উত্তৰ প্রদেশ চৰকাৰৰ “সৌহার্দ্য সন্মান’ জি এল আগৰৱালালৈ;; মুখ্য মন্ত্রীয়ে প্রদান কৰিব নগদ দুই লাখ টকাসহ সন্মানজনক বঁটা


উত্তৰ প্রদেশ চৰকাৰে জি এল পাব্লিকেশ্বনছৰ অধ্যক্ষ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ দৈনিক হিন্দী কাকত ‘পূর্বাঞ্চল প্ৰহৰী'ৰ সম্পাদক , স্বপ্নদ্রষ্টা জি এল আগৰৱাললৈ আগবঢ়াইছে সন্মানীয় ‘সৌহার্দ সন্মান' হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে অসমীয়া আৰু হিন্দী ভাষাৰ মাজত সমন্বয় স্থাপনৰ বাবে আজীৱন অহােপুৰুষাৰ্থ কৰি অহাৰ বাবে আগৰৱালালাক এই সন্মান প্রদান কৰিছে উত্তৰ প্রদেশ চৰকাৰে। অহা ১৪ ছেপ্টেম্বৰত লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া এখন গাম্ভীর্যপূর্ণ সভাত এই সন্মান প্রদান কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী অখিলেশ যাদৱে। এই সন্মানৰ লগত আগৰৱালাক প্রদান কৰা হ’ব স্মাৰক, প্রশক্তি-পত্ৰ আৰু নগদ দুই লাখ টকা। উত্তৰ প্রদেশ চৰকাৰৰ পৰা ‘সৌহার্দ্যসন্মান লাভ কৰা জি এল আগৰৱালা প্ৰথমগৰাকী সম্পাদক। উল্লেখ্য, অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি গভীৰ দায়িত্ববোধ অনুভৱ কৰি অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনৰ সর্বাংগীণ বিকাশৰ বাবে অহােপুৰুষাৰ্থ কৰি অহা জি এল আগৰৱালাই ২০১৩ বৰ্ষত অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশনত আদৰণী সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰি বৰপেটা ৰােড অধিৱেশন সফল কৰি তুলিছিল। তদুপৰি ৰাজ্য ভাষা আইন প্রচলনৰ ক্ষেত্ৰতো অগ্রণী ভূমিকা গ্রহণ কৰা আগৰৱালাই সর্বস্তৰত ৰাজ্য ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সমগ্র ৰাজ্যতে বিশেষ পুস্তিকা প্রকাশ কৰি বিতৰণ কৰিছিল। বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ এগৰাকী পুৰােধা ব্যক্তি জি এল আগৰৱালালৈ উত্তৰ প্রদেশ চৰকাৰে আগবঢ়োৱা সন্মানীয় ‘সৌহার্দ্য’। সন্মানৰ বাবে গুণমুগ্ধ শুভাকাংক্ষীসকলে আনন্দ প্রকাশ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment