প্রায় ১০ লাখতকৈও অধিক লোকে দৈনিক ৰে’লৰ টিকট নোপোৱাৰ বাবে ৰে’লযাত্রা বাতিল কৰিবলগা হয়। ৰে’লযাত্রী ডট ইনৰ শেহতীয়া এক সমীক্ষাত এই তথ্য প্রকাশ ।। দীর্ঘ যাত্ৰাৰ ৰে’লসমূহৰ ক্ষেত্ৰত বহু দিন ধৰি চাহিদা আৰু যোগানৰ মাজত ব্যাপক পার্থক্য দেখা গৈছে। নির্দিষ্ট ৰে’লত উপলব্ধ আসনৰ তুলনাত অধিক লোকে যাত্ৰা কৰিব বিচাৰে। কিন্তু এই পার্থক্য কেতিয়াও নির্ধাৰণ কৰিব পৰা নাযায়। ২০১৬ চনৰ জানুৱাৰীৰ পৰা ৰে’লযাত্রী ডট ই নে সমগ্ৰ ভাৰততে একেৰাহে এই পার্থক্যসমূহৰ বিশ্লেষণ কৰি আহিছে। দেশৰ ৰে’লযাত্ৰীসকলৰ তথ্যৰ পৰা চলোৱা সমীক্ষাত প্রকাশ পোৱা অনুসৰি প্ৰায় ১০/১২ লাখ ভ্ৰমণকাৰীয়ে দৈনিক হিচাপত ৰে’লৰ টিকট নোপোৱাৰ বাবে ৰে’লযাত্ৰা কৰিব নোৱাৰে। এইসকল যাত্ৰীৰ টিকট ‘অপেক্ষাৰত যাত্ৰীৰ তালিকা’ত থাকে আৰু তেওঁলোকৰ টিকট নিশ্চিত নহয়।শতকৰা হিচাপত দৈনিক দীর্ঘ যাত্ৰা ৰে’লৰ টিকট নোপোৱাৰ বাবে যাত্রা কৰিব নোৱৰা যাত্ৰীৰ হাৰ হৈছে প্রায় ১৩ শতাংশ। ভ্রমণ বৃদ্ধিৰ সময়ছােৱাত এই হাৰ ১৯ শতাংশ পর্যন্ত বৃদ্ধি পায়। এই সন্দৰ্ভত ৰে’লযাত্রী ডট ইনৰ মুখ্য কার্যবাহী বিষয়া তথা সহঃ প্রতিষ্ঠাপক মনীষ ৰাখীয়ে কয়— ‘সাম্প্রতিক সময়ত পৰিবহণৰ বহু নতুন পথ মুকলি হৈছে যদিও দীর্ঘ দূৰত্ব যাত্ৰাৰ বাবে বহু লোকে ৰে’লকে আগস্থান দিয়ে। দিনক দিনে ৰে’লত যাত্ৰা কৰা লোকৰ হাৰ বৃদ্ধি পাব ধৰিছে। দৈনিক এতিয়া ভাৰতত ১০০ খনতকৈও অধিক ৰে’লৰ প্রয়োজন হৈ পৰিছে।”
Home / ৰে’লযাত্রা
/ প্রায় ১০ লাখ লোকে দৈনিক টিকট নোপোৱাৰ বাবে ৰে’লযাত্রা বাতিল কৰে ::ডট ইনৰ সমীক্ষা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment