শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষক দিৱস উপলক্ষে কালি আয়োজিত এক অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় -- আন্তঃগোষ্ঠীয় আৰু আন্তঃসম্প্রদায়ৰ মাজত থকা ব্যৱধান নাইকিয়া কৰাৰ ক্ষেত্ৰত শিক্ষাই বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। এই শিক্ষা প্রদানত শিক্ষকসকলকৰ ভূমিকা গুৰুত্বপূর্ণ। শিক্ষাৰ দ্বাৰা জনসাধাৰণক আগবাঢ়ি যোৱাৰ মানসিকতা গঢ়িব পাৰিলে আঁচনিসমূহ সফলতাৰে ৰূপায়ণ কৰিব পৰা যায়। জনসাধাৰণে এইক্ষেত্ৰত উল্লেখনীয় ভূমিকা ল’ব লাগিব । আনহাতে, পৰিৱৰ্তনৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে কঠোৰ পৰিশ্রম আৰু সততাৰ জৰিয়তেহে পৰিৱর্তন আহিব। নতুন প্রজন্মই প্ৰতিটাে বিষয়ৰ ক্ষেত্ৰত যুক্তিসহকাৰে চৰকাৰৰ পৰা প্রত্যুত্তৰ বিচাৰে। সেয়েহে চৰকাৰ তথা কর্মচাৰীসকলে নতুন প্রজন্মৰ মাজত বিশ্বাস আনিবলৈ শ্রেষ্ঠতা প্রদর্শন কৰিব লাগিব, তেতিয়াহে পৰিৱর্তন সম্ভৱ। শিক্ষকসকলেও কঠোৰ শ্ৰম কৰিব লাগিব। উল্লেখ্য যে প্রাক্তন ৰাষ্ট্রপতি সর্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটােতে আয়োজন কৰা শিক্ষক দিৱসত কালি ২৭গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্রীক বঁটা প্রদান কৰা হয়। আনহাতে, অনুষ্ঠানত ভাষণ প্রদান কৰি শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে শিক্ষকসকলক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ চৰকাৰ প্ৰস্তুত। কিন্তু তাৰ বিনিময়ত শিক্ষকসকলেও নিজৰ কৰ্তব্য সততাৰে সম্পন্ন কৰাটাে সকলোৱে বিচাৰে। একমাত্র নিযুক্তিপত্র লাভ কৰিলেই কোনো এজন লোক শিক্ষক হ’ব নোৱাৰে, যদি ছাত্রই উক্ত লোকজনক শিক্ষকৰূপে সন্মান তথা স্বীকৃতি প্রদান নকৰে। কালিৰ অনুষ্ঠানতে মাধ্যমিক শিক্ষা বিভাগে ১০জন শিক্ষক-শিক্ষয়িত্রী আৰু প্ৰাথমিক শিক্ষা বিভাগে ১৭ জন শিক্ষক-শিক্ষয়িত্রীক ৰাজ্যিক পর্যায়ৰ বঁটা প্ৰদান কৰে। মধ্য শিক্ষা বিভাগৰ বঁটা লাভ কৰা শিক্ষয়িত্ৰীসকল হ’ল— নিবেদিতা বৰা (ধেমাজি), ভৈৰৱ চন্দ্ৰ কুমাৰ (দৰং), মুকুল হাজৰিকা (যোৰহাট), কুঞ্জলতা গগৈ (ডিব্ৰুগড়), মণিহাৰ সিংহ (কাছাৰ), সুৱৰ্ণ শইকীয়া (গোলাঘাট), অপূর্ব দত্ত (কৰিমগঞ্জ), কাটিৰাম বড়ো (ওদালগুৰি), নগেন চন্দ্ৰ দাস (কামৰূপ), নিধন চন্দ্ৰ বৰ্মন (কামৰূপ মহানগৰ)। আনহাতে, প্রাথমিক শিক্ষা বিভাগৰ বঁটা লাভ কৰা শিক্ষকসকল হ’ল—মনোহৰ কুমী (শোণিতপুৰ) , যোগেন তালুকদাৰ (নলবাৰী), যতীন বৰদলৈ (গোলাঘাট), প্রমীলা নাৰ্জাৰী (চিৰাং), সুৱৰ্ণলতা মহন্ত (নগাঁও), দিলীপ বৰুৱা (শিৱসাগৰ), দীপন মৰাণ (তিনিচুকীয়া), ৰীণা দেৱী (মৰিগাঁও), বীণা সন্দিকৈ (ধেমাজি), মুকুল বৰকটকী (ডিব্ৰুগড়), প্রমােদ তালুকদাৰ (নলবাৰী), মতিন্দ্র দৈমাৰী (বাগাসা), সুদীপ্তা পাল (হাইলাকান্দি), পুতলী মুদৈ (নগাঁও), মণিমালা দত্ত (শিৱসাগৰ), মফিদা খাতুন নেছা। (ধুবুৰী) আৰু ৰুণিমা দত্ত (যোৰহাট)। আনহাতে, ৬খন মহাবিদ্যালয়কো কালি পুৰস্কাৰ প্ৰদান কৰা হয়। এই মহাবিদ্যালয়কেইখন হৈছে— জি এল চৌধুৰী কলেজ (বৰপেটাৰোড ), ডি চি বি ছোৱালী কলেজ (যোৰহাট), বি এন কলেজ (ধুবুৰী), বেংতল কলেজ (চিৰাং), মাজুলী কলেজ (মাজুলী) আৰু গোৱালপাৰা কলেজ (গোৱালপাৰা)। উক্ত অনুষ্ঠানতে শিক্ষা বিভাগে আয়োজন কৰা ৰচনা প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰা ছাত্র-ছাত্ৰীসকলকো পুৰস্কৃত কৰা হয়।
Home / ২৭ শিক্ষাগুৰুলৈ শিক্ষক দিৱসত বঁটা;;৬খন মহাবিদ্যালয়কো পুৰস্কাৰ প্ৰদান
/ ২৭ শিক্ষাগুৰুলৈ শিক্ষক দিৱসত বঁটা;;৬খন মহাবিদ্যালয়কো পুৰস্কাৰ প্ৰদান
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment