নৱেম্বৰত পৰৱতী শুনানিৰ দিন নির্ধাৰণ কৰি উক্ত দিনা পুনৰ গান্ধীক হাজিৰ হ’বলৈ আদালতে নির্দেশ দিছে। আদালতত শুনানি সম্পন্ন হােৱাৰ পাছতে সংবাদ মাধ্যমৰ মুখামুখি হৈ কংগ্ৰেছ উপ-সভাপতিজনে আৰ এছ এছৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ কয়— ‘মোৰ প্ৰতি প্রদর্শন কৰা মৰম-চেনেহৰ বাবে মই গুৱাহাটীবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰ এছ এছ আৰু একে মতাদর্শৰ সংগঠনসমূহৰ সম্পূর্ণ বিৰােধী। তেওঁলোকে দেশক বিভাজন কৰিব বিচাৰে। যিটো দেশৰ বাবে অতি ক্ষতিকাৰক। মই দেশৰ ঐক্য আৰু জনসাধাৰণৰ মাজত মৰম-চেনেহ বর্তোৱাৰ পক্ষত আছোঁ।” দেশৰ দৰিদ্ৰ জনসাধাৰণৰ হকে যুঁজাৰ বাবেই এনেধৰণৰ গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ অভিযোগ তোলে। উল্লেখ্য যে বিগত বিধানসভা নির্বাচনৰ পূর্বে ১২ ডিচেম্বৰত কংগ্ৰেছ উপ-সভাপতি গান্ধীয়ে বৰপেটাৰ পদযাত্রা কাৰ্যসূচীত অংশ লৈছিল। কিন্তু নতুন দিল্লীলৈ উভতি গৈ বৰপেটা সত্ৰত আৰ এছ এছে। প্রৱেশ কৰিব নিদিয়াৰ অভিযোগ তোলে তেওঁ। তেওঁ কৈছিল— মই অসমলৈ যোৱাৰ সময়ত বৰপেটা সত্ৰ পৰিদৰ্শন কৰিব বিচাৰিছিলোঁ। আৰ এছ এছৰ লোকে সত্ৰখনলৈ যোৱাত মোক বাধা দিয়ে। তেওঁলোকে মোৰ সন্মুখত একাংশ মহিলাক থিয় কৰাই দি সত্ৰৰ ভিতৰত প্ৰৱেশত বাধা প্রদান কৰিছিল। এনে মন্তব্যৰ বাবেই তেওঁৰ বিৰুদ্ধে আৰ এছ এছৰ বিভাগ সঞ্চালক অঞ্জন বৰাই উক্ত গোচৰটাে ৰুজু কৰিছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment