কি এই ছাজিকেল ষ্ট্ৰাইক ? ছাজিকেল ষ্ট্ৰাইক হৈছে সামৰিক আক্রমণ। কিন্তু কোনো দেশৰ বিৰুদ্ধে যুদ্ধও নহয়, ছায়া যুদ্ধও নহয়। আনকি কোনো যুদ্ধৰ অনুশীলনো নহয়। যোৱানিশা পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাবাহিনীয়ে ছাজিকেল স্ট্রইক” চলোৱাৰ লগে লগে ই ব্যাপক চর্চাৰমাজলৈ আহিছে। সামৰিক বাহিনীৰ দ্বাৰা চলোৱা এই আক্ৰমণৰাে ইতিহাস আছে।কোনাে এখন দেশৰ সেনাবাহিনীয়ে পূর্বে ঘোষণা নকৰাকৈয়ে এই আক্রমণ চলায়। দেশত চলি থকা অতি বিপজ্জনক দীর্ঘদিনৰ সমস্যা সমাধান কৰিবলৈ এনে আক্রমণ চলায়। কোনো আভ্যন্তৰীণ শত্ৰু, সংস্থা-সংগঠন হওক কিম্বা বহিৰাগত সংগঠনেই হওক, বিৰুদ্ধেই হওক ই অতর্কিতে কৰা হয়। অতি কম সময়তে অতি দ্রুতগতিত শত্ৰুৰ গোপন ঘাটি, দুর্ভেদ্য ঘাটিৰ ওপৰত চলোৱা হয় এই ছাৰ্জিকেল ষ্ট্রইক”। এই আক্রমণ চলাই সেনাই শত্ৰুৰ ঘাটি বিনষ্ট কৰি উভতি আহে আৰু সেই স্থানত দখলদাৰী হৈ নাথাকে। আক্ৰমণৰ উদ্দেশ্য সফল হ’লেই সেনাবাহিনীয়ে নিজৰ স্থানলৈ উভতি আহে। ছাৰ্জিকেল ষ্ট্রইক” চলোৱা সেনাবাহিনীয়ে শক্ৰক আটক বা গ্রেপ্তাৰ নকৰে। একেবাৰে নিঃশেষ কৰি দিয়ে। তুমুল আক্রমণ, গোলাবর্ষণেৰে শত্ৰুৰ ঘাটি মাটিত মিলাই দিয়ে। এই ধৰণৰ আক্ৰমণ আলোকৰ গতিৰে সমাপন কৰে। 'ছাৰ্জিকেল ষ্ট্রাইক’ৰ সময়ত আক্রমণকাৰী সেনাবাহিনীৰ ক্ষয়-ক্ষতিৰ পৰিমাণ নূ্যনতম ৰাখিব লাগে। আনকি যি স্থানত সেনাই ছাৰ্জিকেল ষ্ট্রাইক’ চলায়, তাৰ এলেকাৰ পৰিধি যাতে খুব বেছি নহয় বা পৰিধি অতিক্রম কৰি নাযায়, তাৰ লগতে লক্ষ্য নির্ধাৰিত শত্ৰুৰ উপৰি এই আক্ৰমণত আন কোনো লোক হতাহত নহয়, তাৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিব লাগে। চকুৰ টিপতেই এই আক্রমণ সংঘটিত কৰিব লাগে। আনহাতে ছাৰ্জিকেল ষ্ট্রাইক’ কৰাৰ কাৰণে সেনাবাহিনীক কোনো বিতং পৰিকল্পনা আৰু বৈঠকৰো প্রয়োজন নাথাকে। সেনাবাহিনীৰ বছা বছা শীর্ষ বিষয়াৰ বৈঠকত আলোচনা কৰিয়েই এই "ছাৰ্জিকেল ষ্ট্রইক” চলোৱা হয়। এশ শতাংশ নিভুল লক্ষ্যৰে নির্ধাৰিত স্থানত সঠিক পথেৰে আক্রমণ চলোৱা হয়। এই আক্রমণ দেশসমূহে এনে কাৰণতে কৰি আহিছে যে যাতে যুদ্ধৰ নাম লৈ বিশ্ব সম্প্রদায়ৰ মাজত আক্রমণকাৰী দেশখনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব নোৱাৰে। উদাহৰণ হিচাপে যোৱানিশা ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰত “ছাৰ্জিকেল ষ্ট্রইক” চলোৱাৰ কিছু মাহ পূর্বে ম্যানমাৰৰ ভিতৰত সোমাই গৈ ৪০ মিনিটত ৭০ বিশেষ ভাৰতীয় কমাণ্ডোৱে ৩৮টা নগা উগ্ৰপন্থীক হত্যা কৰি শিবিৰ ধ্বংস কৰিছিল। তদুপৰি আকাশমাৰ্গৰ পৰা বোমাৰে ছাৰ্জিকেল ষ্ট্ৰাইক চলোৱা হয়। ২০০৩ চনত ইৰাক যুদ্ধৰ সময়ত আমেৰিকান বাহিনীয়ে বাগদাদত বোমা বিস্ফোৰণেৰে চৰকাৰী কার্যালয় আৰু সামৰিক বাহিনীৰ ঘাটি বিধ্বস্ত কৰিছিল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment