আধাৰকার্ড বাধ্যতামূলক হ’ব ৰে’লৰ টিকট বুকিং কৰাৰ ক্ষেত্ৰত

Image result for adhar card
অচিৰেই ৰে’লৰ টিকট বুকিং কৰাৰ হৈছে ক্ষেত্ৰত অচিৰেই আধাৰকার্ড বাধ্যতামূলক হ’ব আধাৰকার্ড। কেন্দ্রীয় চৰকাৰৰ এটা সূত্রই এই কথা প্রকাশ কৰিছে। উল্লেখ্য, দীর্ঘদিনৰ পৰা ভাৰতীয় ৰে’ল বিভাগে ৰে’লৰ টিকটৰ ক্ষেত্ৰত আধাৰকৰ্ডৰ সবিশেষ জনােৱাটাে বাধ্যতামূলক কৰাৰ চিন্তা-চৰ্চা কৰি আহিছিল। কিন্তু এতিয়া অহা পোন্ধৰ দিনৰ ভিতৰত কেন্দ্রীয় ৰে’ল মন্ত্রণালয়ে চূড়ান্ত সিদ্ধান্ত ল'ব। আধাৰকৰ্ডৰ সবিশেষ তথ্য আগবঢ়োৱাৰ বাবে প্রস্তুত কৰা চূড়ান্ত প্রস্তাৱক অতি সোনকালেই চৰকাৰে অনুমোদন জনাব। অনুমোদন জনোৱাৰ পিছতেই ৰেলযাত্ৰীসকলে সংৰক্ষিত আৰু অ-সংৰক্ষিত টিকটৰ বাবে আধাৰকাৰ্ডৰ সবিশেষ জনাব লাগিব। অনলাইন আৰু কাউণ্টাৰত টিকট কটাৰ সময়ত যাত্ৰীসকলে আধাৰকৰ্ডৰ সবিশেষ দিব লাগিব। নহ’লে ৰে’লৰ টিকট নাপাব। উল্লেখ্য, বর্তমান দেশত ১০৫.১৫ কোটি আধাৰকার্ড বিতৰণ কৰা হৈছে , অৱশ্যে, অসম আৰু মেঘালয়ৰ কিছু কিছু স্থানত আধাৰকার্ড দিয়া নাই।
Share on Google Plus

About Unknown

0 comments:

Post a Comment