ৰাজ্যিক ৰে’ল মন্ত্রী ৰাজেন গোহাঁহৰ ঘোষণা---শীঘ্ৰেই নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ বিদ্যুৎচালিত ৰেলসেৱা আৰম্ভ হ’ব। ৰে’লযোগে লামডিঙত কালি উপস্থিত হােৱাৰ পিচত আয়োজন কৰা সংবাদমেলত সকলো ৰে’ল ষ্টেচনৰ সকলো প্লেটফৰ্ম পুনৰ উন্নয়ন সাধন কৰাৰ লগতে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ বিদ্যুৎচালিত ৰেলসেৱা প্রকল্পৰ বাবে অহা ২৫ ছেপ্টেম্বৰত নিবিদা আহ্বান কৰা হ’ব বুলি ৰে’ল মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। উক্ত প্রকল্পৰ বাবে কেন্দ্রীয় চৰকাৰে ৬৫০ কোটি টকা মোকলাই দিয়া বুলিও প্রকাশ কৰে মন্ত্রী গােহাঁয়ে। তেওঁ ৰে’ল বিভাগত বর্তমান ১০ হেজাৰ পদ খালী হৈ থকা বুলি সদৰী কৰি নতুনকৈ আৰু ১০ হেজাৰ পদ সৃষ্টি কৰিব বুলি ঘোষণা কৰে। সভা সমাপ্তিৰ পিচতে তেওঁ ৰে’লৱেৰ প্রেক্ষাগৃহত বিষয়াবৰ্গ, কর্মচাৰী আৰু ৰে’ল ইউনিয়নৰ সৈতে এখন বৈঠকত অংশগ্রহণ কৰে। ইপিনে উত্তৰ-পূব সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নে মন্ত্রীগৰাকী এখন স্মাৰকপত্র প্রদান কৰে। স্মাৰকপত্ৰখনত উত্তৰ-পূব সীমান্ত ৰে’লৱেত অসমৰ যুৱক-যুৱতীসকলক নিযুক্তি দিয়াৰ বাবে দাবী উত্থাপন কৰা হয়।
Home / Uncategories / শীঘ্ৰেই নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ বিদ্যুৎচালিত ৰেলসেৱা ;;৬৫০ কোটি টকা মোকলি
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment