আফগানিস্তানৰ ৰাজধানী কাবুল সন্ত্রাসবাদী সংগঠন তালিবানৰ আত্মঘাতী আক্ৰমণত ৰক্তাক্ত হয় কালি। দেশখনৰ ৰাজধানী কাবুলৰ প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ কাৰ্যালয়ৰ বিস্ফোৰণ ঘটোৱাত অতি কমেও ২৪জন লোকৰ প্রাণহানি হােৱাৰ লগতে ৯১ জন গুৰুতৰভাৱে আহত হয়। কালি বিয়লি প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ সমীপত প্রথমে এখন দলঙত এটা আত্মঘাতী বোমাৰুৱে ভয়াৱহ বিস্ফোৰণ ঘটায়। এই বিস্ফোৰণৰ শব্দ শুনাৰ লগে লগে সেনা-আৰক্ষী আৰু অসামৰিক লোক ঘটনাস্থলীলৈ ঢপলিয়াই যোৱাত আন এটা ভয়ানক বিস্ফোৰণ ঘটে। প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ মুখপাত্ৰ মহম্মদ ৰাদ মানিচে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ কৰ্মচাৰীয়ে কাম সামৰি ঘৰলৈ যাবলৈ আৰম্ভ কৰোঁতেই তালিবানৰ দুটা আত্মঘাতী বোমাৰুৱে আক্রমণ চলায়। এই ভয়াৱহ আক্ৰমণত অনেক লোক হতাহত হৈছে। ইপিনে, স্বাস্থ্য মন্ত্র্যালয়ৰ মুখপাত্রই সদৰী কৰা মতে এতিয়ালৈকে মৃতকৰ সংখ্যা ২৪। যদিও ইয়াৰ সংখ্যা বৃদ্ধি হ’ব। কিয়নো চিকিৎসালয়সমূহত অতি সংকটজনক অৱস্থাত কেইবাজনাে আহত লোক চিকিৎসাধীন হৈ আছে। তালিবানৰ মুখপাত্র জাবিহুকুল্লা মুজাহিদীনে প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ সমীপত কালিৰ এই ভয়াৱহ আত্মঘাতী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি টুইটাৰত কয় যে প্রথমটাে আক্রমণ প্ৰতিৰক্ষা মন্ত্র্যালয়ত আৰু দ্বিতীয়টাে আক্ৰমণত আৰক্ষীক লক্ষ্য হিচাপে লোৱা হৈছে। দেশখনৰ ৰাষ্ট্রপতি আশ্রাফ গানিয়ে তালিবানৰ ভয়াৱহ আত্মঘাতী আক্রমণক তীব্র ভাষাৰে গৰিহণা দি মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে।
Home / তালিবানৰ আত্মঘাতী আক্ৰমণত ৰক্তাক্ত আফগানিস্তান ;;২৪ জনৰ মৃত্যু ৯১ জন আহত
/ তালিবানৰ আত্মঘাতী আক্ৰমণত ৰক্তাক্ত আফগানিস্তান ;;২৪ জনৰ মৃত্যু ৯১ জন আহত
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment