প্রথিতযশা শিল্পী প্রভাত শৰ্মালৈ কমল নাৰায়ণ চৌধুৰী বঁটা



প্রথিতযশা সংগীত শিল্পী-সুৰকাৰ প্রভাত শৰ্মাক কমল নাৰায়ণ চৌধুৰী বঁটাৰ বাবে বাছনি কৰা হৈছে । যশস্বী চলচ্চিত্র নির্মাতা, সংগীত শিল্পী কমল নাৰায়ণ চৌধুৰীৰ জন্মশতবর্ষ উপলক্ষে অহা ২১ ছেপ্টেম্বৰত মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উক্ত দিনাই চলিত বৰ্ষৰ পৰা প্রৱর্তন কৰিবলৈ লোৱা কমল নাৰায়ণ চৌধুৰী বঁটাও প্রদান কৰা হ’ব বুলি কমল নাৰায়ণ চৌধুৰী ন্যাস আৰু শিল্পীগৰাকীৰ জনাইছে।বঁটা প্রদান অনুষ্ঠানলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকো আমন্ত্রণ জনোৱাৰ লগতে উক্ত দিনা সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত কমল নাৰায়ণ চৌধুৰীৰ গীত-মাত পৰিবেশন কৰা হ’ব বুলিও ন্যাস আৰু জন্ম শতবর্ষ উদযাপন সমিতিয়ে জনাইছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment