ভাৰতীয় সেনাই যোৱানিশা পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ শিবিৰত ছাৰ্জিকেল ষ্ট্রাইক’ৰ পাছতেই পাকিস্তানৰ আন্তঃৰাষ্ট্রীয় সীমান্তৱতী পঞ্জাবৰ গাঁওসমূহত হাই এলার্ট জাৰি কৰিছে।ইতিমধ্যে গাঁওবাসীক নিজৰ বাসগৃহ খালী কৰিবলৈ নির্দেশ জাৰি কৰিছে। পাকিস্তানৰ সীমান্তৱতী পঞ্জাবৰ গাঁওসমূহৰ পৰা সাধাৰণ লোক আঁতৰাই নিয়াৰ প্রক্রিয়া আৰম্ভ কৰি প্রশাসনে তাত অতিৰিক্তকৈ বি এছ এফৰ জোৱান মোতায়েন কৰিছে। চিৰবৈৰী পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১০ কিলোমিটাৰ নিলগলৈ থকা গাঁৱৰ লোকসকলক আঁতৰাই বি এছ এফৰ অতিৰিক্ত জোৱান মোতায়েন কৰি যুদ্ধৰ প্ৰাৰম্ভিক প্রস্তুতি আৰম্ভ কৰিছে। উল্লেখ্য যে চিৰবৈৰী পাকিস্তানৰ সৈতে পঞ্জাব আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৫৫৩ কিলোমিটাৰত সাঙোৰ খাই আছে। এই সীমান্তৱতী কিলোমিটাৰত অৰ্ধসামৰিক বাহিনী বি এছ এফ মোতায়েন হৈ আছে আৰু এই বি এছ এফে নিৰাপত্তা প্রদান কৰি আহিছে। গুৰুত্বপূর্ণ যে পাকিস্তানৰ সৈতে ১৯৬৫ আৰু ১৯৭১ চনত হােৱা যুদ্ধৰ সময়তো এই ৰাজ্যখনত দুই দেশৰ সেনাৰ মাজত প্রচণ্ড সংঘর্ষ হৈছিল। এনে কাৰণতেই ভাৰতীয় সেনাই ইতিমধ্যে পাকিস্তানৰ সৈতে সম্ভাব্য যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি নিজকে সাজু কৰি তুলিছে।
Subscribe to:
Post Comments
                            (
                            Atom
                            )
                          
 
 
 
 
 
 

 
0 comments:
Post a Comment