মোদীয়ে দুবছৰত ৪৬খন দেশ ভ্ৰমিলে;;৬৮খন দেশ ডিচেম্বৰৰ ভিতৰত ভ্ৰমণ কৰিব মোদীৰ সতীর্থই



Image result for narendra modi
প্রধান মন্ত্রী মোদীয়ে দুবছৰৰ ভিতৰতে ৪৬খন দেশ ভ্ৰমণ কৰিলেও তেওঁ অথবা তেওঁৰ অধীনৰ কোনো মন্ত্রী কিম্বা চৰকাৰী প্রতিনিধিয়ে আজিকোপতি বিশ্বৰ ৬৮খন দেশ ভ্ৰমণ কৰা নাই। বিষয়টোক লৈ উদ্বিগ্ন বৈদেশিক মন্ত্রণালয়ে চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত কেবিনেট কিম্বা স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীয়ে ৬৮খন দেশ ভ্ৰমণ কৰিব পৰাকৈ এক পৰিকল্পনা তৈয়াৰ কৰিছে। সেই অনুসৰি নৰেন্দ্র মোদীৰ কেবিনেটৰ প্রত্যেকজন মন্ত্রীৰ ভাগত দুখনকৈ দেশ ভ্ৰমণৰ দায়িত্ব পৰিছে।ইতিমধ্যে মোদীৰ কেবিনেট সতীৰ্থক দুখনকৈ দেশৰ বৈদেশিক মন্ত্রণালয়ে অনুৰােধ জনাইছে। বিশ্বৰ প্ৰায় ১৯০ স্বাধীন দেশৰ ইতিমধ্যে ৪৬খন কিম্বা তাতকৈ অধিক দেশ ভ্ৰমি প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে শেষ কৰিলে। তেওঁ বিচাৰে— বিগত দুই-আঢ়ৈ বছৰত এন ডি এ চৰকাৰৰ কোনো মন্ত্ৰীয়ে যি ৬৮খন দেশত ভৰি থোৱা নাই, সেই ৬৮খন দেশতো তেওঁৰ প্রতিনিধিয়ে ভৰি থওক, যাতে এই দেশসমূহৰ সৈতে মোদী চৰকাৰৰ সমন্বয় আৰু সম্পর্ক স্থাপন হয়। যোৱা জুনতে এনে ইংগিত প্রদান কৰি সুষমা স্বৰাজে ঘোষণা কৰিছিল ২০১৬ চনৰ শেষলৈ মোদী চৰকাৰে বিশ্বৰ প্ৰত্যেকখন দেশৰ সৈতে সম্পর্ক স্থাপন কৰিব। সেই ঘোষণা এইবাৰ কাৰ্যকৰী হােৱাৰ পথত। তেওঁ প্রকাশ কৰা মতে এফ ডি আই কাৰ্যকৰী হােৱাৰ পিছত দেশলৈ ৩৬৯,০০০ কোটি টকাৰ বিনিয়োগ অহাৰ পথ তৈয়াৰ হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment