অসমৰ এটা চক্রই বহু জেহাদীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি তেওঁলোকক ভাৰতীয় সজাইছে। এই ক্ষেত্ৰত নাম ওলাই পৰিছে এগৰাকী মৌলবীৰ। তেওঁ হ’ল বৰপেটা জিলাৰ ভৱানীপুৰ থানাৰ অন্তর্গত কৰাগাড়ী গাঁৱৰ আৰবী শিক্ষক তথা মৌলবী আব্দুচ ছাত্তাৰ মিঞা। এইজন আব্দুচ ছাত্তাৰৰ সহযোগতে জেহাদী জাহিদুলে স্থানীয় বি এল অ' খলিলুৰ ৰহমানৰ জৰিয়তে ভোটাৰ তালিকাত নাম সুমুৱাইছিল। ইয়াৰ বাবে মৌলবী আব্দুচ ছাত্তাৰে ছাপাৰগুৰি গাঁৱৰ কাজিমুদ্দিন নামৰ লোকজনক জাহিদুলৰ পিতৃ সজাইছিল। এই প্রক্রিয়াৰে ছাপাৰগুৰি গাঁৱৰ ৫৬৯ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বি এল অ’গৰাকীৰ সহযোগত ২০১৩ চনত জাহিদুলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰে। ইয়াৰ পিচত ২০১৪ চনৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হয়। ইয়াৰ লগে লগে জেহাদীটােৰ নামত জাৰি হয় ভোটাৰ পৰিচয়পত্র (নম্বৰ-এম এছ আৰ ৫৯৪৩৮৩৯)। উল্লেখযোগ্য যে পাঁচ বছৰ পূর্বে বাংলাদেশৰ পৰা অনুপ্রৱেশ কৰা জেহাদী জাহিদুলে সৰুক্ষেত্রী সমষ্টিৰ সৰ্থেবাৰী থানাৰ অন্তর্গত ভক্তৰডবা নলীগাঁৱত আশ্রয় লৈছিল। গাঁওখনত ইদ্রিছ আলীৰ ঘৰত ভাড়াত থাকি ভক্তৰডবা বজাৰত জুৰিয়া বীজ ভাণ্ডাৰৰ কৰ্মচাৰী হিচাপে প্রায় তিনি বছৰ অঞ্চলটােত বাস কৰিছিল। সেই সূত্রে কৰাগাড়ী গাঁৱৰ মৌলবী আব্দুচ ছাত্তাৰ মিঞাৰ সৈতে জাহিদুলৰ সম্পর্ক গঢ়ি উঠে। দুবছৰ পূর্বে আব্দুচ ছাত্তাৰৰ লগ লাগি জাহিদুলে খৰমা বজাৰত ঈদৰ আগতীয়া নামাজ পাঠ কৰিছিল। ইটাৰভিঠাত ধর্মীয় সভা পাতিছিল। পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰবী শিক্ষক আব্দুচ ছাত্তাৰ মিঞাই জাহিদুলক ছাপাৰগুৰিৰ কাজিমুদ্দিনৰ ঘৰলৈ নিছিল। ছাত্তাৰৰ পৰামৰ্শমৰ্মে কাজিমুদিনে জাহিদুলক তৃতীয় পুত্ৰ বুলি পৰিচয় দি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা প্রক্রিয়াৰ কাম আৰম্ভ কৰে। ইয়াৰ বাবে প্রয়ােজনীয় বিদ্যালয়ৰ ভুৱা নথি-পত্ৰ যোগাৰ কৰে আব্দুচ ছাত্তাৰে। পৰৱতী সময়ত বি এল অ' খলিলুৰ ৰহমানৰ জৰিয়তে ভোটাৰ তালিকাত নাম সোমাই জাহিদুলৰি।
বাংলাদেশী জেহাদী স্বদেশী কৰাৰ চক্রান্ত :: ভোটাৰ তালিকাত নাম সুমুৱাইছিল এগৰাকী মৌলবীয়ে

0 comments:
Post a Comment