বেংক অব ইণ্ডিয়াত ১০০ কোটিটকীয়া চেক জালিয়াতি কাণ্ড;;প্রবন্ধকসহ ৬জনক গ্রেপ্তাৰ

বেংক অব ইণ্ডিয়াৰ ওদালবাক্রা শাখাত কোটিটকীয়া চেক জালিয়াতি কাণ্ড সংঘটিত হৈছে । আৰক্ষীৰ অপৰাধ শাখাই গুয়াহাটীৰ পাণবজাৰৰ পৰা দুটা প্ৰৱঞ্চকক গ্রেপ্তাৰ কৰাৰ পিচত কালি উক্ত ঘটনাত জড়িত বেংক অব ইণ্ডিয়াৰ ওদালবাক্রা শাখাৰ প্ৰবন্ধকসহ চাৰিজনক গ্রেপ্তাৰ কৰিছে। গ্রেপ্তাৰ হােৱা বেংক প্রবন্ধকজন হৈছে সত্যেশ্বৰ বড়ো | আৰক্ষীৰ অপৰাধ শাখাৰ অভিযানত গ্রেপ্তাৰ হয় প্রিষ্টিন কেব তথা নীলাচল চিমেণ্টৰ সঞ্চালক ৰাকেশ সিং আৰু ব্যৱসায়ী বেদান্ত বৰুৱা। গ্রেপ্তাৰ হােৱা আন এজনৰ তথ্য এইপৰ্যন্ত আৰক্ষীয়ে প্রকাশ কৰা নাই। ঘটনা সন্দৰ্ভত অলপতে পাণবজাৰৰ পৰা গ্রেপ্তাৰ হৈছিল আৰ্জব শৰ্মা আৰু প্রসূন বাসাক নামৰ দুটা প্ৰৱঞ্চক। চক্ৰটােৰ কবলৰ পৰা আৰক্ষীয়ে প্রায় এশ কোটি টকাৰ ভুৱা চেক জব্দ কৰিছে। উল্লেখ্য যে কালি বেংক অব ইণ্ডিয়াৰ পাণবজাৰ থানাত ১৯ কোটি ৪১ লাখ ৩১ হেজাৰ টকাৰ চেক জমা দিবলৈ আহি আৰ্জব শৰ্মা আৰু প্রসূন বাসাক প্ৰৱঞ্চক দুটা গ্রেপ্তাৰ হৈছিল। আৰক্ষীৰ জেৰাত ধৃত প্ৰৱঞ্চকদ্বয়ে সদৰী কৰা অনুসৰি আৰক্ষীয়ে পুনৰ অভিযান চলাই বাকীকেইজনক গ্রেপ্তাৰ কৰে। চক্ৰটােৰ পৰা ১০০ কোটি টকাৰ চেক জব্দ কৰে। উল্লেখযোগ্য যে চক্ৰটােৰ পৰা জব্দ কৰা চেকসমূহ ‘মহাৰাষ্ট্র প্রাথমিক শিক্ষণ পৰিষদ’ নামৰ মহাৰাষ্ট্ৰৰ ৰাজ্যিক কার্যালয় এটাৰ নামত আছিল। জালিয়াতিৰ এশ কোটিটকীয়া চক্ৰৰে বেংক প্রবন্ধক তথা প্রতিষ্ঠিত ব্যৱসায়ীও জড়িত হৈ পৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে আৰক্ষীৰ আন এক সূত্রই সদৰী কৰামতে কলকাতাৰ জে এছ ডব্লিউ নামৰ প্ৰতিষ্ঠান এটাও এই চক্ৰৰে প্ৰত্যক্ষভাৱে জড়িত। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অপৰাধ শাখাই অনুসন্ধান অব্যাহত ৰাখিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment