আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ বৰুৱাই আলফা (স্বাধীন)ৰ দুটা গুৰুত্বপূর্ণ পদ পূৰণৰ বাবে তৎপৰ হৈ পৰিছে। ইতিমধ্যে নিষিদ্ধ ঘোষিত সংগঠনটোৰ সভাপতি ডাঃ অভিজিৎ অসমৰে আলোচনামর্মে মুখ্য সেনাধ্যক্ষ বৰুৱাই এই সম্পৰ্কীয় যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। বাকী কেৱল আনুষ্ঠানিক ঘোষণাহে। একাংশ সংবাদ মাধ্যমৰ চৰ্চা অনুসৰি আলোচনাপন্থী শিবিৰত চামিল হােৱাৰ পাছত অনুপ চেতিয়াৰ স্থানত আলফা (স্বাধীন)ৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হ’ব ভাস্কৰ বৰা ওৰফে ভাস্কৰ অসম। সেইদৰে ড° প্ৰাণময় অসমক বৈদেশিক সচিবৰ দায়িত্ব দিয়া হ’ব। বিভাজনৰ পূর্বে আলফাত এই পদটােত আছিল শশধৰ চৌধুৰী।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment