কৃত্রিম নাটনিৰ ৰহস্য ভেদ ;; বিজয়নগৰত ১,৩৮,০৯৮ বেগ আলু জব্দ


কামৰূপ জিলা প্রশাসনে বিজয়নগৰৰ হুদুমপুৰস্থিত কামৰূপা ঠাণ্ডাঘৰ প্ৰাইভেট লিমিটেডত মজুত কৰি ৰখা ১ লাখ ৩৮ হেজাৰ ৯৮ বেগ আলু কালি আলু জব্দ কৰে। উক্ত স্থানৰ শীতলীকৰণ ভৰালত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ আলুখিনি চীল কৰি দিয়ে প্রশাসনে। উদ্যোগটিৰ মালিক হৈছে পংকজ কুমাৰ আগৰৱালা, মনােজ কুমাৰ চেষ্ঠীয়া আৰু অশোক কুমাৰ খান্দাল । বজাৰত দেখা দিয়া আলুৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগটােৰ মালিক পক্ষই আলুৰ কৃত্রিম নাটনি কৰি বৃহৎ পৰিমাণৰ আলুখিনি বজাৰত চৰা দামত বিক্ৰী কৰাৰ উদ্দেশ্যে মজুত কৰি ৰাখিছিল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে। ইয়াৰ পূর্বেও উক্ত উদ্যোগটােৰ মালিক পক্ষই বিভিন্ন সময়ত আলুৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কৃত্রিম নাটনিৰ সৃষ্টি কৰি মুনাফা লুটি অহাৰ অভিযোগ উত্থাপন হৈছে। এনে দীর্ঘদিনীয়া অভিযোগৰ ভিত্তিত কালি জিলা প্রশাসনে অভিযান চলাই বৃহৎ পৰিমাণৰ আলুখিনি জব্দ কৰিবলৈ সক্ষম হয়। প্রশাসনে উদ্যোগটাে ছীল কৰাৰ লগতে তাত জমা কৰা আলুৰ পৰিমাণ, ৰচিদ বাঁহী, শ্রমিকৰ সংখ্যা নির্ধাৰিত সময় আদি সন্দৰ্ভতো বুজ লয়। আনহাতে উদ্যোগটােৰ মালিক পক্ষই পানীৰ দৰত কৃষিভূমি ক্রয় কৰি উক্ত স্থানত আলুৰ শীতলীকৰণ ভৰালটাে স্থাপন কৰিছিল বুলি স্থানীয় লোকে অভিযোগ তোলে। স্থানীয় লোকে মজুত কৰি ৰখা আলুখিনি অতি কম মূল্যত পাইকাৰী হাৰত বিক্ৰী কৰাৰাে দাবী উত্থাপন কৰে। উল্লেখ্য যে এই ব্যৱসায়ী তিনিজনে এই বৃহৎ পৰিমাণৰ আলু লুকুৱাই ৰাখি কৃত্রিম নাটনি দেখুৱাই অধিক মূল্যত বিক্ৰী কৰি আহিছিল। যাৰ ফলত বজাৰত আলুৰ মূল্য ৩০ টকা পর্যন্ত পাইছে। শেহতীয়াকৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্দেশত জিলা প্রশাসনে তৎপৰ হৈ এই অভিযান চলাই বৃহৎ পৰিমাণৰ আলু জব্দ কৰিবলৈ সক্ষম হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment