দেশব্যাপী ধর্মঘট কৰিছে আজি শ্রমিক সংগঠনসমূহে।নতুন শ্রম নীতি আৰু বিনিয়োগ নীতিৰ বিৰুদ্ধাচৰণ কৰাৰ লগতে দৰমহা বৃদ্ধিৰ দাবীত এই ধর্মঘট আহবান কৰা হৈছে। কেন্দ্রীয় চৰকাৰৰ সৈতে হােৱা বিফল আলোচনাৰ লগতে চৰকাৰৰ আহ্বানক নস্যাৎ কৰি অল ইণ্ডিয়া ট্রেড ইউনিয়ন কংগ্ৰেছ, চেন্টাৰ অৱ ইণ্ডিয়ান ট্রেড ইউনিয়নকে ধৰি কেইবাটাও সংস্থাই দেশব্যাপী ধর্মঘট ৰূপায়ণ কৰি ব্যাহত কৰি তুলিছে স্বাভাৱিক জীৱনযাত্রা। বীমা আৰু প্ৰতিৰক্ষাৰ দৰে খণ্ডসমূহত প্রত্যক্ষ বিদেশী বিনিয়ােগৰ নীতি-নিয়ম কেন্দ্রীয় চৰকাৰে শিথিল কৰাৰ বিৰুদ্ধাচৰণ কৰি থকাৰ লগতে লোকচান ভৰি থকা ৰাজহুৱা খণ্ডৰ কোম্পানী বন্ধ কৰাৰ যি পৰিকল্পনা কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰিছে, তাক লৈও আপত্তি কৰিছে শ্রমিক সংগঠনসমূহে। আনহাতে কেন্দ্রীয় বিত্তমন্ত্রীয়ে যোৱা মঙলবাৰে বিগত দুবছৰৰ ৰাজ্যিক কৰ্মচাৰীৰ বােনাছ চৰকাৰে মুকলি কৰি দিয়াৰ লগতে অদক্ষ শ্রমিকৰ কাৰণে নূ্যনতম মজুৰি বৃদ্ধিৰ যি প্রস্তাৱ দি ধর্মঘট প্রত্যাহাৰৰ আহ্বান জনাইছিল তাক নস্যাৎ কৰি শ্ৰমিক সংগঠনসমূহে আজি দেশব্যাপী ধর্মঘট পালন কৰিছে । উল্লেখ্য যে শ্রমিক সংগঠনসমূহে কেন্দ্রীয় চৰকাৰে পেন্সন পুঁজিৰ ধন ষ্টক বজাৰত অধিক বিনিয়োগ কৰাৰ নির্দেশনাৰ বিৰুদ্ধেও প্রতিবাদ সাব্যস্ত কৰিছে ।
Home / দেশজুৰি শ্রমিক সংগঠনৰ ধৰ্মঘট আজি;;স্তব্ধ জন জীবন
/ দেশজুৰি শ্রমিক সংগঠনৰ ধৰ্মঘট আজি;;স্তব্ধ জন জীবন
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment