জম্মু-কাশ্মীৰৰ উৰিৰ সেনাবাহিনীৰ শিবিৰত সন্ত্রাসবাদীৰ আত্মঘাতী আক্ৰমণৰ প্ৰতিশোধকল্পে পাক টুকু অধিকৃত কাশ্মীৰত ছাৰ্জিকেল ষ্ট্ৰাইক চলাই ভাৰতে চুবুৰীয়া দেশখনক প্রত্যাহ্বান জনালে। যোৱানিশা ১২:৩০ বজাত জম্মু-কাশ্মীৰৰ এল অ' চি অতিক্ৰম কৰি পাক অধিকৃত কাশ্মীৰৰ তিনি কিলোমিটাৰ ভিতৰত ভাৰতীয় সেনাৰ বিশেষ কমাণ্ডোৱে লক্ষ্য কৰি লোৱা সন্ত্রাসবাদীৰ সাত শিবিৰ বিধ্বস্ত কৰাৰ লগতে ৩৫-৪০ সন্ত্রাসবাদীক হত্যা কৰি উভতি আহে। পাকিস্তানৰ ভীমবোৰ, কোল আৰু লিপ্যা অঞ্চলত থকা সন্ত্রাসবাদীৰ শিবিৰত যোৱানিশা ভাৰতীয় সেনাৰ বিশেষ কমাণ্ডোৱে চাৰি ঘণ্টাৰ ভিতৰতে, অর্থাৎ পুৱতিনিশা ৪.৩০ বজাত সফলতাৰে সামৰণি মাৰে বহুচর্চিত ছাৰ্জিকেল ষ্ট্রাইক’ৰ। সন্ত্রাসবাদীৰ শিবিৰকেইটা বিধ্বস্ত কৰাৰ সমান্তৰালকৈ ৩৫-৪০জন সন্ত্রাসবাদীক হত্যা কৰা এই ছাৰ্জিকেল ষ্ট্রাইক’ত কোনো অভিযানকাৰী ভাৰতীয় সেনাৰ ক্ষয়-ক্ষতি হােৱা নাই। পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ শিবিৰত চলা এই অভিযানটাে নতুন দিল্লীৰ মুখ্য কার্যালয়ত প্ৰতিৰক্ষা মন্ত্রী মনোহৰ পাৰিকৰ, সেনাৰ মুৰব্বী জেনেৰেল দলবীৰ সিং সুহাগ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দােভালে উপস্থিত থাকি নিৰীক্ষণ কৰে। জম্মু-কাশ্মীৰৰ উৰিত সন্ত্রাসবাদীৰ আক্ৰমণত ১৮জন জোৱান শ্বহীদ হােৱাৰ ১১ দিন পাছত প্রতিশোধকল্পে পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ শিবিৰত "ছাৰ্জিকেল ষ্ট্রাইক’ চলোৱা বুলি আজি নতুন দিল্লীত সংবাদ মেলত সামৰিক অভিযানৰ সঞ্চালকপ্রধান (ডি জি এম অ') লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিঙে সমগ্র অভিযান সম্পর্কে কয় যে যোৱানিশা ১২.৩০ বজাৰ পৰা পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ শিবিৰত অভিযান প্রক্রিয়া আৰম্ভ কৰা হয়। উত্তৰ ভাৰতৰ কোনোবা এটা স্থানৰ পৰা হেলিকপ্টাৰত ভাৰতীয় সেনাৰ শ্রেষ্ঠ কমাণ্ডোক লৈ এল অ' চি অতিক্ৰমি আকাশমার্গেৰে লৈ যোৱা হয়। হেলিকপ্টাৰৰ এই অভিযান ইমান সূক্ষ্মভাৱে আৰু পৰিকল্পিতভাৱে কৰা হয় যে হেলিকপ্টাৰ ৰাডাৰে ধৰিবলৈ সক্ষম নহ’ল। আকাশমার্গেৰে বিশেষ কমাণ্ডোক নমােৱাৰ সমান্তৰালকৈ ভূমিৰেই সেনাক প্ৰৱেশ কৰোৱা হৈছে। এল অ' চিৰ ২-৩ কিলোমিটাৰৰ পৰা ৫০০ মিটাৰৰ ভিতৰত হেলিকপ্টাৰৰ পৰা এই কমাণ্ডোক নমাই দিয়া হয়। বিগত এসপ্তাহ ধৰি এই অভিযানৰ পৰিকল্পনা কৰি যোৱানিশা বিশেষ কমাণ্ডোৰ দ্বাৰা পাক অধিকৃত কাশ্মীৰৰ ভীমবোৰ, কেল আৰু লিপ অঞ্চলত সন্ত্রাসবাদীৰ শিবিৰত আক্রমণ চলোৱা হয় আৰু ৩৫-৪০জন সন্ত্রাসবাদীক হত্যা কৰা হয়। এই অভিযান ইমান সফলতাৰে সম্পন্ন কৰা হয় যে অভিযানকাৰী দলৰ কোনাে ক্ষয়-ক্ষতি হােৱা নাই। উৰিৰ আক্ৰমণৰ প্ৰতিশোধকল্পে যোৱানিশা পাক অধিকৃত কাশ্মীৰত ছাৰ্জিকেল স্ট্রইক” চলায় যদিও পৰৱৰ্তী সময়ত পাকিস্তানৰ এনে আক্ৰমণৰ পৰিকল্পনা নাই বুলি সদৰী কৰে ডি জি এম অ’ ৰণবীৰ সিঙে।
পাক ভূমিত ভাৰতীয় সেনাৰ মোক্ষম আঘাত::৪০ সন্ত্রাসবাদীক হত্যা

0 comments:
Post a Comment