পূজা কুশৱাহা। এগৰাকী হিন্দু যুৱতী।যিয়ে উত্তৰ প্ৰদেশৰ পশ্চিম প্রান্তৰ আগ্ৰাৰ সঞ্জয় নগৰ কলনীত এটি মন্দিৰৰ চৌহদত প্রতিদিনে সন্ধিয়া ৩৫জন মুছলিম শিশুক কোৰান শিকাই ভাৰতীয় ঐতিহা-সংস্কৃতিৰ বিৰল নিদর্শন দেখুৱাইছে। দিনত নিজে দ্বাদশ শ্রেণীত পঢ়ি থকা ১৮ বছৰীয়া পূজাই সন্ধিয়া অঞ্চলটােৰ ৩৫জন শিশুক কোৰানৰ পাঠ পঢুৱাই শিক্ষকৰ ৰূপত অৱতীৰ্ণ হয়। জটিল আৰবী ভাষাৰ বৰ্ণমালাক বিভিন্ন প্রচেষ্টাৰে নিজে আয়ত্ত কৰি লৈ ইছলাম ধর্মাৱলম্বী ৩৫টা শিশুক কোৰান শিকাই আছে পূজা কুশৱাহাই। অঞ্চলটােৰ দুখীয়া পৰিয়ালৰ সন্তানক বিনামূলীয়াকৈ পাঠদান কৰি অহা পূজাই প্রথম অৱস্থাত নিজৰ ঘৰতেই এই পাঠ্যক্রম আৰম্ভ কৰিছিল যদিও পিছলৈ শিশুৰ সংখ্যা বৃদ্ধি পোৱাত পূজাৰ গৃহটি সৰু হৈ পৰে। এনে পৰিপ্ৰেক্ষিততে অঞ্চলটােৰে জ্যেষ্ঠসকলে পূজাক মন্দিৰৰ চৌহদ পাঠদানৰ বাবে দিয়ে। উল্লেখ্য যে দ্বাদশ শ্রেণীত পঢ়ি থকা পূজা কুশৱাহাই কোৰানৰ পাঠ শিকাই থকাৰ বিপৰীতে তেওঁৰে জ্যেষ্ঠ ভগ্নী স্নাতক ডিগ্ৰীধাৰী নন্দিনীয়ে অঞ্চলটােৰ শিশুসকলক হিন্দু আৰু ভাগৱত গীতাৰ পাঠ শিকাই আহিছে। দৰিদ্ৰ পৰিয়ালৰ শিশুসকলক দুই ভগ্নীয়ে এনেদৰে শিক্ষা প্ৰদান কৰি থকা বিষয়টােক মহান কাম বুলি উল্লেখ কৰি তেওঁলোকক লৈ গর্ববোধ কৰে মাতৃ ৰাণী কুশৱাহাই। ৫ বছৰীয়া আলিচা বেগম নামৰ শিশুটিৰ মাতৃ ৰেছমা বেগমে সাংবাদিকক অৱগত কৰােৱা মতে, পূজাই তেওঁলোকৰ সস্তানক যি ধৰণে পাঠদান কৰি আহিছে তাত তেওঁলোক সন্তুষ্ট। শিক্ষয়িত্রী পূজা কি ধৰ্মৰ সেয়া তেওঁলোকৰ মনলৈ কেতিয়াও অহা নাই, আনকি আন শিশুকেইগৰাকীৰ অভিভাৱকেও তেনে কথা অনুভৱ কৰা নাই। এই বিষয়টােৱে পূজা কুশৱাহাক অতিকে আকৰ্ষিত কৰি আহিছে। চহৰখনৰ প্ৰখ্যাত মুছলিম নেতা ৭০ বছৰীয়া হাজী বিষয়টােত সস্তুষ্টি ব্যক্ত কৰি চহৰখনত বর্তি থকা সাম্প্রদায়িক সংহতিৰ এক জ্বলন্ত নিদর্শন বুলি অভিহিত কৰিছে। তেওঁ কয় যে এগৰাকী শিক্ষকৰ ধর্ম কি সেয়া গুৰুত্বপূর্ণ নহয়। মাথোঁ পৱিত্ৰ গ্ৰন্থখন কিমান তেওঁ জানে সেয়াহে গুৰুত্বপূর্ণ। তদুপৰি কোনাে লোকে আৰবী বা কোৰান পঢ়িলে ইছলাম ধর্মত আপত্তি নাই।
Home / ধমীয় সংহতিৰ অপূর্ব নিদর্শন;;কোৰানৰ পাঠ শিকায় হিন্দু যুৱতীয়ে
/ ধমীয় সংহতিৰ অপূর্ব নিদর্শন;;কোৰানৰ পাঠ শিকায় হিন্দু যুৱতীয়ে
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment