গুৱাহাটী ৰেল ষ্টেচনত ৬৪ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ:::
শুল্ক আৰু আৰ পি এফে গুৱাহাটী ৰেলৱে ষ্টেচনত এক অভিযান চলাই ১৮ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰিছে । ম্যানমাৰৰ এই চিগাৰেটখিনিৰ মূল্য প্ৰায় ৬৪ লাখ টকা। গুৱাহাটীৰ পৰা দিল্লীলৈ নিব খুজিছিল এই বিদেশী চিগাৰেটখিনি। নামনিমুৱা নৰ্থ-ইষ্ট এক্সপ্ৰেছযোগে এই চিগাৰেটখিনি লৈ আহিছিল। আৰক্ষী সেই ঠাইত উপস্থিত হোৱাৰ উমান পাই চিগাৰেট সৰবৰাহকাৰীৰ পলায়ন।

0 comments:
Post a Comment