মাৰ্ঘেৰিটাত কয়লা মাফিয়াৰ মাফিয়াৰাজ;; সাংবাদিকৰ দলক আক্রমণ;;আজি মাৰ্ঘেৰিটা বন্ধ


চোৰাং কয়লা ব্যৱসায়ৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মাৰ্ঘেৰিটাৰ স্থানীয় সাংবাদিকৰ দলক দুই কয়লা মাফিয়াই শাৰীৰিকভাৱে আক্রমণ কৰি মাফিয়াৰাজ চলোৱা ঘটনাক কেন্দ্ৰ কৰি সম্প্রতি মাৰ্ঘেৰিটা মহকুমাত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে। । ঘটনা সন্দৰ্ভত জানিব পৰামতে লিডু আৰক্ষী চকীৰ অন্তর্গত ইটাখোলা অঞ্চলৰ চুৰি কয়লাভর্তি গাড়ী সৰবৰাহ হৈ থকাৰ খবৰ লাভ কৰি যোৱা নিশা প্রায় ১১ বজাত উক্ত স্থানত ৬ জনীয়া এটা সাংবাদিকৰ দল উপস্থিত হয়। বৈদ্যুতিন মাধ্যমৰ সাংবাদিকৰ দলটােৱে চােৰাং কয়লাৰ ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰি থকা অৱস্থাতেই প্রায় ১৫ জনীয়া গুণ্ডাবাহিনীসহ উক্ত স্থানত উপস্থিত হয় বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ দুই কয়লা মাফিয়া ক্ৰমে কুলদীপ সিংহ আৰু সঞ্জীৱ চেতিয়া। কয়লা মাফিয়াৰ দলটােৱে কোনো সোধা-পোছ নকৰাকৈ সাংবাদিকৰ দলটােৰ ওপৰত জপিয়াই পৰে। ইটা, লাঠি আদিৰে আক্রমণ কৰাত প্রতিদিন টাইম’ৰ মাৰ্ঘেৰিটাৰ সংবাদদাতা মনোজ দত্ত গুৰুতৰভাৱে আহত হােৱাৰ লগতে 'প্রতিদিন টাইম’ৰ মাৰ্ঘেৰিটাৰ কেমেৰা পাৰ্ছন। প্রশান্ত চেতিয়াও আহত হয়। কয়লা মাফিয়াৰ নৃশংসতাত সাংবাদিক মনােজ দত্তৰ মূৰত চিলাই পৰাৰ লগতে কামিহাড়পর্যন্ত ভাগি যোৱা বুলি জানিব পৰা গৈছে। ইপিনে আন চাৰিগৰাকী সাংবাদিকে কোনােমতে প্ৰাণ ৰক্ষা কৰি নিশাই লিড় আৰক্ষী চকীত আশ্রয় লয়হি। পিচত ঘটনা সন্দৰ্ভত সাংবাদিকৰ দলটােৱে লিডু আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯/৩২৫/৩২৩/৩০৭/৩৮৪ ধাৰাৰ অধীনত ২১৩/১৬ নম্বৰৰ এক গোচৰ পঞ্জীভুক্ত হয়।ণতন্ত্রৰ চতুর্থ স্তম্ভৰ ওপৰত হােৱা এনে বর্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দি অভিযুক্ত দুই কয়লা মাফিয়াক গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি প্রদান কৰা আৰু মাৰ্ঘেৰিটা-লিডুত চলি থকা চােৰাং কয়লাৰ ব্যৱসায় শীঘ্ৰে বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পথৰ ওপৰত টায়াৰ জুলাই ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰােধ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে।তদুপৰি মাৰ্ঘেৰিটা যুৱ কংগ্ৰেছ কমিটীয়ে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ধর্ণ দি প্রতিবাদ সাব্যস্ত কৰে। তদুপৰি সাংবাদিক নিগ্ৰহৰ ঘটনাত জড়িত কয়লা মাফিয়াক গ্রেপ্তাৰ আৰু মাৰ্ঘেৰিটা-লিডুত চলি থকা চােৰাং কয়লাৰ বেহা শীঘ্ৰে বন্ধ কৰাৰ দাবীত মাৰ্ঘেৰিটা মহকুমা সাংবাদিক সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া মাৰ্ঘেৰিটা মহকুমা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment