জেহাদী ব্লাড ৰোজ’ৰ আতংক::লক্ষ্য খলিফা ৰাষ্ট্র:: বাংলাদেশৰ পৰাই ইণ্টাৰনেটযোগে তৎপৰ জেএমবি

অসম-পশ্চিমবংগসহ ভাৰত উপমহাদেশৰ বৃহত্তৰ অংশক ‘খলিফা ৰাষ্ট্ৰত অন্তর্ভুক্ত কৰাৰ লক্ষ্যৰে নানা ভয়াৱহ ব্ল-প্ৰিণ্ট ৰচনা কৰিছে ‘জামাত-উল-মুজাহিদীন, বাংলাদেশ”(জেএমবি)-এ। তথাকথিত 'জিহাদ' সম্প্রসাৰিত কৰিবলৈ ৰাজ্যত ঘাটি পতা সন্ত্রাসবাদী সংগঠনটােৰ কেইবাজনো নেতা-সদস্য জালত পৰাৰ পাছত এনে ব্ল-প্ৰিণ্টক বাস্তৱ ৰূপ দিয়াৰ তৎপৰতা অব্যাহত আছে। অতি শেহতীয়াকৈ ভাৰতীয় চোৰাংচোৱা সংস্থাই লাভ কৰিছে। "ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড ছিৰিয়া” (আইছিছ)ৰ মদতপুষ্ট জে এম বিৰ তৎপৰতাত কেতবোৰ বিস্ফোৰক তথ্য। চোৰাংচোৱাৰ এক শীর্ষস্থানীয় সূত্রই জানিবলৈ দিয়া মতে, জে এম বিয়ে সম্প্রতি এটি বিশেষ মহিলা শাখা গঠন কৰিছে। যাৰ নাম দিয়া হৈছে "ব্লাড ৰােজ’। আইছিছৰ আৰ্হিত বাংলাদেশত গঠিত এই মহিলা শাখাটােৰ মূল কাম হ’ল, ‘জিহাদ'ৰ প্ৰতি মুছলমান যুৱক-যুৱতীক আকৰ্ষিত কৰা। ইয়াৰ বাবে পূৰ্বৰ শ্ৰীপাৰ চেল’ গঠনৰ পৰিৱৰ্তে 'ব্লাড ৰােজ’-এ মাধ্যম হিচাপে লৈছে ইণ্টাৰনেটক। ইতিমধ্যে বাংলাদেশৰ 'ৰেপিড একচন বেটেলিয়ন’ (ৰোব)-এ 'ব্লাড ৰােজ’ সন্দৰ্ভত বহু গুৰুত্বপূর্ণ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। লগে লগে এই চুবুৰীয়া ৰাষ্ট্ৰখনৰ তৰফৰ পৰা অনানুষ্ঠানিকভাৱে অৱগত কৰায় ভাৰতীয় চােৰাংচােৱা সংস্থােক। ইয়াৰ ওপৰত ভিত্তি কৰি সূত্ৰটােৱে প্ৰকাশ কৰা অনুসৰি, 'ৰেবি”-এ অলপতে অভিযান চলাই ডাঃ ইছতিছনা আক্তাৰ ঐশী আৰু সানাৰত বিশ্ববিদ্যালয়ৰ ৩গৰাকী ছাত্রী ক্রমে আকলিমা ৰহমান মণি, ইছৰাত জাহান সীে আৰু খাদিজা পাৰভিন মেঘলাৰক গ্রেপ্তাৰ কৰিছিল। ধুত তথ্য পোহৰলৈ আনে। জে এম বিৰ এই মহিলা শাখাটােত আছে ৮ গৰাকী সদস্যা। প্রত্যেকেই উচ্চ শিক্ষিতা। তেওঁলোকে প্রধানতঃ আইছিছৰ মুখপত্র ‘দাবিক’ৰ লগতে বিভিন্ন অডিঅ'-ভিডিঅ’ বার্তা আৰু 'জিহাদ' সম্পৰ্কীয় তথ্য ইণ্টাৰনেটৰ মাধ্যমেৰে প্ৰচাৰ কৰে। বাংলাদেশৰ তৰফৰ পৰা এই ৮ মহিলা জেহাদীৰ নামো ভাৰতীয় চোৰাংচোৱা সংস্থাক অৱগত কৰােৱা হৈছে। সেই অনুসৰি, ব্লাড ৰোজ’ৰ সদস্যসকলৰ নাম হ’ল— তাছনুবা ওৰফে আহিৰা, সাইমুনা ওৰফে মাহমুদা ওৰফে লাইলা, আলিয়া ওৰফে তিন্নি ওৰফে তিলী, মনিৰা জাহান ওৰফে সিলি, ছাবিহা ওৰফে জিতু, সাফিয়া ওৰফে ছান।জিদা ওৰফে ঝিনুক, দিনাত জাহান ওৰফে নডমী ওৰফে বাণী আৰু তানজিলা ওৰফে সুন্নী। তদুপৰি জে এম বিৰ নেটৱৰ্ক সম্প্রসাৰণত ইণ্টাৰনেট ব্যৱহাৰৰ সময়ত এই ৮ মহিলা জেহাদীয়ে ‘কোড” নামো ব্যৱহাৰ কৰে। উল্লেখ্য যে কলকাতা আৰক্ষীৰ ‘স্পেচিচেল টাস্ক ফ’ৰ্চ’-এ অভিযান চলাই অসমৰ শ্বাহিদুল ইছলাম আৰু ৰাজ্যত ঘাটি পতা বাংলাদেশী নাগৰিক জাহিদুল ইছলামসহ ৬জনকৈ দুর্ধর্ষ জেহাদীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হােৱাৰ সময়তে “ব্লাড ৰােজ’ সম্পর্কীয় এই তথ্য যথেষ্ট গুৰত্বপূৰ্ণৰূপে বিবেচিত হৈছে। লক্ষণীয় কথাটাে হ’ল, ইণ্টাৰনেট যে আইছিছ তথা 'জিহাদ’ৰ মতাদর্শ ইণ্টাৰনেটযোগে প্ৰচাৰৰ ক্ষেত্ৰত ইতিমধ্যে অন্যতম স্থান হিচাপে চিহ্নিত হৈছে অসম আৰু ৰাজধানী মহানগৰ গুৱাহাটী। সেইফালৰ পৰা জে এম বিৰ এই মহিলা গোট গঠন সম্পাকীয় তথ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কিদৰে লয়, সেয়া লক্ষণীয় হ’ব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment