বাংলাদেশৰ ম’ষ্টৱাণ্টেড সন্ত্রাসবাদী সংগঠন জামাতুল মুজাহিদীৰ শীর্ষনেতা জাহিদুল ইছলাম ওৰফে জাবিৰুল ইছলাম বিশেষ সুৰক্ষা বাহিনীৰ হাতত গ্রেপ্তাৰ হােৱাৰ পিছত ন ন তথ্য পোহৰলৈ আহিছে। এই তথ্যসমূহে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা কিমান শিথিল সেয়া প্রতিপন্ন কৰিছে। এজন বাংলাদেশী সন্ত্ৰাসবাদীয়ে অনায়াসে ভাৰতৰ মাটিত পাঁচ বছৰপর্যন্ত মুকলিভাৱে বাস কৰাই নহয় আনকি নাগৰিকত্বপর্যন্ত লাভ কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে। দেশৰ অখণ্ডতা আৰু সার্বভৌমত্বৰ প্ৰতিয়েই তীব্র প্রত্যাহ্বান কঢ়িয়াব পৰা এনে তথ্য পোহৰলৈ অহাৰ পিছতেই ওলাই পৰিছে চৰকাৰৰ গৃহবিভাগৰ প্রকৃত স্বৰূপ। বিশেষকৈ জামাতুল মুজাহিদীন বাংলাদেশৰ দুর্ধর্ষ জেহাদী জাহিদুল ইছলামে কেনেকৈ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল সেই কথাক লৈ সৃষ্টি হৈছে চৰম কৌতুহলৰ।ভক্তৰদবানলীগাঁৱত বাহৰ পাতি থকা অৱস্থাতে বাংলাদেশৰ জেহাদীটােৱে সৰুক্ষেত্রী সমষ্টিৰে ছাপাৰবৰি গাঁৱৰ বাসিন্দা হিচাপে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰে। ছাপাৰবৰি গাঁৱৰ ৫৬৯ নম্বৰ ছাপাৰবৰি প্রাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰে। গাঁওখনৰ ১০৩নং ঘৰৰ ৩৭২ ক্ৰমিক নম্বৰত কাজিমুদ্দিন নামৰ লোকজনৰ পুত্ৰ হিচাপে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰে জাহিদুলে। এম এছ আৰ ৫৯৪৩৮৩৯ নম্বৰৰ ভোটাৰ পৰিচয়-পত্ৰত জাবিৰুল ইছলাম নাম লৈ ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰে। দুর্ধর্ষ জেহাদীটােৱে। ভোটাৰ তালিকাখনত জাবিৰুলৰ এককভাৱে নাম সন্নিৱিষ্ট কৰাৰ লগতে বয়স উল্লেখ কৰিছে ২৫ বছৰ। এটা বাংলাদেশী দুর্ধর্ষ জেহাদীয়ে কিদৰে অতি অনায়াসে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰিব পাৰিলে সেয়াহে ৰহস্যজনক।আমাৰ হাতত পৰা তথ্য অনুসৰি দুর্ধর্ষ জেহাদী জাহিদুলে জাবিৰুল ইছলাম নাম লৈ বৰপেটা জিলাৰ সৰুক্ষেত্রী সমষ্টিৰ অন্তর্গত সৰ্থেবাৰী থানাৰ ছপাৰবৰি গাঁৱৰ বাসিন্দা হিচাপে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বিশেষকৈ কাছাৰত কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চেবাংলাদেশৰনাগৰিকতথা দুর্ধর্ষ জেহাদীজাহিদুল ইছলামক গ্রেপ্তাৰ কৰাৰ পিছৰে পৰাই জেহাদীটােৰ তথ্য সংগ্ৰহত লাগি থকা অৱস্থাতে আমাৰ অনুসন্ধানত পোহৰলৈ আহে। এই ভয়ংকৰ তথ্য। আমাৰ হাতত পৰা তথ্য অনুসৰি ২০১৪ চনৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছিল বাংলাদেশী দুর্ধর্ষ জেহাদীটােৱে৷ উল্লেখ্য, প্রায় ৫ বছৰ পূর্বে অসম-বাংলাদেশ সীমান্তৰে অসমত সোমাইছিল জামাত-উলমুজাহিদীন বাংলাদেশৰ দুর্ধর্ষ জেহাদীজাহিদুল ইছলাম। অসমত সোমাই বৰপেটাৰ ভক্তৰদবা-নলীগাঁৱত বাহৰ পাতিছিল জেহাদীটোৱে। অসমৰ জেহাদী কার্যকলাপৰ মাষ্টাৰ মাইণ্ড শ্বাহানুৰ আলম ওৰফে ডাক্তৰ বাবুৰ জৰিয়তে ভক্তৰদবা-নলীগাঁৱত আশ্ৰয় লৈছিল জাহিদুলে। বিশেষকৈ শ্বাহানুৰ আলমে ভক্তৰদবা বজাৰত দাঁতৰ চিকিৎসা চলোৱাৰ অচিলাৰে অঞ্চলটােত জাল পেলাইছিল জেহাদৰ।। শ্বাহানুৰে ভক্তৰদবা বজাৰত যিখন দোকান ভাৰালৈ দাঁতৰ চিকিৎসা চলাইছিল, সেই ঘৰটােৰে গৰাকী নলীগাঁৱৰ ইদ্রিছ আলীৰ ঘৰত জাহিদুলক থকা-খোৱাৰ ব্যৱস্থা কৰি দিছিল। ইয়াৰ পিছতে দুর্ধর্ষ জেহাদী জাহিদুলৰ পৰিচয় গোপন কৰি দোকানৰ কামত সুমুৱাই দিয়া হৈছিল। প্রায় তিনিবছৰ কাল ভক্তৰদবা বজাৰত সাৰৰ দোকানৰ কৰ্মচাৰী হিচাপে থকা জাহিদুলে। আনকি এই সময়ছোৱাতেই নলবাৰী জিলাৰ বনকুৰা নামৰ গাঁওখনৰ এগৰাকী কিশোৰীক বিবাহাে কৰায়। ইদ্রিছ আলীৰ ঘৰত থাকিয়েই বনকুৰা গাঁৱৰ পৰা কিশোৰীগৰাকীক বিবাহ কৰাই আনিছিল জাহিদুলে। এই বিয়াত জেহাদী শ্বাহানুৰ আলমৰ লগতে বহুসংখ্যক সন্দেহজনক লোকে অংশগ্রহণ কৰাৰ কথাও সম্প্রতি পোহৰলৈ আহিছে।
অসমৰ ভোটাৰ তালিকাত নাম বাংলাদেশীৰ কুখ্যাত জেহাদী জাহিদুলৰ:: ন ন তথ্য প্রকাশ

0 comments:
Post a Comment