জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে খানাপাৰাত হােৱা বৈঠকত মুখ্যমন্ত্রীয়ে জেহাদীৰ মূল ঘাটি ৰূপে চিনাক্ত হৈ অহা ৰাজ্যৰ চৰসমূহৰ ওপৰত চােকা নিজৰ দিবলৈ নির্দেশ দিয়া হৈছে। উল্লেখ্য যে পশ্চিমবংগৰ বর্ধমান বিস্ফোৰণত জড়িত থকা এজন বাংলাদেশী যুৱকক সন্ত্রাসবিৰােধী গোটে গ্রেপ্তাৰ কৰাৰ পাছত পুনৰ অসমৰ চৰ এলেকাত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি হােৱাটাে স্পষ্ট হৈছিল। বৰপেটা জিলাত আত্মগোপন কৰি জেদাহী নেটৱৰ্ক সম্প্রসাৰিত কৰা জাহিদুল ইছলামে নামনি অসমৰ চৰ এলেকাসমূহ ভ্ৰমণ কৰি জেহাদীৰ সমৰ্থক সংগ্ৰহ কৰাৰ তথ্য প্রকাশ কৰিছিল। মুখ্যতঃ এই দিশটােৰ প্ৰতি লক্ষ্য কৰিয়ে ৰাজ্যৰ বিভিন্ন চৰৰ ওপৰত চোকা নিজৰ ৰাখিবলৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নির্দেশ দিয়া হয়। একে সময়তে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে চৰ এলেকাৰ আৰক্ষী প্রশাসনৰ ক্ষেত্ৰত এক সুকীয়া পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰো নির্দেশ দিয়ে। এইক্ষেত্ৰত সংশ্লিষ্ট উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ পৰামর্শ থাকিলে সেই পৰামৰ্শসমূহ আগবঢ়াবলৈ নির্দেশ দিয়ে। মন কৰিবলগীয়া যে চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ভিন্ন প্রান্তত ২,৩০০খন চৰ এলেকা আছে। যোৱা সময়ছােৱাত এই চৰ এলেকাসমূহত ৰাজনৈতিক কাৰণতে আৰক্ষীয়ে কোনো ধৰণৰ নিজৰ দিবলৈ সক্ষম হােৱা নাছিল। কেইবাজনো যুৱকক চৰ এলেকাৰ পৰা গ্রেপ্তাৰ কৰাৰ পাছত জেহাদীৰ ঘাটি ৰূপে পৰিগণিত হৈছে চৰ এলেকা। এনে অৱস্থাত মুখ্যমন্ত্রীয়ে চৰ এলেকাৰ ওপৰত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক চোকা নজৰ দিবলৈ দিয়া নির্দেশে যথেষ্ট তাৎপর্য বহন কৰিছে। স্মর্তব্য যে অলপতে গৃহমন্ত্রী ৰাজনাথ সিঙেও মুখ্যমন্ত্রী সোণোৱালক জেহাদীৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণৰ পৰামর্শ দিছিল। ইফালে, আজি বৈঠকৰ অন্তত মুখ্যমন্ত্রীয়ে ইয়াকো ঘোষণা কৰে যে চৰ এলেকা উন্নয়নৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা কৰিব। সমান্তৰালভাৱে চৰ এলেকাসমূহৰ পৰা যাতে কোনো ধৰণৰ শাস্তি বিঘ্নিত হ’ব পৰা কার্যকলাপ নঘটে, সেই সম্পর্কে অসম আৰক্ষীয়ে চোকা নজৰ ৰাখিব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment