
ছ’চিয়েল মিডিয়াত কলকাতা মহানগৰীৰ এখন জনপ্রিয় ৰেস্তোৰী বর্তমান ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈছে। যিটো কাৰণত ৰেস্তোৰীখন চৰ্চালৈ আহিছে। সেয়া জানিলে সকলোৱেই আচৰিত হ’ব। “মকেম্ব’ ৰেস্তোৰা” নামৰ এই জনপ্রিয় ৰেস্তোৰীখনলৈ হেনো সকলো ধৰণৰ মানুহেই আহিব পাৰে। জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো লোকেই ইয়াত প্ৰৱেশ কৰি সুন্দৰ আহাৰৰ জুতি ল’ব পাৰে। কিন্তু অলপতে এগৰাকী মহিলাই ৰেস্তোৰীখনত সন্মুখীন হােৱা অপ্রীতিকৰ পৰিস্থিতিয়ে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে যে সঁচাকৈয়ে ৰেস্তোৰীখনে ধনী-দুখীয়া আদি লোকক আহাৰ গ্ৰহণ কৰিবৰ বাবে সুবিধা প্রদান কৰেনে ? কিয়নো দিলাম্বী হেমনানী নামৰ মহিলাগৰাকীয়ে অলপতে তেওঁৰ ড্রাইভাৰজনৰ সৈতে ৰেস্তোৰীখনত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যায়। কিন্তু তেওঁৰ ড্রাইভাৰজনৰ পোছাক উন্নত মানৰ নোহােৱা বাবেই ৰেস্তোৰীখনৰ কর্তৃপক্ষই তেওঁলোকক সোমাবলৈ নিদিলে। ড্রাইভাৰজনে অপৰিষ্কাৰ কাপোৰ পৰিধান কৰা বাবেই তেওঁলোকে ড্রাইভাৰজনক প্ৰৱেশ কৰিবলৈ নিদিলে। মহিলাগৰাকীয়ে বাৰম্বাৰ অনুৰােধ কৰাৰ পিছতো ৰেস্তোৰীৰ কর্তৃপক্ষই কোনােপধ্যেই ড্রাইভাৰজনক ভিতৰলৈ যাবলৈ নিদিলে। ফলত তেওঁলোকে ৰেস্তোৰীখনৰ দুৱাৰমুখৰ পৰা ঘূৰি আহিবলৈ বাধ্য হয়। পিছত মহিলাগৰাকীয়ে ফেচবুকৰ জৰিয়তে এই কথা প্রকাশ কৰাত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয়। ড্রাইভাৰজনে পৰিষ্কাৰ-পৰিচ্ছন্ন পোছাকৰ অভাৱৰ বাবেই তেওঁ ৰেস্তোৰাখনৰ আহাৰ গ্ৰহণ কৰিবলৈ যোগ্যতা অর্জন নকৰাটাে আশ্চর্যজনক বুলি একাংশ লোকে ফেচবুকত মত প্রকাশ কৰে। আনকি ৰেস্তোৰীখনত নিতৌ আহাৰ গ্ৰহণ কৰা একাংশ গ্রাহকে তালৈ যোৱাটো বন্ধ কৰিব বুলিও ঘোষণা কৰিছে।
0 comments:
Post a Comment