ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাংসদ কিথৰ যৌন লীলাৰ ভিডিঅ' প্ৰকাশ :: সৰ্বত্ৰে চাঞ্চল্য

লণ্ডনৰ এটি টেবলয়ড ওৱেবচাইটত ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাংসদ কিথ ভাজৰ যৌন লীলাৰ ভিডিঅ' এটি প্ৰকাশক লৈ দেশখনৰ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে। ওৱেবচাইটিত প্ৰকাশ কৰা মতে, যোৱা ২৭ আগষ্টত ৫৯ বছৰীয়া কিথে তেওঁৰ ফ্লেটলৈ দুজন পুৰুষ যৌন কৰ্মীক মাতি যৌন কৰ্ম কৰে। প্ৰাপ্ত তথ্য মতে তেওঁ নিজকে এজন চেলমেন হিচাবে চিনাকী দিছিল আৰু যৌন কৰ্মী দুজনক ফ্লেটলৈ অহাৰ পূৰ্বে যৌন শক্তি বৰ্দ্ধক ঔষধ আনিবলৈ কৈছিল । কিথ ব্ৰিটেইনৰ সংসদীয় কমিতিৰো চেয়াৰমেন হয়। এইলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত কালি তেওঁ চেয়াৰমেন পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment