ৰাহুল গান্ধীৰ পুনৰ ওলোটা খৰ;;আৰ এছ এছ মহাত্মা গান্ধীৰ হত্যাত জড়িত


পুনৰ ওলোটা খৰ মাৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ উপসভাপতি ৰাহুল গান্ধীয়ে । উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীয়ে আৰ এছ এছ মহাত্মা গান্ধীৰ হত্যাত জড়িত নহয় বুলি যোৱা ২৪ আগষ্টত তেওঁৰ বিৰুদ্ধে থকা মানহানি গোচৰ নাকচ কৰাৰ বাবে জনোৱা আৱেদন কালি প্রত্যাহাৰ কৰি ৰাহুল গান্ধীয়ে তেওঁ পূৰ্বৰ বক্তব্যতে অটল থাকে । ৰাহুল গান্ধীৰ হৈ জ্যেষ্ঠ অধিবক্তা স্থিতিতে অটল থকা বুলি উল্লেখ কৰি নিন্ন আদালতত শুনানিৰ বাবে সাজু বুলি মন্তব্য কৰে। অৱশ্যে উচ্চতম ন্যায়ালয়ে নিন্ন আদালতত ৰাহুল গান্ধীক সোঁশৰীৰে শুনানিৰ বাবে হাজিৰ হােৱাৰ পৰা ৰেহাই নিদিলে। ২৪ আগষ্টত ৰাহুল গান্ধীয়ে আৰ এছ এছ মহাত্মা গান্ধী হত্যাত জড়িত নহয় বুলি উচ্চতম পুনৰ আৰ এছ এছে। মহাত্মা গান্ধীক হত্যা কৰা মন্তব্যত অটল থকা বুলি সদৰী কৰাৰ লগে লগে তীব্র প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এইটাে ৰাহুল গান্ধীৰ আন এটা ওলোটা খৰ। এইটােৱে প্ৰমাণ কৰে যে কংগ্ৰেছ সত্যৰ সন্মুখীন হ’বলৈ সাজু নহয়। যদি তেওঁ এতিয়া শুনানিৰ সন্মুখীন হ’বলৈ সাজু হৈছে, তেতিয়াহ’লে কিয় বিগত দুবছৰ তাৰ পৰা আঁতৰি ফুৰিছে? উল্লেখ্য যে মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিবান্দীৰ দণ্ডাধীশৰ আদালতত চলি থকা এই গোচৰটোত এতিয়া ৰাহুল গান্ধীয়ে শুনানিৰ বাবে হাজিৰ হ’ব লাগিব। স্মর্তব্য যে বিগত সাধাৰণ নির্বাচনৰ এখন ৰাজহুৱা সভাত কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ হত্যাত আৰ এছ এছক জড়িত কৰি মন্তব্য দিছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment